নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দক্ষিণ শালমাৰাৰ বন্দীহানা মাজেৰচৰ ৰোডৰ পকী দলং নিৰ্মাণৰ কামত ব্যাপক অনিয়ম

নিয়মীয়া বাৰ্তা, ১০ জুনঃ নামনি অসমৰ দক্ষিণ শালমাৰা বিধানসভা সমষ্টিৰ বন্দীহানা মাজেৰচৰ ৰোডৰ এখন পকী দলঙৰ নিৰ্মাণৰ কামত ব্যাপক অনিয়ম সংঘটিত হোৱাৰ অভিযোগ উত্থাপিত হৈছে। আনকি বিগত প্ৰায় চাৰি বছৰে দলংখনৰ নিৰ্মাণ সম্পূৰ্ণ নোহোৱাক কেন্দ্ৰ কৰি অঞ্চলটোৰ স্থানীয় ৰাইজৰ মাজত বিৰূপ প্ৰতিক্ৰিয়াৰো সৃষ্টি হোৱা হৈছে। প্ৰাপ্ত তথ্য অনুসৰি, ২০১৮-১৯ বৰ্ষত এছঅ’পিডি (জি)ৰ অন্তৰ্গত মহাবীৰ লাচিত চিলাৰায় সেতু নিৰ্মাণ অভিযান আঁচনিৰ অধীনত বন্দীহানা মাজেৰচৰ ৰোডৰ ১০/১ নম্বৰৰ পকী দলং এখন নিৰ্মাণ ব্যয় ৰূপে ধাৰ্য্য কৰা হৈছিল ৪ কোটি ৬৬ লাখ ৪০ হাজাৰ ৫২৬ টকা। ধুবুৰী গ্ৰাম্য পথ সংমণ্ডলৰ অধীনত হ’বলগীয়া দক্ষিণ শালমাৰা বিধানসভা সমষ্টিৰ ৫০ মিটাৰ দৈৰ্ঘ্যৰ সেই পকী দলংখনৰ কাম আৰম্ভ হৈছিল ২০১৯ বৰ্ষৰ ২৮ ডিচেম্বৰত। উল্লেখনীয় যে দলংখন নিৰ্মাণস্থলীত থকা চৰকাৰী ফলকত নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ তাৰিখ ২০২১ বৰ্ষৰ ২৫ ডিচেম্বৰ বুলি স্পষ্টভাৱে উল্লেখ আছে। কিন্তু চৰকাৰী সেই ফলকত থকা সময়সীমাৰ আজি ডেৰ বছৰ উকলিবৰ হ’ল যদিও আজিলৈ নিৰ্মাণ সম্পূৰ্ণ হোৱা নাই সেই বিশেষ দলংখনৰ। আনকি লেহেমীয়া গতিৰ নিৰ্মাণকাৰ্য্যৰ সমান্তৰালকৈ অতি নিম্নমানৰ নিৰ্মাণ চলি থকা বুলিও অভিযোগ সেই অঞ্চলটোৰেই একাংশ লোকৰ। আনকি দলংখনৰ নিৰ্মাণৰ নামত ব্যাপক দুৰ্নীতি সংঘটিত কৰাৰ অভিযোগৰ আঙুলি উঠা পোৱা গৈছে ঠিকাদাৰসহ বিভাগীয় একাংশ বিষয়া-কৰ্মচাৰীৰ বিৰুদ্ধেও। উল্লেখ্য যে কেৱল এইখন দলঙেই নহয়, এছঅ’পিডি (জি)ৰ অন্তৰ্গত মহাবীৰ লাচিত চিলাৰায় সেতু নিৰ্মাণ অভিযান আঁচনিৰ অধীনত দক্ষিণ শালমাৰাত নিৰ্মিত কেইবাখনো পকী দলঙৰ নিৰ্মাণৰ কাম অতি নিম্নমানৰ হোৱা বুলিও বু বু-বা বা আছে ৰাইজৰ মাজত। এনে প্ৰেক্ষাপটত সমগ্ৰ বিষয়টোত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ হস্তক্ষেপ বিচাৰিছে একাংশই।

প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী

You might also like