🔷 অম্বুবাচীৰ প্ৰবৃত্তি আৰম্ভ হব ২২ জুনৰ ৰাতি ২ বাজি ৩০ মিনিট ৪২ ছেকেণ্ডত
বিশেষ বাৰ্তা, ১০ জুনঃ অহা ২২ জুনৰ পৰা ২৬ জুনলৈ শক্তিপীঠ কামাখ্যা ধামত অনুষ্ঠিত হব অম্বুবাচী মেলা। এইবাৰ অম্বুবাচী মেলাৰ প্ৰবৃত্তি আৰম্ভ হব ২২ জুনৰ ৰাতি ২ বাজি ৩০ মিনিট ৪২ ছেকেণ্ডত। অম্বুবাচী মেলাৰ প্ৰবৃত্তিৰ লগে লগে শক্তিপীঠ কামাখ্যা ধামত বন্ধ হ”ব দুৱাৰ। অৰ্থাৎ ২৩, ২৪, ২৫ জুনত বন্ধ থাকিব দুৱাৰ। আনহাতে, অম্বুবাচীৰ নিবৃত্তিৰ লগে লগে ২৬ জুনত ভক্তৰ বাবে দুৱাৰ খুলিব কামাখ্যা দেৱালয় কৰ্তৃপক্ষই। ইফালে, অম্বুবাচী উপলক্ষে কামাখ্যা দেৱালয় কৰ্তৃপক্ষই জাৰি কৰিছে কেতবোৰ নিৰ্দেশনাৱলী। এইবাৰ মেলা অনুষ্ঠিত হোৱাৰ সময়ত নিশা ৯ বজাৰ পিছত কামাখ্যাৰ নাৰ্চাৰীৰ পৰা মন্দিৰলৈ ভক্তৰ প্ৰৱেশ নিষিদ্ধ কৰিছে দেৱালয় কৰ্তৃপক্ষই।লগতে নিশা ৯ বজাৰ পিছত ভক্তই মন্দিৰৰ চৌহদ খালী কৰিব লাগিব। মন্দিৰ চাফ-চিকুণ কৰাৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত গ্ৰহণ কৰিছে কামাখ্যা দেৱালয় কৰ্তৃপক্ষই। ইফালে, কামাখ্যা গেটৰ পৰা মন্দিৰলৈ ভক্তৰ বাহন চলাচলত বাধা আৰোপ কৰা হৈছে। সকলো ভক্তক খোজকাঢ়ি আহিবলৈ আহ্বান জনাইছে দলৈ কবিন্দ্ৰ শৰ্মাই । অৱশ্যে জ্যেষ্ঠ নাগৰিক আৰু বিশেষভাৱে সক্ষম লোকৰ বাবে অসম ৰাজ্যিক পৰিবহণ নিগমে যোগান ধৰিব বাছ। ইফালে, মেলাৰ সময়ত মন্দিৰৰ চৌহদত অতিৰিক্ত ৪০০ চিচি টিভি স্থাপন কৰিব বুলি মন্তব্য কৰিছে কামাখ্যা দেৱালয়ৰ দলৈ কবিন্দ্ৰ শৰ্মাই। লগতে ১৫০গৰাকী স্বেচ্ছাসেৱক, শতাধিক এন চি চি কেডাৰ, পুলিচ, অৰ্ধসামৰিক বাহিনী মোতায়ন থাকিব। মন্দিৰলৈ সোমোৱা মূল গেটত কটকটীয়া তালাচীৰ ব্যৱস্থা থাকিব।এইবাৰ লাখ লাখ ভক্তক আদৰিবলৈ সাজু কামাখ্যা দেৱালয় কৰ্তৃপক্ষ।