নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জোনাইৰ তৰাজানত উদ্ধাৰ দুষ্প্ৰাপ্য লাজুকী বান্দৰ

📌 বন বিভাগৰ দ্বাৰা পবাত মুকলি
নিয়মীয়া বাৰ্তা, ৯ জুনঃ জোনাইত বৃহস্পতিবাৰে নিশা প্ৰায় ৯ বজাত ৰাইজে উদ্ধাৰ কৰে বিৰল প্ৰজাতিৰ এটা লাজুকী বান্দৰ ৷ জোনাইৰ তৰাজান গাৱঁৰ ৰুচ পাৱ নামৰ এজন লোকৰ  ঘৰৰ পৰা উদ্ধাৰ কৰা হয় লাজুকী বান্দৰটো৷ নিশা ব্যক্তিজনৰ ঘৰৰ বাৰীত বগাই থকা অৱস্থাত পৰিয়ালৰ লোকে দেখা পাই খবৰ দিয়ে স্থানীয় সাংবাদিকক ৷  সাংবাদিকে বন বিভাগক লগত লৈ ৰাইজৰ সহযোগত নিশা ব্যক্তিজনৰ ঘৰৰ পৰা উদ্ধাৰ কৰে বিৰল প্ৰজাতিৰ লাজুকী বান্দৰটো৷ খাদ্যৰ সন্ধানত লাজুকী বান্দৰটো কাষতে থকা পবা সংৰক্ষিত বনাঞ্চলৰ পৰা ওলাই অহাৰ সন্দেহ প্ৰকাশ কৰিছে। অৱশেষত বন বিভাগে লাজুকী বান্দৰটোক নিশাই পবা সংৰক্ষিত বনাঞ্চলৰ লেকু খণ্ডত এৰি দিয়ে বুলি জানিবলৈ দিয়ে৷
প্ৰেৰক কৰবী দলে
You might also like