নিয়মীয়া বাৰ্তা, ১০ জুনঃ আজি গুৱাহাটীৰ ৰুক্মিণী নগৰস্থিত “হোটেল শ্বুলিন গ্ৰেণ্ড”ৰ সভাগৃহত বিয়লি ৩:৩০ বজাত আয়োজন কৰা এখন গ্ৰন্থ উন্মোচনী সভাত ভাৰতীয় প্ৰশাসনিক সেৱাৰ উচ্চপদস্থ বিষয়া নীতিন খাড়েৰ মূল ইংৰাজী ভাষাত লিখা কাজিৰঙা বিষয়ক চিত্ৰসম্বলিত উপন্যাস ‘On the Trail of a Poacher’ৰ জয়কান্ত শৰ্মাই কৰা অসমীয়া অনুবাদ গ্ৰন্থ ‘এটা চোৰাং চিকাৰীৰ সন্ধানত’ উন্মোচন কৰা হয় ৷ গ্ৰন্থখন উন্মোচন কৰে সাহিত্য অকাডেমি বঁটাপ্ৰাপক সাহিত্যিক-সাংবাদিক মনোজ কুমাৰ গোস্বামীয়ে ৷ অনুষ্ঠানত সন্মানীয় অতিথি হিচাপে অসম আৰক্ষীৰ উচ্চপদস্থ বিষয়া, কবি, অভিনেতা, পৰিচালক পাৰ্থসাৰথি মহন্ত আৰু লেখক-অধ্যাপক তথা অসম চৰকাৰৰ শিক্ষা বিভাগৰ উপদেষ্টা ননীগোপাল মহন্তই উপস্থিত থাকি বক্তব্য প্ৰদান কৰে ৷ গ্ৰন্থখন প্ৰকাশ কৰিছে ‘বুকবেল’ৰ হৈ অভিজিত গোস্বামীয়ে ৷ উল্লেখ্য যে অসমৰ এখন জিলাত এসময়ত জিলা দণ্ডাধীশ হিচাপে কাৰ্যনিৰ্বাহ কৰাৰ সময়ত অসমৰ কাজিৰঙা ৰাষ্ট্ৰীয় অভয়াৰণ্যৰ বহু কথাই লেখক নীতিন খাড়েই অভিজ্ঞতা হিচাপে লাভ কৰিছিল ৷ ২০২০ চনত ৰাষ্ট্ৰীয় তলাবন্ধৰ সময়ছোৱাত এই অভিজ্ঞতাকে সাৰোগত কৰি তেওঁ কাহিনী আকাৰে লিখিবলৈ ল’লে আৰু তাৰ ফলতেই সৃষ্টি হয় On the Trail of a poacher শীৰ্ষক চিত্ৰসম্বলিত উপন্যাসখন ৷ এই উপন্যাসখনকে শিশু আৰু কিশোৰ-কিশোৰীসকলৰ বাবে জয়কান্ত শৰ্মাই অনুবাদ কৰি নাম দিছে “এটা চোৰাং চিকাৰীৰ সন্ধানত” ৷ গ্ৰন্থখনত আছে কাজিৰঙাৰ গঁড় সংৰক্ষণৰ কথাও ৷ ‘গ্ৰাফিক নোভেল’খনত শিশুসকলৰ উপযোগী হোৱাকৈ সজাগতামূলক বাক্য আৰু শ্ৰুতি ক্ষীৰসাগৰে অঁকা চিত্ৰ সম্বলিত কৰা হৈছে ৷ আজিৰ গ্ৰন্থ উন্মোচনী সভাত গ্ৰন্থখনৰ লেখক নীতিন খাড়ে, অনুবাদক জয়কান্ত শৰ্মা, অনন্ত হাজৰিকা, গোপাল জালান, দিগন্ত হাজৰিকাৰ লগতে ভালেকেইগৰাকী গণ্যমান্য ব্যক্তি উপস্থিত থাকে ৷ উল্লেখ্য যে ২০১৩ চনত গ্ৰন্থ প্ৰকাশক হিচাপে আত্মপ্ৰকাশ কৰি ৰাজগড়স্থিত বুকবেলে ইতিমধ্যে ব্যতিক্ৰমী বিষয়ৰ গ্ৰন্থ প্ৰকাশ কৰি পঢ়ুৱৈৰ সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে ৷