নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জোনালী নাথৰ মৃত্যুত অসম প্ৰাদেশিক যোগী সন্মিলনীৰ প্ৰতিক্ৰিয়া

📌 শীঘ্ৰে হত্যাকাৰীক কৰায়ত্ত কৰি দৃষ্টান্তমূলক শাস্তিৰ দাবী প্ৰাদেশিক যোগী সন্মিলনীৰ

নিয়মীয়া বাৰ্তা, ১২ জুন: গোৱালপাৰা জিলাৰ বাকাইটাৰীৰ মটিয়া গাঁৱৰ পঞ্চায়ত সদস্যা, বিজেপিৰ গোৱালপাৰা জিলা সমিতিৰ সম্পাদিকা, নিষ্ঠাৱান আৰু পৰিশ্ৰমী ৰাজনৈতিক নেত্ৰী তথা নাথ যোগী সম্প্ৰদায়ৰ উদ্যমী আৰু আগৰণুৱা মহিলা জোনালী নাথক কোনো দুৰ্বৃত্ত‌ই কালি নৃশংসভাৱে হত্যা কৰি ১৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত পেলাই থৈ যোৱা কাৰ্যক তীব্ৰ গৰিহণা দিছে অসম প্ৰাদেশিক যোগী সন্মিলনীয়ে । প্ৰাদেশিক যোগী সন্মিলনীৰ সভাপতি ধীৰেন নাথে সংবাদ মাধ্যমক জানিবলৈ দি কয়- জোনালী নাথৰ হত্যাই আমাক গভীৰভাৱে মৰ্মাহত কৰাৰ লগতে উৎকন্ঠিত আৰু ক্ৰোধান্বিত কৰি তুলিছে । আৰক্ষী তথা প্ৰশাসনে জোনালী নাথৰ হত্যাকাৰীক এতিয়ালৈকে কৰায়ত্ত কৰিব পৰা নাই । শাসকীয় দলৰ এগৰাকী মহিলা নেত্ৰীয়েই যদি এইদৰে আততায়ীৰ হাতত প্ৰাণ হেৰুৱাব লগা হয়, তেতিয়াহলে সাধাৰণ নাগৰিকৰ নিৰাপত্তা কত বুলি প্ৰশ্ন উত্থাপন হৈছে? অসম প্ৰাদেশিক যোগী সন্মিলনীয়ে অসম চৰকাৰ তথা গোৱালপাৰা জিলাৰ আৰক্ষী প্ৰশাসনক অনতিপলমে হত্যাকাৰীক কৰায়ত্ত কৰি কঠোৰৰ পৰা কঠোৰতম শাস্তি বিহিবলৈ দাবী জনাইছোঁ । জোনালী নাথৰ মৃত্যুত তেওঁৰ শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জনোৱাৰ লগতে এই  সময়ত অসম প্ৰাদেশিক যোগী সন্মিলনী তেওঁলোকৰ কাষত সদায় আছে বুলি জানিবলৈ দি কয় যে প্ৰাদেশিক যোগী সন্মিলনীৰ প্ৰতিনিধি দলে অনতিপলমে গোৱালপাৰাৰ আৰক্ষী অধীক্ষকক লগ কৰি দোষীক অতি সোনকালে চিনাক্ত কৰি দৃষ্টান্তমূলক শাস্তিৰ দাবী জনাব।

প্ৰেৰক জ্যোতিষ নাথ

You might also like