নিয়মীয়া বাৰ্তা, ১২ জুন : চিৰাং জিলাৰ ভূটান সীমান্তৱৰ্তী এখন গাঁৱত গুলীচালনাৰ ঘটনা সংঘটিত হৈছে। ঘটনাটোত অবৈধ মাৰণাস্ত্ৰৰ গুলীত এগৰাকী মহিলা গুৰুতৰভাৱে আহত হৈছে। গুলীবিদ্ধ মহিলাগৰাকীক ততাতৈয়াকৈ জিলা সদৰ কাজলগাঁওস্থিত অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰি চিকিৎসা প্ৰদানৰ ব্যৱস্থা কৰা হৈছে যদিও উন্নত চিকিৎসাৰ বাবে বৰপেটা চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰিব বুলি কৰ্তব্যৰত চিকিৎসকে জানিবলৈ দিয়ে। জিলাখনৰ ৰুণিখাতা থানাৰ অন্তৰ্গত খুংগ্ৰীঙৰ দৈগুদুং গাঁৱত কালি সন্ধিয়া এই গুলীচালনাৰ ঘটনাটো সংঘটিত হৈছে বুলি চিৰাং জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক প্ৰকাশ মেধিয়ে সংবাদ মাধ্যমক জানিবলৈ দিয়ে। গাঁওখনৰ বাসিন্দা আশাতি বসুমতাৰী (৩৫) নামৰ মহিলাগৰাকীক অস্ত্ৰধাৰী দুৰ্বৃত্তই শূন্য দূৰত্বৰ পৰা গুলীয়াই হত্যাৰ চেষ্টা চলায়। দুৰ্বৃত্তজন গাঁওখনৰে বাসিন্দা অজয় মুছাহাৰী (৩৫) বুলি চিনাক্ত কৰে। মহিলাগৰাকীক গুলী কৰি পলায়ন কৰা অজয় মুছাহাৰীক আৰক্ষীয়ে আজি পুৱাৰ ভাগত আটক কৰাৰ লগতে এটা হস্তনিৰ্মিত পিষ্টল, এখন খুকুৰি, এটা মোবাইল ফোন আৰু মাৰণাস্ত্ৰত ব্যৱহৃত অন্যান্য আপত্তিজনক কিছু সামগ্ৰী জব্দ কৰিবলৈ সক্ষম হয়। আটকাধীন লোকজনক অধিক তথ্যৰ বাবে চিৰাং আৰক্ষীয়ে সোধাপোছা অব্যাহত ৰাখিছে। আনহাতে, গুলীবিদ্ধ মহিলাগৰাকীৰ স্বামী চুলতান বসুমতাৰীয়ে জানিবলৈ দিয়া মতে কালি সন্ধিয়া অজয় মুছাহাৰীয়ে তেওঁৰ পাণ-তামোলৰ দোকানত পইচা অবিহনে চিগাৰেট বিচাৰিছিল। তেওঁ দিবলৈ অস্বীকাৰ কৰাত অজয়ে দোকানখনৰ গৰাকীক শাৰীৰিকভাৱে আক্ৰমণ কৰে আৰু দুয়োজন হতাহতিত লিপ্ত হয়। এটা মুহূৰ্তত অজয়ে ঘৰলৈ গৈ হাতত মাৰণাস্ত্ৰ লৈ আহি সেই সময়ত দোকানখনত উপস্থিত থকা চুলতান বসুমতাৰীৰ পত্নী আশাতি বসুমতাৰীৰ মূৰত গুলী কৰি পলায়ন কৰে। ঘটনাৰ খবৰ পোৱা মাত্ৰেই শান্তিপুৰ উপ-আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া আৰু ৰুণিখাতা থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ঘটনাস্থলীত উপস্থিত হৈ আহত মহিলাগৰাকীক উদ্ধাৰ কৰি চিকিৎসাৰ ব্যৱস্থা কৰে আৰু নিশাৰ ভাগতে দুৰ্বৃত্তৰ সন্ধানত অভিযান আৰম্ভ কৰে যদিও আজি পুৱাৰ ভাগত অভিযানৰ সফল সামৰণি পৰে।।
প্ৰেৰক বিপুল কুমাৰ দাস