মহানগৰ বাৰ্তা, ১২ জুনঃ গুৱাহাটী মহানগৰীৰ পাৰ্শ্ববৰ্তী চন্দ্ৰপুৰৰ ডিগাৰুমুখত আজি প্ৰকাণ্ড বন্যহস্তী এটাৰ মৃতদেহ উদ্ধাৰ হৈছে। হাতীটো বিদ্যুৎ পিষ্ট হৈ মৃত্যু হোৱাৰ সন্দেহ কৰিছে স্থানীয় ৰাইজ আৰু বন বিভাগৰ লোকে। আজি দিনৰ প্ৰায় ডেৰ বজাত উৱলিব ধৰা মৃতদেহটো স্থানীয় এজন লোকে প্ৰত্যক্ষ কৰাৰ পিছতহে পোহৰলৈ আহে বন্যহস্তীটোৰ মৃত্যুৰ ঘটনা।জানিব পৰা মতে ডিগাৰুমুখৰ বাসিন্দা অতুল বৰ্মন নামৰ ব্যক্তি জনৰ চৌহদৰ টিলা সদৃশ স্থানত উদ্ধাৰ হয় হাতীটোৰ মৃতদেহ। প্ৰত্যক্ষ কৰা অনুসৰি ৪৪০ ভল্টৰ এল টি লাইনৰ বিদ্যুৎ তাঁৰত লাগি মাটিত পৰি আছিল প্ৰকাণ্ড হাতীটো। বিদ্যুৎ তাঁৰত মেৰ খাই আছিল বন্যহস্তীটোৰ শুৰ ডাল। ডিঙি, মুখ আৰু শুৰডালৰ কিছু অংশ একপ্ৰকাৰ জ্বলি যোৱাৰ চিন স্পষ্ট আছিল হাতীটোৰ শৰীৰত। সেই দিশৰ প্ৰতি লক্ষ্য কৰি বিদ্যুৎ পিষ্ট হৈ বন্যহস্তীটোৰ মৃত্যু হোৱা বুলি নিশ্চিত হৈছে বন বিভাগ। টিলা সদৃশ স্থানটোত উচ্চ ক্ষমতা বিদ্যুৎ তাঁৰ অতি নিম্ন উচ্চতাত ওলমি একপ্ৰকাৰ মৰণফাণ্ড সদৃশ হৈ থকাৰ পৰিপ্ৰেক্ষিততে খাদ্যৰ সন্ধানত ওলাই অহা প্ৰকাণ্ড মতা হাতীটোৰ মৃত্যু হোৱাৰ সন্দেহ কৰিছে বিভাগটোৰ বিষয়া সকলে। ইপিনে দুৰ্গন্ধ ওলোৱাৰ প্ৰতি লক্ষ্য কৰি কমেও ৩৬ ঘণ্টা পূৰ্বে বন্যহস্তীটোৰ মৃত্যু হোৱা বুলি ধাৰণা কৰিছে চিকিৎসকে। বন্যহস্তীৰ মৃতদেহ উদ্ধাৰৰ খবৰ পোৱা মাত্ৰকে বন বিভাগৰ উচ্চ পদস্থ বিষয়া বৰ্গ সেই স্থানত উপস্থিত হয়। চিকিৎসকে মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰাৰ পিছত সেই স্থানতে গাঁত খান্দি সমাধিস্থ কৰে মৃত বন্যহস্তীটোক।
প্ৰেৰক বিভাষ দাস