বিশেষ বাৰ্তা, ১২ জুনঃ ডিব্ৰুগড়ত গ্ৰেপ্তাৰ হল জল জীৱন আচনিৰ অধীনত কাম কৰা ঠিকাদাৰী প্ৰতিস্থানৰ এগৰাকী অভিযন্তা।ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশৰ পাছতেই তৎপৰ হৈ পৰিল ডিব্ৰুগড় প্ৰশাসন।ডিব্ৰুগড়ৰ গ্ৰেহাম বজাৰত যোৱা ৮ জুনত সংঘটিত এক পথ দুৰ্ঘটনাত এজন ব্যক্তিয়ে প্ৰাণ হেৰুৱাইছিল।ৰাষ্ট্ৰীয় ঘাই পথত গাঁতৰ বাবে সংঘটিত হোৱা পথ দুৰ্ঘটনাৰ বাবে দায়ী লোকসকলৰ বিৰুদ্ধে ব্যৱস্থা ল’বলৈ মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ দিয়াৰ পিছতে ডিব্ৰুগড় আৰক্ষীয়ে আজি অমৰুট আঁচনিৰ ব্যক্তিগত ঠিকাদাৰৰ এজন জৰীপ/তত্বাৱধায়ক অভিযন্তাক গ্ৰেপ্তাৰ কৰে।ডিব্ৰুগড় সদৰ থানাৰ কেছ নং ৩২৭/২০২৩ৰ ৩০৪ ধাৰাৰ অধীনত সমীৰ সৰকাৰ (পিতৃ নবীন সৰকাৰ,জিলা-উত্তৰ ২৪ পাৰগোনা,পশ্চিম বংগ) সোধপোচৰ বাবে আটক কৰা হৈছিল যদিও নিহত ব্যক্তিৰ অভিযোগৰ ভিত্তিত গ্ৰেপ্তাৰ কৰা হয়।ডিব্ৰুগড়ত এমৰুট প্ৰকল্পৰ বাবে ঠিকা আবণ্টন দিয়া কোম্পানীটোক প্ৰতিনিধিত্ব কৰা অভিযন্তাজনক প্ৰকল্পটোৰ পাইপ লাইন বহুৱাৰ সময়ত কৰা গাফিলতিৰ বাবেই গ্ৰেপ্তাৰ কৰা বুলি প্ৰকাশ।আজি তেওঁক আদালতত হাজিৰ কৰাৰ পাছতে গ্ৰেপ্তাৰ কৰা হয়।আনহাতে পথৰ দাঁতিৰ দ গাঁতত পৰি কালি নিশা আহত হোৱা ডিব্ৰুগড়ৰ যুৱ সাংবাদিক ধনটী শইকীয়াক অসম মেডিকেলত ভৰ্ত্তি কৰোৱা হয়। কালি ডিব্ৰুগড়ৰ গান্ধী নগৰত জল জীৱন মিছনৰ অধীনত খন্দা গাঁতত পৰি গুৰুতভাৱে আহত হয় ‘টাইম ৮’ ৰ সাংবাদিক ধনটী শইকীয়া।ডিব্ৰুগড়ত জল জীৱন মিছনৰ পথৰ কাষৰ গাঁতসমূহ এতিয়া পৰিণত হৈছে মৰণ ফান্দলৈ।কেৱল মানুহেই নহয় পশুধনৰো এতিয়া নিৰাপত্তা নোহোৱা হৈ পৰিছে। ডিব্ৰুগড়ৰ লাহোৱালত এনে জলজীৱন আঁচনি গাঁতত পৰি ছটফটাই ছটফটাই কৰুণ মৃত্যুক সাবটিলে এটা গোধনে।ইফালে আৰক্ষীয়ে গান্ধীনগৰ পথৰ গাঁতত পৰি আহত হোৱা সাংবাদিক জনক লগত লৈ আজি গাতটো পৰিদৰ্শন কৰি পুতি দিয়াৰ ব্যৱস্থা কৰে।গাঁতটো।ইফালে ডিব্ৰুগড়ৰ বিধায়ক প্ৰশান্ত ফুকনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে সংশ্লিষ্ট ঠিকাদাৰী প্ৰতিষ্ঠানে দাইলত ধনিয়া শাক চিটিওৱাৰ নিছিনাকৈ গাঁতসমূহ ভালকৈ নোপোটাকৈ ওপৰত শিলগুটি ছটিয়াই পাল মৰাৰ বাবেই এনে দুৰ্ভাগ্যজনক ঘটনা হ’বলৈ পাইছে।
প্ৰেৰক বিভাস দুৱৰা