নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ডিজিটেল লেনদেনঃ বিশ্ব ৰেংকিঙৰ শীর্ষস্থান অধিকাৰ ভাৰতৰ

🔷ডিজিটেল লেনদেনৰ ৪৬ শতাংশই ভাৰতৰ

বিশেষ বাৰ্তা, ১১ জুনঃ ডিজিটেল লেনদেনত বিশ্বৰ শীর্ষ ৰেংকিঙত ভাৰত ৷ ২০২২ চনত ডিজিটেল লেনদেনৰ বিশ্বৰ দেশসমূহৰ ভিতৰত ভাৰতে শীর্ষস্থান লাভ কৰাই নহয়, বিশ্বৰ মুঠ ডিজিটেল লেনদেনৰ ৪৬ শতাংশই ভাৰতৰ ৷ ভাৰতৰ পিছত দ্বিতীয় স্থানত আছে ব্রাজিল ৷ দেশখনৰ ডিজিটেল লেনদেন ২৯.২ নিযুত৷ ইয়াৰ পাছতে চীনৰ ১৭.৬ নিযুত, থাইলেণ্ডৰ ১৬.৫ নিযুত আৰু দক্ষিণ কোৰিয়াৰ ৮ নিযুত ডিজিটেল লেনদেন৷ মাই গভ ইণ্ডিয়াৰ তথ্য মতে, শীর্ষস্থানত থকা ভাৰতৰ ডিজিটেল লেনদেন বিশ্বৰ দ্বিতীয় স্থানৰ পৰা পঞ্চম স্থানত থকা চাৰিখন দেশৰ সমান ৷ ভাৰতৰ ডিজিটেল লেনদেন ৮৯.৫ নিযুত ৷ উল্লেখ্য যে ভাৰতৰ প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে ডিজিটেল লেনদেনত বিশ্বৰ ১নং ডিজিটেল লেনদেনৰ দেশ বুলি কিছুদিন পূর্বে মন্তব্য কৰিছিল ৷ বিজেপি নেতৃত্বাধীন এন ডি এ চৰকাৰে ডিজিটেল ভাৰত গঢ়াৰ লক্ষ্যৰে গ্রহণ কৰা পদক্ষেপসমূহ সঠিক দিশে আগবাঢ়ি গৈ থকাৰ বাবে বিশ্বৰ ডিজিটেল লেনদেনত শীর্ষস্থান লাভ কৰিবলৈ সক্ষম হৈছে ৷ ডিজিটেল লেনদেনৰ জৰিয়তে গ্রাম্য অর্থনীতি ৰূপান্তৰিত হৈ আছে৷ ডিজিটেল লেনদেনত ভাৰতে নতুন মাইলৰ খুঁটি পাইছে ৷ মূল্য আৰু আকাৰৰ উভয়তে মাইলৰ খুঁটি স্থাপন কৰা ভাৰতৰ লেনদেন পৰিৱেশতন্ত্র আৰু গ্রহণযোগ্যতা শক্তিশালী ৷ আৰ বি আইৰ বিশেষজ্ঞসকলে দেশৰ ডিজিটেল লেনদেনক ভূয়সী প্রশংসা কৰি আহিছে ৷

You might also like