বাৰ্তা ব্যুৰ, ১২ জুন : গোৱালপাৰা জিলাৰ কৃষ্ণাই আৰক্ষী থানাৰ অন্তৰ্গত তথা ১৭ নং ৰাষ্ট্রীয় ঘাইপথৰ শালপাৰাত কালি সন্ধিয়া ৮•৩০ গোৱালপাৰা জিলা বিজেপিৰ সম্পাদিকা তথা মাটিয়া গাওঁ পঞ্চায়তৰ সদস্যা জোনালী নাথৰ মৃতদেহ উদ্ধাৰ হোৱাৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে । অতিকৈ সহজ সৰল, অমায়িক স্বভাৱৰ সকলোৰে সৈতে হাহি মূখীয়াকৈ মাতবোল কৰা জোনালী নাথৰ ৰহস্যজনক মৃত্যুক কেন্দ্ৰ কৰি মাটিয়া অঞ্চলত এক শোকাকুল পৰিবেশ বিৰাজ কৰিছে।জোনালী নাথৰ স্বামী চন্দ্ৰ নাথৰ ভাষ্য অনুসৰি কালি পুৱাৰ জোনালীয়ে বিজেপিৰ সভা থকা কথা কৈ গোৱালপাৰালৈ আহে আৰু আবেলি ২•৩০ বজাত পুণৰ ঘৰলৈ উভতি যায়। ইপিনে আবেলি ৪ •৩০ বজাত পশ্চিম মাটিয়াৰ ইছলামপুৰ গাৰোপাৰাত যোৱাৰ কথাকৈ ঘৰৰ পৰা ওলাই যায় ।ঘৰলৈ উভতি যোৱাৰ পলম হোৱা বাবেই সন্ধিয়া ৭ বজাত জোনালীক ফোন কৰাত মবাইল ফোন চুইছ অফ পোৱা বুলি মন্তব্য কৰে স্বামী চন্দ্ৰ নাথে।দিন – ৰাতি একাকাৰ কৰি কাম কৰা জোনালীৰ কোনো শত্ৰু নাই বুলি দাবী কৰা স্বামী চন্দ্ৰ নাথ এয়া ৰাজনীতিৰ শত্রুতাৰ বাবে ক্ষড়যন্ত্ৰৰ বলী হোৱা বুলিও এক গুৰুতৰ অভিযোগ উত্থাপন কৰিছে স্বামী চন্দ্ৰ নাথে। এই হত্যাকাণ্ডৰ চি বি আইৰ তদন্ত কৰিবলৈ মুখ্য মন্ত্ৰীক দাবী জনাইছে স্বামী চন্দ্ৰ নাথে। স্থানীয় ৰাইজৰ ভাষ্য অনুসৰি বৃহত্তৰ মাটিয়া অঞ্চলৰ বিভিন্ন সৰু সুৰা ব্যৱসায়ীক টকা ধাৰলৈ দিয়াৰ লগতে আত্মসহায়ক গোটৰ নামত একাংশ দোকানীৰ পৰা দৈনিক টকা সংগ্ৰহ কৰিছি নাথে। বিভিন্ন দল সংগঠনৰ লগতে জাতি ধৰ্ম বৰ্ণ নির্বিশেষে সকলোৰে সৈতে অমায়িক ব্যাৱহাৰেৰে কথা কোৱা জোনালীয়ে কালি সন্ধিয়া ৬ বজাত পশ্চিম মাটিয়াৰ ইছলামপুৰ গাৰোপাৰাত থকা জনৈক মকবুল হুছেইনৰ চাহৰ দোকানত উপস্থিত হৈ স্থানীয় ৰাজিবুল আহমেদ নামৰ এগৰাকী যুৱকক ২০ হেজাৰ টকা ধাৰলৈ দিয়া বুলিও প্ৰত্যক্ষদৰ্শী ৰাইজৰ মন্তব্যত প্ৰকাশ। উক্ত চাহৰ দোকানত থকা সময়তে কোনোৱা অজ্ঞাত ব্যাক্তিৰ ফোন কলৰ বাবেই সোনকালে তাৰ পৰা ওলাই অহা বুলি মকবুল হুছেইনৰ পুত্ৰৰ মন্তব্যত প্ৰকাশ। ইপিনে উক্ত চাহৰ দোকানখনৰ পৰা ওলাই অহাৰ কিছু সময় পিছৰে পৰাই তাইৰ মোবাইল ফোন বন্ধ থকাৰ লগতে শালপাৰাৰ পথৰ দাঁতিত মৃতদেহ উদ্ধাৰ হয়। সমগ্ৰ ৰাজ্য জোকাৰি যোৱা আৰক্ষী পৰিদৰ্শক জোনালী ৰাভাৰ মৃত্যুৰ চাঞ্চল্য মাৰ নৌহওঁতেই পুনৰ গোৱালপাৰা জিলা বিজেপিৰ নিষ্ঠাবান নেত্রী তথা মাটিয়া গাওঁৰ স্থায়ী বাসিন্দা জোনালী নাথৰ ৰহস্যজনক মৃত্যুক কেন্দ্ৰ কৰি বিজেপিৰ লগতে বিভিন্ন দল সংগঠন তথা ব্যাক্তিৰ মাজত ব্যাপক তোলপাৰ সৃষ্টি হৈছে । মৃতদেহ উদ্ধাৰৰ পিছৰ পৰাই আৰক্ষীয়ে ঘটনাটোৰ প্ৰকৃত কাৰণ উদ্ঘাটন কৰাৰ চেষ্টা কৰাৰ লগতে ঘটনাৰ সৈতে জড়িত দোষীক বিচাৰি উলিয়াবলৈ অভিযান অব্যাহত ৰাখিছে। দলীয় নেত্রী গৰাকীৰ ৰহস্যজনক মৃত্যুৰ প্ৰকৃত কাৰণ উদ্ঘাটন কৰি অতি শীঘ্রেই দোষীক দৃষ্টান্তমূলক শাস্তি প্রদানৰ দাবী জনাইছে বিজেপি দলৰ নেতা কৰ্মী সকলে। ইয়াৰে প্ৰদেশ বিজেপিৰ সভাপতি ভৱেশ কলিতাই জোনালী নাথৰ ঘৰত উপস্থিত হৈ গৰীৰ শোক প্ৰকাশ কৰাৰ লগতে শোকসন্তপ্ত পৰিয়াল বৰ্গ লৈ সমবেদনা জ্ঞাপন কৰে। পৰিকল্পিতভাৱে জোনালী নাথক হত্যা কৰা বুলি সদৰী কৰি প্ৰদেশ বিজেপিৰ সভাপতি গৰাকীয়ে তদন্তমূলে হত্যাকাণ্ডৰ লগত জড়িত থকা দোষীক অতি শীঘ্রেই বিচাৰি উলিয়াই কঠোৰতম শাস্তি প্রদানৰ দাবী জনাইছে। জোনালীৰ পৰিয়ালৰ সৈতে বিজেপিয়ে সদায় থকাৰ লগতে দোষীক দৃষ্টান্তমূলক শাস্তি প্রদানৰ ব্যৱস্থা কৰিবলৈ চৰকাৰক হেচাঁ প্ৰয়োগ কৰিব বুলি উল্লেখ কৰে ভৱেশ কলিতাই ।ইতিমধ্যে জিলা আৰক্ষী অধীক্ষক ক্ষীপ্ৰতাৰে হত্যাকাৰীৰ বিচাৰি উলিয়াই কঠোৰতম শাস্তি প্রদানৰ বাবে আহ্বান জনোৱা বুলিও সদৰি কৰে। ইফালে একাংশই প্ৰচাৰ চলোৱাৰ দৰে হত্যাৰ পূৰ্বে নেত্রী গৰাকী যৌন নির্যাতন অথবা ধৰ্ষনৰ বলী হোৱা নাছিল বুলি স্পষ্ট কৰি দিয়ে গোৱালপাৰা জিলা আৰক্ষী অধীক্ষক ভি ভি ৰাকেশ ৰেড্ডীয়ে ।তেওঁ আৰু কয় যে জোনালী নাথে আত্মসহায়ক গোটৰ কামৰ বাবে ঘৰৰ ওলাই আহিছিল। তাইৰ মোবাইল ফোন আৰক্ষীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই যদিও ইতিমধ্যে মাটিয়া অঞ্চলৰ কেবাটাও চি চি টিভিৰ ফুটেজ সংগ্ৰহ কৰাৰ লগতে জোনালীৰ সৈতে মবাইল ফোনত হোৱা সকলোবোৰ ব্যাক্তিৰ ফোন কলৰ তথ্য ওলাই লৈ আৰক্ষীয়ে ক্ষীপ্ৰতাৰে তদন্ত আৰম্ভ কৰাৰ লগতে অতি শীঘ্রেই প্ৰকৃত দোষীক বিচাৰি উলিয়াবলৈ সক্ষম হব বুলিও মন্তব্য কৰে জিলা আৰক্ষী অধীক্ষক গৰাকীয়ে। ইপিনে মৃতদেহ উদ্ধাৰ হোৱা স্থলীৰ ফৰেনছিকৰ দলৰ লগতে চি আই ডিৰ দলে উপস্থিত হৈ পৰীক্ষা নিৰীক্ষা তথা তদন্ত চলোৱা বুলি উল্লেখ কৰে আৰক্ষী অধীক্ষক গৰাকীয়ে। মুৰত আঘাত কৰি হত্যা কৰা বুলি মন্তব্য কৰা হৈছে বুলিও স্পষ্ট কৰি দিয়ে আৰক্ষী অধীক্ষক গৰাকীয়ে।এই বাতৰি যুগুতোৱা লৈকে কোনো ব্যাক্তিকেই গ্ৰেপ্তাৰ কৰা নাই যদিও যথেষ্ট গুৰুত্ব সহকাৰে প্ৰতিটো দিশ তদন্ত কৰি অতি শীঘ্রেই দোষীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হব বুলিও জিলাবাসী ৰাইজক আশ্বস্থ কৰিব বিচাৰিছে জিলা আৰক্ষী অধীক্ষক গৰাকীয়ে। জোনালী নাথৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ পিছত জিলা বিজেপিৰ কাৰ্যালয়ত নি শেষ শ্বদ্ধাজ্ঞলী জ্ঞাপন কৰে বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাৰ লগতে জিলা বিজেপিৰ নেতা কৰ্মী সকলে। পিছত মাটিয়া মণ্ডল বিজেপিৰ কাৰ্যালয়ত নি তাতো দলীয় নেতা কৰ্মী সকলে শেষ শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰে। ইফালে মৃতদেহ ঘৰত নিয়াৰ পিছতে জোনালীৰ দুই কণ্যা আৰু স্বামীৰ লগতে ভূক্তভোগী পৰিয়াল বৰ্গৰ মাজত হোৱা কান্দনৰ ৰোলত শোকাকুল পৰিবেশ বিৰাজ কৰে।বিজেপিকে ধৰি বিভিন্ন দল সংগঠনৰ লগতে জোনালীৰ আত্মীয় স্বজন তথা মাটিয়াবাসী সকলোৰে মৰমৰ জোনালী নাথৰ হত্যাকাণ্ডৰ লগত জড়িত থকা দোষীক অতি শীঘ্রেই বিচাৰি উলিয়াই কঠোৰতম শাস্তি প্রদানৰ দাবী জনাইছে। ইপিনে গুৱাহাটীত থাকি অধ্যায়ন কৰা জোনালীৰ জেষ্ঠ্য কন্যা ধৃতীময়ী নাথে কয় যে কোনো দিনে কাকো গালি নিদিয়া তথা সদায় ৰাইজৰ কাম কৰা পৰিয়ালৰ গুৰিধৰোতা মূল ব্যক্তি মাকৰ মৃত্যুৰ পিছত তেওঁলোকৰ পৰিয়ালৰ কি অৱস্থা হব এতিয়া ।মাকৰ কোনো শত্ৰু নাই বুলি দাবী কৰা কণ্যাই হত্যাকাৰীক বিচাৰি উলিয়াই কঠোৰতম শাস্তি প্রদানৰ লগতে তেওঁলোকৰ পৰিয়ালক চাবলৈ চৰকাৰৰ প্ৰতি আহ্বান জনাইছে। বিজেপিৰ ৰাজ্যিক সভাপতিৰ লগতে জিলা বিজেপিৰ নেতা কৰ্মী আৰু স্থানীয় ৰাইজৰ লগতে অগনন গুণমুগ্ধৰ উপস্থিতিত মাটিয়াৰ স্থানীয় শ্মশানত আজি আবেলি ৪ বজাত জোনালী নাথৰ শেষকৃত্য সম্পন্ন কৰা হয়। এয়া ব্যাৱসায়িক কাৰণতেই হওক বা ব্যৱসায়ীক কাৰণতেই হওক বা আন যিকোনো কাৰণেই নহওঁক কিয় অতি শীঘ্রেই প্ৰকৃত দোষীক বিচাৰি উলিয়াবলৈ কঠোৰতম শাস্তি প্রদানৰ দাবী জনাইছে স্থানীয় ৰাইজে। অন্যথা তীব্ৰ আন্দোলনৰ কাৰ্যসূচী হাতত লবলৈ বাধ্য হব বুলিও মন্তব্য কৰিছে।
প্ৰেৰক উদিত নাৰায়ণ কলিতা