মহানগৰ বাৰ্তা, ১২ জুনঃ চলিত বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈ বৃহত্তৰ নাৰেঙ্গী অঞ্চললৈ গৌৰৱ কঢ়িয়াই অনা সাত কৃতী শিক্ষাৰ্থীক কালি সম্বৰ্ধনা জনায় অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নাৰেঙ্গী আঞ্চলিক সমিতিয়ে। সমিতিৰ কাৰ্যালয়ত অনুষ্ঠিত এক অনুষ্ঠানত কীৰ্তিমান সকলক সম্বৰ্ধনা জনায়।সম্বৰ্ধিত ছাত্ৰ ছাত্ৰী কেইগৰাকী হৈছে বিট্টো বাঁচভৰ, চুনু পোদ্দাৰ, অংকীতা নাথ, ৰিম্পী ডেকা, মিতালী ৰাজবংশী, মলয়া বিশ্বাস আৰু কংকনা দাস। কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক ৰিনা বৰুৱা কলিতাই শ্বহীদ বেদীত বন্তি প্ৰজ্বলন কৰি শুভাৰম্ভ কৰা গাম্ভিৰ্যপূৰ্ণ অনুষ্ঠানটোত কামৰূপ মহানগৰ জিলা সমিতিৰ সম্পাদক সুকুমাৰ বৰ্মন,নাৰেঙ্গী আঞ্চলিক সমিতিৰ সম্পাদক নয়ণজ্যোতি শৰ্মাৰ উপৰি কেইবাগৰাকী বিষয় ববীয়া আৰু মহিলা পৰিষদৰ কৰ্মকৰ্তা উপস্থিত থাকে।
প্ৰেৰক বিভাষ দাস