নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অবৈধ খনিত কয়লা খান্দিবলৈ গৈ দুই শ্রমিকৰ প্রাণহানি

🔷 লিডুৰ মোলং পাহাৰত পুনৰ ভয়াৱহ অঘটন

নিয়মীয়া বার্তা, ৯ জুনঃ মৃত্যু উপত্যকাত পৰিণত হৈছে কয়লাৰাণী মার্ঘেৰিটাৰ লিডু৷ আৰক্ষী–প্রশাসনৰ চকুত ধূলি দি লিডুৰ ভিন্ন অঞ্চলত অব্যাহত থকা অবৈধ কয়লা খননত নিয়োজিত হৈ এজনৰ পিছত আন এজন শ্রমিকে প্রাণ হেৰুৱাবলগীয়া হৈছে৷ লিডুৰ মোলং পাহাৰত পুনৰ আন এটা অঘটন সংঘটিত হৈছে৷ মোলং পাহাৰৰ ভূগর্ভৰ অবৈধ খনিৰ পৰা কয়লা খনন কৰি থকাৰ সময়তে দুজন শ্রমিকৰ মৃত্যু ঘটিছে৷ ইয়াৰে এজন লিডু ইটাখোলা নিৱাসী ৰূপেশ্বৰ ফুকনৰ পুত্র নয়ন ফুকন (২৪) বুলি জানিব পৰা গৈছে ৷ অৱশ্যে আনজন শ্রমিকৰ পৰিচয় এতিয়াও লাভ কৰিব পৰা হোৱা নাই৷ ইয়াৰ বিপৰীতে এটা অসমর্থিত সূত্রই দাবী কৰা মতে আনজন শ্রমিকৰ মৃত্যু হোৱা নাই৷ আহত শ্রমিকজনক চিকিৎসাৰ বাবে গোপনে কোনো স্থানলৈ স্থানান্তৰিত কৰাৰ পিছত বর্তমান তেওঁ ক’ত আছে জানিব পৰা হোৱা নাই৷ উল্লেখ্য যে একাংশ কয়লা মাফিয়াৰ ছত্রছায়াত লিডুত অবৈধ কয়লা খনন দীর্ঘদিন ধৰি অব্যাহত আছে৷ বৃহৎ বৃহৎ ফকলেন, এক্সকেভেটৰ আদিৰে এই কয়লা মাফিয়াসকলে নিতৌ পাহাৰৰ বুকু খান্দি গোপনে ক’লা হীৰা সৰবৰাহ কৰি আহিছে৷ অধিক উপার্জনৰ আশাত পার্শ্বৱর্তী অঞ্চলসমূহৰ বহু দৰিদ্র শ্রমিকে এই কয়লা খনিসমূহত কাম কৰি আহিছে৷ কিন্তু এই খনিসমূহত অত্যন্ত দুর্যোগৰ মাজেৰে কাম কৰাৰ সময়ত সঘনে শ্রমিকৰ প্রাণহানি হোৱাৰ তথ্যও পোহৰলৈ আহিছে৷ প্রাপ্ত তথ্য অনুসৰি অবৈধ খনিত ভূগর্ভৰ বিষাক্ত মিথেন গেছ নির্গত হৈ কৰুণভাৱে মৃত্যুক আঁকোৱালি লোৱা নয়ন ফুকনে ক্ষীতিশ দেৱনাথ নামৰ এজন কয়লা মাফিয়াৰ অধীনত শ্রমিক হিচাপে নিয়োজিত হৈ আছিল৷ নিহত নয়নৰ পিতৃ–মাতৃয়ে প্রকাশ কৰা অনুসৰি এই সমগ্র ঘটনা এটা চক্রই কৌশলেৰে গাপ দিবলৈ চেষ্টা কৰিছে৷ মাত্র কিছু মাহ পূর্বে বিবাহপাশত আবদ্ধ হোৱা নয়নৰ লগত থকা আনজন শ্রমিকৰ শুংসূত্র নোহোৱাত স্বাভাৱিকতে সমগ্র অঞ্চলটোত ব্যাপক প্রতিক্রিয়াৰ সৃষ্টি হৈছে৷ ইতিমধ্যে লিডু আৰক্ষীয়ে নয়ন ফুকনৰ মৰণোত্তৰ পৰীক্ষাৰ বাবে মৃতদেহ তিনিচুকীয়া অসামৰিক চিকিৎসালয়লৈ প্রেৰণ কৰিছে৷ প্রসংগক্রমে উল্লেখ কৰিব পাৰি যে মাত্র কেইদিনমান পূর্বে প্রদূষণ নিয়ন্ত্রণ ব’ৰ্ডৰ এটা দল চৰজমিন তদন্তৰ বাবে মার্ঘেৰিটাত উপস্থিত হৈছিল৷ পাহাৰৰ বুকু খান্দি একাংশ মাফিয়াই সমগ্র পাৰিপার্শ্বিক ব্যৱস্থালৈ ভাবুকি কঢ়িয়াই অনা সত্ত্বেও প্রকৃতিৰ এনে ধ্বংসযজ্ঞ প্রদূষণ নিয়ন্ত্রণ ব’ৰ্ডৰ চকুত নপৰাটো আশ্চর্যজনক বুলি অঞ্চলজুৰি চর্চা আৰম্ভ হৈছে৷ এই ঘটনাত তীব্র প্রতিক্রিয়া প্রকাশ কৰিছে আন্তঃৰাষ্ট্রীয় মানৱ অধিকাৰ পৰিষদৰ তিনিচুকীয়া জিলা সমিতিয়ে৷ এটা বিবৃতিত পৰিষদৰ তিনিচুকীয়া জিলা সমিতিয়ে নয়ন ফুকনৰ পৰিয়ালক ৫০ লাখ টকাৰ ক্ষতিপূৰণ প্রদান কৰিবলৈ দাবী উত্থাপন কৰিছে৷ লগতে কয়লাৰ চোৰাং বেহা চলাই অহা ক্ষীতিশ দেৱনাথৰ দৰে অবৈধ ব্যৱসায়ীৰ বিৰুদ্ধে কঠোৰ শাস্তি বিহিবলৈও সংগঠনটোৱে দাবী উত্থাপন কৰে৷ আনহাতে, এই সমগ্র ঘটনাক লৈ লিডু আৰক্ষীৰ ভূমিকাকো স্থানীয় লোকসকলে সন্দেহৰ দৃষ্টিৰে চাই আহিছে৷ অবৈধ কয়লা খনন বন্ধ কৰাৰ বিপৰীতে একাংশ অপৰাধী তথা অবৈধ ব্যৱসায়ীক লিডু আৰক্ষীয়ে সুৰক্ষা দিয়াৰ অভিযোগ দীর্ঘদিনীয়া৷ নয়ন ফুকনৰ দুর্ঘটনা সংঘটিত হোৱা অঞ্চলটো লিডু আৰক্ষী চকীৰ পৰা মাত্র এক কিলোমিটাৰ নিলগত অৱস্থিত৷ কেৱল নয়ন ফুকনেই নহয়, বিগত ৫ মাহৰ ভিতৰত কয়লা খান্দিবলৈ যোৱা ৪ৰ পৰা ৫জন শ্রমিক নিহত হোৱাৰ পিছতো স্থানীয় প্রশাসনৰ ফালৰ পৰা কোনো ব্যৱস্থা গ্রহণ নকৰাক লৈও স্থানীয় লোকসকলৰ মাজত ক্ষোভৰ সৃষ্টি হৈছে৷ আৰক্ষী প্রশাসনৰ এনে দুর্বল ভূমিকাৰ বাবে মোলং আৰু মালৌ পাহাৰৰ বুকুত পূর্বতকৈও অধিক তৎপৰতাৰে ক্ষীতিশ দেৱনাথৰ দৰে মাফিয়া তথা চোৰাং ব্যৱসায়ীজনে কয়লা খনন অব্যাহত ৰখা বুলি অভিযোগ উত্থাপিত হৈছে৷ মোলং আৰু মালৌ পাহাৰৰ অধিকাংশ ভূমি উত্তৰ–পূব কয়লা ক্ষেত্রৰ অন্তর্গত৷ তৎসত্ত্বেও কিদৰে এই মাফিয়া আৰু চোৰাং ব্যৱসায়ীসকলে কার্যতঃ আৰক্ষী–প্রশাসনৰ চকুৰ সন্মুখতে উদ্যোগটোৰ নিজা ভূমিত কয়লা খনন অব্যাহত ৰাখিছে, সেয়াও ৰহস্যৰ আৱর্তত৷ এইক্ষেত্রত পৰৱর্তী সময়ত কি ব্যৱস্থা গ্রহণ কৰা হ’ব, সেয়া লক্ষণীয় হ’ব৷

You might also like