আজি ১২ জুন, জেঠ মাহৰ ২৮ তাৰিখ
সোমবাৰঃ তিথি–কৃষ্ণা নৱমী, নক্ষত্রঃ উত্তৰ ভাদ্রপদ, যাত্রাঃ নাই
মেষঃ খৰচ–পাতি ৰোধ কৰাত যত্ন কৰক ৷ প্রাপ্য ধন হ’লেও সময়ত হাতলৈ নহাত আহুকালত পৰিব ৷ বিদ্যাত বেয়া নহয়, প্রেমত বাধা আছে ৷ ৰাজনীতিত বিশেষ সতর্ক হওক ৷ শুভ ৰং বগা, সংখ্যা ২ ৷
বৃষঃ মনটো দুর্বল থাকিলেও দুই–এটা দিশৰ পৰা অনুকূল ফল লাভ কৰিব ৷ প্রেম–প্রীতিত মধ্যম ৷ বিদ্যাত বেয়া নহ’ব ৷ দাম্পত্যত দৃঢ়তা থাকিব ৷ কর্মস্থানত বাধা কম ৷ স্বাস্থ্যও মধ্যম ৷ শুভ ৰং ৰঙা, সংখ্যা ৪ ৷
মিথুনঃ মনৰ অৱস্থা মধ্যম ৷ আশা কৰা কোনো যোগাযোগৰ উন্নতি নেদেখিব পাৰে ৷ শৰীৰক অৱজ্ঞা কৰাটো উচিত নহ’ব ৷ বিদ্যাত যত্ন থকাটো ভাল ৷ আর্থিক ক্ষেত্রত মজলীয়া, কর্মত শুভ ৷ শুভ ৰং বগা, সংখ্যা ৫৷
কর্কটঃ অনাহক কথাকো কোনো মুহূর্তত হক কথা বুলি ভাবি অস্থিৰ হ’ব ৷ সতীর্থৰ ধৰণ–কৰণ, কথা–বতৰাৰ প্রতি সজাগ থকাটো ভাল ৷ ব্যক্তিত্ব আৰু ধৈর্য ৰক্ষা কৰি চলক ৷ শুভ ৰং নীলা, সংখ্যা ৮ ৷
সিংহঃ মাজে মাজে অত্যন্ত নিৰাশাত ভোগাসকলৰ কোনোৱে আশাৰ পোহৰ দেখিব পাৰে ৷ শৰীৰো খুব বেয়া নাযাব ৷ শুভ ৰং গেৰুৱা, সংখ্যা ৭ ৷
কন্যাঃ কর্মক্ষমসকলৰ অসুবিধাৰ মাজেৰেও অগ্রগতি ৷ বিশাখাৰ জাতকৰ বাহিৰে বাকী দুই নক্ষত্রৰ বাবে ভ্রমণ, নতুন যোগাযোগৰ বাবে উপযুক্ত নহ’ব ৷ দাম্পত্যতো চিন্তা এৰাব নোৱাৰিব ৷ শুভ ৰং ক’লা, সংখ্যা ৩ ৷
তুলাঃ আহুকাল কিছু নিষ্প্রভ হ’লেও দুই–এটা সংঘাত এৰাব পৰা টান ৷ আৱেগপ্রৱণতাক সমূলি বিশ্বাসত নল’ব ৷ আর্থিক চিন্তাৰ মাজতে কিছু অনুকূল যোগাযোগ থাকিব ৷ শুভ ৰং পাতল নীলা, সংখ্যা ২ ৷
বৃশ্চিকঃ আজি আপোনাৰ চেষ্টা কিছু কামত আহিব ৷ অপেক্ষাৰত কোনোৰ সুসংবাদ লাভ ৷ ধন খৰচ হ’লেও মূলতঃ কামত আহিব ৷ শুভ ৰং সেউজীয়া, সংখ্যা ৩ ৷
ধনুঃ প্রায়বোৰ কথাতে মন নিদিয়াই ভাল ৷ মূল কথাৰ প্রতি সজাগ থকা ভাল ৷ শৰীৰ বা পৰিৱেশ মনঃপূত নহ’ব ৷ শুভ ৰং গেৰুৱা, সংখ্যা ৪ ৷
মকৰঃ অস্থিৰ চিন্তাৰ মাজত হঠাৎ পৰিব পাৰে ৷ তেনে সন্তানৰ বাবে প্রস্তুত থাকিলে কোনো মনোকষ্টৰ পৰা উদ্ধাৰ পাব ৷ বিদ্যার্থীৰ বাবে সাধাৰণ চিন্তা ৷ দাম্পত্যত অসুস্থতা দেখা যায় ৷ শুভ ৰং ৰঙা, সংখ্যা ৮ ৷
কুম্ভঃ কর্মক্ষেত্রত জটিলতা কিছু হ্রাস অনুভৱ ৷ আপোনাৰ দূৰদর্শী চিন্তাৰ বাবে সম্ভাব্য কোনো আহুকাল নাপাব ৷ বন্ধুবর্গৰ ভালেই ৷ শুভ ৰং বেঙুনীয়া, সংখ্যা ২ ৷
মীনঃ শৰীৰ বা মনৰ সংঘাত দেখা যায় ৷ কিছুমান পূর্ব কথাৰ বাবে অংক মিলাব পৰাটো কম হ’ব ৷ দাম্পত্যত মধ্যম ৷ শুভ ৰং বগা, সংখ্যা ৩ ৷