📌 নিৰ্বিকাৰ বিভাগীয় কৰ্তৃপক্ষ -জনপ্ৰতিনিধি
নিয়মীয়া বাৰ্তা, ৯ জুনঃ ঢকুৱাখনা সমষ্টিৰ মৰনৈ পঞ্চায়তৰ এখন জৰাজীৰ্ণ বাঁহৰ দলঙে উদঙাইছে শাসনাধিষ্ঠিত চৰকাৰখনৰ উন্নয়নৰ নমুনা। এখন জৰাজীৰ্ণ বাঁহৰ দলঙেৰে যাতায়াত কৰিছে কণ কণ ছাত্ৰ-ছাত্ৰী, শিক্ষাগুৰুসকলৰ লগতে দুখনকৈ গাঁৱৰ ৰাইজে। বাসুদেৱ থান বাটচ’ৰা আৰু ভেটতলী সংযোগী পথৰ কঢ়া নৈৰ ওপৰত পকী দলঙৰ অভাৱত বছৰ বছৰ ধৰি বিপদসংকুলভাৱে যাতায়াত কৰিব লগা হৈছে অঞ্চলটোৰ ছাত্ৰ-ছাত্ৰী, ৰোগীকে ধৰি সাধাৰণ ৰাইজে। সততে দেখা পোৱা যায় জহি-খহি যোৱা বাঁহৰ দলংখনেৰে অতি বিপজ্জনকভাৱে হাতৰ মুঠিত জীৱনটো লৈ মানুহ পাৰ হৈ যোৱাৰ শিহৰণকাৰী দৃশ্য। জৰাজীৰ্ণ দলংখনেৰে পাৰ হওঁতে যিকোনো মুহূৰ্ততে ঘটিব পাৰে ভয়ানক দুৰ্ঘটনা। ভগা দলঙেৰে পাৰ হওঁতে দলঙৰ পৰা পৰি বহু লোক আঘাতপ্ৰাপ্তও হৈছে। নিশা হ’লেই পথটোৰে বন্ধ হৈ পৰে যাতায়াত। বাৰিষা বিপদসংকুলভাৱে ছাত্ৰ-ছাত্ৰীয়ে বিদ্যালয়লৈ জৰাজীৰ্ণ দলংখনৰ ওপৰেৰে যাতায়াত কৰাৰ ক্ষেত্ৰত ভীষণ সমস্যাৰ সন্মুখীন হৈ আহিছে। আনকি বাৰিষা পথটো পানীৰে ভৰি পৰাত যাতায়াত ব্যাহত হৈ পৰে। স্থানীয় ৰাইজে প্ৰতি বছৰে গাঁঠিৰ ধন ভাঙি বাঁহৰ দলংখন নিৰ্মাণ কৰি লয় যদিও বাৰিষা আহিলেই কঢ়া নদীৰ প্ৰবল সোঁতে উটুৱাই নিয়ে বাঁহৰ দলংখন। বৰ্তমানে অঞ্চলটোৰ ৰাইজৰ দীৰ্ঘদিনীয়া সমস্যা হিচাপে চিহ্নিত হৈছে এই দলংখন। অঞ্চলটোৰ ৰাইজে বিগত সময়ছোৱাত চৰকাৰ, জনপ্ৰতিনিধি, বিভাগীয় কৰ্তৃপক্ষক বাৰম্বাৰ অনুৰোধ কৰাৰ পিছতো কঢ়া নদীৰ ওপৰত আজিও নিৰ্মাণ নহ’ল এখন পকী দলং। দীৰ্ঘদিন ধৰি এই সমস্যাৰ প্ৰতি কোনো এজন জনপ্ৰতিনিধিয়েই গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ উত্থাপিত হৈছে। জৰাজীৰ্ণ দলঙৰ বাবে যাতায়াতৰ ক্ষেত্ৰত যমৰ যন্ত্ৰনা ভুগি আহিছে ছাত্ৰ-ছাত্ৰীয়ে। ছাত্ৰ-ছাত্ৰীৰ লগতে তিনিখনকৈ বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰীয়ে এই দলঙেৰে দৈনিক বিপদসংকুলভাৱে পাৰাপাৰ হৈ আহিছে।জৰাজীৰ্ণ দলংখনৰ বাবে ছাত্ৰ-ছাত্ৰীৰ জীৱনৰ প্ৰতি লক্ষ্য ৰাখি প্ৰতি মুহূৰ্ততে দুশ্চিন্তাত সময় পাৰ কৰিব লাগে শিক্ষকসকলৰ লগতে অভিভাৱকসকলেও। কঢ়া নৈৰ ওপৰত থকা জৰাজীৰ্ণ দলংখনৰ ঠাইত এখন পকী দলং নিৰ্মাণ কৰিবলৈ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক আহ্বান জনাইছে ছাত্ৰ-ছাত্ৰী, অভিভাৱকসকলৰ লগতে বিদ্যালয়ৰ শিক্ষাগুৰুসকলে।
প্ৰেৰক পুলকজ্যোতি বৰা