📌 চুবুৰীয়াৰ আগ্রাসনত আতংকগ্রস্ত গল্লাচ’ৰবাসী
নিয়মীয়া বার্তা, ১২ জুনঃ দীর্ঘদিনীয়া আন্তঃৰাজ্যিক সীমা বিবাদ মৰিষণৰ হকে পদক্ষেপ অব্যাহত থকাৰ সময়তে চুবুৰীয়া ৰাজ্যৰ একাংশ আগ্রাসী লোকৰ কার্যকলাপত ইটোৰ পিছত সিটোকৈ সংঘটিত হৈছে বিক্ষিপ্ত ঘটনা৷ শেহতীয়াকৈ ধেমাজি জিলাৰ পাণবাৰীত অৰুণাচলী দুর্বৃত্তৰ গুলীচালনাত দুজন অসমীয়া লোকৰ মৃত্যুৰ চাঞ্চল্য মাৰ নৌযাওঁতেই এইবাৰ হাইলাকান্দি সীমান্তত ‘মিজো’ আগ্রাসী হৈ পৰিছে৷ ২০২১ চনত কাছাৰ জিলাৰ লাইলাপুৰত সংঘটিত চাঞ্চল্যকৰ গুলীবর্ষণৰ ঘটনাৰ পিছত কেন্দ্রীয় চৰকাৰে দিয়া স্থিতাৱস্থা বাহালৰ নির্দেশক কার্যতঃ অংগুষ্ঠ প্রদর্শন কৰি শেহতীয়াকৈ আগ্রাসী মিজোৱে হাইলাকান্দি জিলাৰ সীমান্তৱর্তী গল্লাচ’ৰাত পাহাৰ কাটি পথ নির্মাণ কৰিছে৷ মিজোৰ এনে আগ্রাসনত এতিয়া আতংকগ্রস্ত হাইলাকান্দিৰ সীমান্তৱর্তী জনসাধাৰণ৷ উল্লেখ্য যে হাইলাকান্দিৰ অসম–মিজোৰাম সীমান্তত ২০২১ চনত সংঘটিত হোৱা সীমা বিবাদৰ পিছত দুয়ো ৰাজ্যকে কেন্দ্রই স্থিতাৱস্থা বাহাল ৰখাৰ নির্দেশ দিছিল৷ সেই অনুসৰি অসমে পূর্বৰ সীমাক মানি লোৱাৰ বিপৰীতে মিজোৰামে উক্ত ঘটনাৰ পিছতো মাজে সময়ে চলাই আহিছে আগ্রাসনৰ বিভিন্ন কাম–কাজ৷ অসমৰ পৰা বাৰম্বাৰ বিষয়টোক লৈ আপত্তি তুলি থকাৰ পিছতো অংগুষ্ঠ প্রদর্শন কৰি এইবাৰ মিজোৱে সীমান্তৰ বি অ’ পিৰ সমীপতে বুলড’জাৰ ব্যৱহাৰ কৰি ৰাস্তা নির্মাণত নামি পৰিছে হাইলাকান্দি জিলাৰ আন্তঃৰাজ্যিক সীমান্তৰ গল্লাচৰত৷ মিজো লোকে বুলড’জাৰেৰে মাটি খান্দি পথ নির্মাণৰ ঘটনাই আতংকিত কৰি তুলিছে সীমান্তবাসীক৷ স্থানীয় ৰাইজে আশংকা কৰিছে যে যিকোনো সময়তে মিজো দুষৃকতিকাৰীয়ে পূর্বৰ দৰে সীমান্তৰ বাসিন্দাক আক্রমণ কৰিব পাৰে৷ মিজো লোকসকলে যোৱা কেইদিনমানৰ পৰা বুলড’জাৰেৰে পাহাৰৰ মাটি কটা কাম অব্যাহত ৰখাৰ সমান্তৰালকৈ ইতিমধ্যে বহু এলেকা ভূমি দখল কৰিছে৷ ইপিনে, বিষয়টো দৃষ্টিগোচৰ হোৱাত কালি বিয়লি ঘটনাস্থলীত উপস্থিত হয় অতিৰিক্ত আৰক্ষী অধীক্ষক বিদ্যুৎ দাস বড়ো৷ আনহাতে, বিষয়টো কাটলিচেৰাৰ বিধায়ক ছুজামুদ্দিন লস্কৰে আৰক্ষী অধীক্ষক লীনা দলেৰ সৈতে আলোচনা কৰি পৰিস্থিতি তদাৰক কৰিবলৈ আহ্বান জনায়৷ কৰিমগঞ্জৰ সাংসদ কৃপানাথ মাল্লাই বিষয়টোক লৈ উদ্বেগ প্রকাশ কৰি মুখ্যমন্ত্রীৰ সৈতে আলোচনা কৰিব বুলি উল্লেখ কৰাৰ লগতে গৃহ মন্ত্রণালয়ৰো দৃষ্টিগোচৰ কৰাব বুলিও জানিবলৈ দিছে৷ মন কৰিবলগীয়া যে ২০২১ চনত সীমান্তৰ বিভিন্ন অঞ্চলত আগ্রাসন কৰি মিজোৱে এক অস্থিৰ পৰিৱেশৰ সৃষ্টি কৰিছিল৷ আনকি কাছাৰৰ লাইলাপুৰ সীমান্তত ৬গৰাকী অসমৰ জোৱান মিজোৰ গুলীত নিহত হ’বলগীয়া হৈছিল৷ কেন্দ্রীয় চৰকাৰে ত্রিপাক্ষিক বৈঠকৰ জৰিয়তে দুয়োখন ৰাজ্যক সীমান্তত কোনোধৰণৰ নির্মাণৰ কাম নকৰাকৈ শান্তি বজাই ৰখাৰ বাবে নির্দেশ দিছিল যদিও এই নির্দেশক সম্পূর্ণ উলাই কৰি আহিছে মিজোৰামে৷ ঘটনা সন্দর্ভত বিধায়ক ছুজামুদ্দিন লস্কৰে সীমান্তত অতিৰিক্ত আৰক্ষী বাহিনী মোতায়েনৰ বাবেও দাবী জনোৱাৰ লগতে বি অ’ পিসমূহ শক্তিশালী কৰাত গুৰুত্ব আৰোপ কৰে৷ বিধায়কজনৰ গুৰুতৰ অভিযোগ যে অসমৰ ১০ হাজাৰ হেক্টৰ ভূমি মিজোৰামে বলপূর্বক দখল কৰি ৰাখিছে৷