📌কেবিনেটৰ সিদ্ধান্তঃ গঠন হ’ব তিনিজনীয়া অসম ৰাজ্যিক লোকসেৱা আয়োগ
📌৩ বছৰলৈ কৃষি আয়ত কৰ ৰেহাইঃ বিদ্যালয়ত ৰূপায়ণ হ’ব অলিম্পিক মূল্যবোধ শিক্ষাৰ কার্যসূচী
বিশেষ বাৰ্তা, ১০ জুনঃ বিদ্যালয়ত অলিম্পিক মূল্যবোধ কার্যসূচী, ইএছআই চিকিৎসকৰ সেৱাবিধি সংশোধন, জিএছটিৰ অধ্যাদেশকে ধৰি বহুকেইটা গুৰুত্বপূর্ণ বিষয়ৰ ওপৰত ৰাজ্যিক কেবিনেটে গ্রহণ কৰে সিদ্ধান্ত ৷ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ অধ্যক্ষতাত অনুষ্ঠিত কেবিনেট বৈঠকে ২০২৪–২০২৭ বর্ষত ৬ কোটি টকা ব্যয়সাপেক্ষে অভিনৱ বিন্দ্রা ফাউণ্ডেচন ট্রাষ্টৰ সহযোগত গুৱাহাটীৰ ২৫০খন চৰকাৰী আৰু ব্যক্তিগত বিদ্যালয়ত অলিম্পিক মূল্যবোধৰ শিক্ষাৰ কার্যসূচী ৰূপায়ণৰ সিদ্ধান্ত গ্রহণ কৰে৷ সেই অনুসৰি এই কার্যসূচী প্রথম বর্ষত ১০০খন বিদ্যালয়ত কার্যকৰী কৰা হ’ব৷ এই সন্দর্ভত আন্তর্জাতিক অলিম্পিক সমিতি আৰু অভিনৱ বিন্দ্রা ফাউণ্ডেচনৰ সৈতে বুজাবুজি চুক্তি স্বাক্ষৰত কেবিনেটে অনুমোদন জনায়৷ কেবিনেটে লোকসেৱা অধিকাৰ সন্দর্ভত অধ্যাদেশত অনুমোদন জনায় ৷ অধিসূচনাপ্রাপ্ত লোকসেৱা অধিকাৰ প্রদান ব্যৱস্থা উন্নত কৰা আৰু আৰটিপিএছ আবেদন প্রণালী শক্তিশালীকৰণৰ বাবে অসম লোকসেৱা অধিকাৰ আইন ২০১২ৰ ধাৰা ৮ ক আৰু ৮ খ সংশোধনৰ বাবে অসম লোকসেৱা অধিকাৰ (সংশোধনী) অধ্যাদেশ, ২০২৩ জাৰি কৰা হ’ব ৷ ইয়াৰ জৰিয়তে প্রস্তাৱিত সংশোধনীয়ে অর্ধ–ন্যায়িক সংস্থা হিচাপে কাম কৰাৰ ক্ষমতা প্রদানেৰে এগৰাকী মুখ্য আয়ুক্ত আৰু দুগৰাকী আয়ুক্তৰ সৈতে এক তিনিজনীয়া স্বতন্ত্র আয়োগ ‘অসম ৰাজ্যিক লোকসেৱা আয়োগ’ গঠন কৰা হ’ব ৷ সেই আয়োগে নাগৰিকসকলৰ অধিসূচী সেৱা প্রদানৰ নিৰন্তৰ বিফল হিচাপে বিবেচিত ৰাজহুৱা কর্মচাৰীসকলৰ বিৰুদ্ধে অনুশাসনমূলক ব্যৱস্থা গ্রহণৰ পৰামর্শ দিয়াৰ ক্ষমতাৰে সামগ্রিকভাৱে লোকসেৱা অধিকাৰৰ কার্যকৰী ৰূপায়ণ নিশ্চিত কৰিব ৷ কেবিনেটে ডিআইডিএছ প্লেটফর্মৰ পৰিকাঠামোত অনুমোদন জনায় ৷ ইয়াৰ জৰিয়তে নাগৰিকসকলৰ বাবে কল্যাণমূলক লাভালাভ বিতৰণ সু–শৃংখলিত কৰা হ’ব ৷ বিশেষকৈ আধাৰ তথ্যসহ ৰাষ্ট্রীয় খাদ্য সুৰক্ষা আঁচনিসমূহ আৰু অৰুণোদয় ডাটাবেছেৰে প্রাৰম্ভিক অৱস্থাৰ এক সংহত সামাজিক পঞ্জীকৰণ প্রস্তুত কৰা হ’ব ৷ পৰৱর্তী সময়ত অনব’ড আঁচনিৰ হিতাধিকাৰীসকলকো পঞ্জীয়নত সংযোজন কৰা হ’ব৷ কেবিনেটে অসম কৃষি আয়কৰ আইন ১৯৩৯ৰ অধীনত চলিত বর্ষৰ এক এপ্রিলৰ পৰা তিনি বছৰৰ বাবে কৃষি আয় কৰ ৰেহায়ত অনুমোদন জনায়৷ কেবিনেট বৈঠকে অসমৰ ইএছআই চিকিৎসক সেৱাৰ সূচাৰু প্রয়োগ নিশ্চিত কৰাৰ বাবে অসম ইএছআই চিকিৎসা বিধিৰ সংশোধনত অনুমোদন জনায়৷ ইয়াৰ জৰিয়তে প্রশাসনিক চিকিৎসা বিষয়া হিচাপে পদোন্নতিৰ বাবে যোগ্য হ’বলৈ অধীক্ষক, ভাৰপ্রাপ্ত চিকিৎসা বিষয়া বা সমতুল্য পদৰ নূ্যনতম সেৱাৰ ম্যাদ ৫ বছৰৰ পৰা ২ বছৰলৈ হ্রাস কৰা হ’ব৷ জিএছটি অধ্যাদেশৰ ক্ষেত্রতো আজিৰ কেবিনেটে এক বিশেষ সিদ্ধান্ত লয়৷ সেই অনুসৰি জিএছটি কাউঞ্চিলৰ পৰামর্শ অনুসৰি আছাম গুডছ এণ্ড ছার্ভিচেছ টেক্স (সংশোধনী) অধ্যাদেশ ২০২৩ জাৰি কৰা হয়৷ কেবিনেটে বিশ্ব অভিলেখত অংশ লোৱা বিহুৱা–বিহুৱতীক চলিত মাহৰ ২৮–২৯ জুনত প্রতিখন জিলাত ২৫ হাজাৰ টকাকৈ মাননি দিয়াৰ পূর্বৰ ঘোষণা কার্যকৰী কৰাৰ বাবে সিদ্ধান্ত লয় ৷ আনহাতে, এই বিশ্ব অভিলেখত সংৰক্ষিত হিচাপে থাকি যোৱা বিহুৱা–বিহুৱতীসকলক ১০ হাজাৰ টকাকৈ প্রদান কৰা হ’ব ৷ কেবিনেটে ৰাজ্যৰ বিভিন্ন জিলাত শেহতীয়াকৈ স্থাপন কৰা ১৮খন আদর্শ বিদ্যালয় আৰু ১৯খন চাহ বাগিচা আদর্শ বিদ্যালয় অহা ১৯–২০ জুনত একেলগে উদ্বোধন কৰাৰ সিদ্ধান্ত গ্রহণ কৰে৷ সেই অনুসৰি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই শোণিতপুৰ জিলাত স্থাপন কৰা ১৯খন চাহ বাগিচা আদর্শ বিদ্যালয় আনুষ্ঠানিকভাৱে মুকলি কৰিব ৷