নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চমন জাৰিৰ পিছতো শুনানিত অনুপস্থিত অৰবিন্দ কেজৰিৱাল-সঞ্জয় সিং

বিশেষ বাৰ্তা, ৭ জুনঃ আম আদমি পাৰ্টীৰ নেতা অৰবিন্দ কেজৰিৱাল আৰু সঞ্জয় সিং বুধবাৰে গুজৰাটৰ আদালতত অপৰাধমূলক মানহানিৰ গোচৰৰ শুনানিৰ বাবে হাজিৰ নহ’ল। দুয়োগৰাকী নেতাই গোচৰৰ সৈতে জড়িত নথি-পত্ৰ বিচাৰি আবেদন দাখিল কৰিব। আদালতে প্ৰথমে ১৫ এপ্ৰিলত কেজৰিৱাল আৰু সঞ্জয় সিঙক চমন জাৰি কৰি ২৩ মে’ত হাজিৰ হ’বলৈ নিৰ্দেশ দিছিল। ইয়াৰ পিছত আদালতে পুনৰ চমন জাৰি কৰে, য’ত ৭ জুনত হাজিৰ হ’বলৈ কোৱা হয়। অপৰাধমূলক মানহানিৰ গোচৰত আই পি চিৰ ৫০০ ধাৰাত তেওঁৰ বিৰুদ্ধে প্ৰাইমা ফেচি গোচৰ ৰুজু কৰি আদালতে এই পদক্ষেপ গ্ৰহণ কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ডিগ্ৰী সন্দৰ্ভত কেজৰিৱাল আৰু সঞ্জয় সিঙে দিয়া বক্তব্যৰ প্ৰতি সঁহাৰি জনাই গুজৰাট বিশ্ববিদ্যালয়ে এপ্ৰিল মাহত মানহানিৰ গোচৰ ৰুজু কৰিছিল। মহানগৰ দণ্ডাধীশৰ আদালতে ৭ জুনত আপৰ দুয়োজন নেতাক হাজিৰ হ’বলৈ কৈছিল। ইয়াৰ পূৰ্বেও মানহানিৰ গোচৰৰ শুনানিৰ সময়ত অৰবিন্দ কেজৰিৱাল আৰু সঞ্জয় সিঙক আদালতত উপস্থিত থাকিবলৈ নিৰ্দেশ দিয়া হৈছিল। ২৩ মে’ত হ’বলগীয়া শুনানিৰ সন্দৰ্ভত দুয়োগৰাকী নেতাক আদালতত হাজিৰ হ’বলৈ কোৱা হৈছিল যদিও দুয়োজনেই হাজিৰ নহ’ল। আপে কয় যে তেনে কোনো চমন প্ৰেৰণ কৰা হোৱা নাই। গুজৰাট বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক পীয়ুষ পেটেলে গুজৰাট উচ্চ ন্যায়ালয়ে প্ৰধানমন্ত্ৰী মোদীৰ ডিগ্ৰী সন্দৰ্ভত লোৱা সিদ্ধান্তক লৈ আপ নেতাসকলে কৰা মন্তব্যৰ পিছতে মানহানিৰ অভিযোগ দাখিল কৰে। কেজৰিৱাল আৰু সঞ্জয় সিঙে দিয়া বক্তব্য অপমানজনক আৰু কটু বুলি অভিযোগ দাখিল কৰি বিশ্ববিদ্যালয়খনৰ সুনাম ক্ষতিগ্ৰস্ত কৰিছে।

You might also like