নিয়মীয়া বাৰ্তা, ১০ জুনঃ গুৱাহাটীৰ গণেশগুৰিত সংঘটিত পথ দুৰ্ঘটনাত কৰুণভাৱে প্ৰিয়া কুমাৰীৰ নামৰ ছাত্ৰীগৰাকীয়ে প্ৰাণ হেৰুৱাব লগা হোৱাৰ পিছত মহানগৰ আৰক্ষীয়ে দোষীক ধৰিবলৈ তৎপৰ হৈ পৰা দেখা গৈছে ৷ মহানগৰ আৰক্ষীয়ে ইতিমধ্যে ৰাজপথত গাঁত খন্দা এ কে কনষ্ট্ৰাকচন কোম্পানীৰ পৰিচালকক গ্ৰেপ্তাৰ কৰাৰ পিছত গাঁত খন্দা কামৰ লগত জড়িত আন লোকসকলৰ সন্ধানত অভিযান তীব্ৰতৰ কৰি তুলিছে ৷ কালি নিশাৰ ভাগত দিছপুৰ থানাৰ পৰা অহা এটা আৰক্ষীৰ দলে চতিয়া আৰক্ষীৰ সহযোগত চতিয়াৰ হাজাৰীমলৰ পৰা পাৰিজাত শইকীয়া নামৰ এজন যুৱকক আটক কৰি চতিয়া থানালৈ আনে ৷ প্ৰাপ্ত খবৰ মতে, যুৱকজন এ কে কনষ্ট্ৰাকচনৰ লগত জড়িত আছিল ৷ আজি পুৱা সংবাদ মাধ্যমৰ লোকে পাৰিজাত শইকীয়াক আটক সন্দৰ্ভত দিছপুৰ আৰক্ষীৰ পৰা জানিব বিচাৰিছিল যদিও আৰক্ষীয়ে সাংবাদিকৰ ওচৰত মুখ খুলিবলৈ অমান্তি হয় ৷ দিছপুৰ থানাৰ পৰা অহা আৰক্ষীয়ে আজি পুৱা পাৰিজাত শইকীয়াক সোধা-পোছাৰ বাবে গুৱাহাটীলৈ লৈ যায় ৷
প্ৰেৰক প্ৰণৱ ওজা