নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ম্যাদ ওকলা ঔষধেৰে শিৱসাগৰত ৰোগীৰ জীৱনক লৈ এপল ফাৰ্মাচীৰ হেতালি

নিয়মীয়া বাৰ্তা, ১২ জুনঃ তেল আৰু প্ৰাকৃতিক গেছ নিগম চমুকৈ অএন জিচিয়ে থলুৱা ঔষধ ব্যৱসায়ীক নিগমৰ ব্যৱসায়ীক ক্ষেত্ৰ খনৰ পৰা উৎখাত কৰি এপলৰ দৰে বৰ্হিৰাগত পূজিপতি গোষ্ঠীক সমগ্ৰ ঔষধ বিতৰণৰ ঠিকা অৰ্পণ কৰাৰ ভয়ংকৰ পৰিণতিৰ বলি হব লগা হৈছে নিগমৰ বিষয়া কৰ্মচাৰী সকল ৷ঐতিহ্যমণ্ডিত শিৱসাগৰৰ দৰে ঠাইত খিলঞ্জীয়াক উৎখাত কৰি বৰ্হিৰাগত এপলৰ দৰে পূজিপতি গোষ্ঠীক ৰহস্যজনক বুজাবুজিৰে বৰপীৰা পাৰি দিয়া অসম সম্পদৰ মুনাফালোভী অসম বিদ্ধেষী চক্ৰটোৰ মইমতালীৰ বাবেই আজি ভয়ংকৰ বিপদৰ সন্মুখত পৰা নিগমৰ এগৰাকী অৱসৰপ্ৰাপ্ত ৰাসায়নবিদৰ কথমপি প্ৰাণ ৰক্ষা পৰাৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ৰোগীৰ স্বাস্থ্যৰ পৰিৱৰ্তে মুনাফা লাভতহে অধিক নিমগ্ন এপল ফাৰ্মেচী কৰ্তৃপক্ষৰ বিৰুদ্ধে উত্থাপন হৈছে ৰোগীক ম্যাদ ওকলা ঔষধ প্ৰদাণ কৰাৰ ভয়ংকৰ অভিযোগ ৷ইতিমধ্যে পোহৰলৈ আহিছে শিৱসাগৰ অএনজিচি চিকিৎসালয় চৌহদত থকা এপল ফাৰ্মেচী কৰ্তৃপক্ষই এটা গুৰুত্বপুৰ্ণ ৰোগৰ ঔষদৰ ম্যাদ সতৰ্কীকৰণ নিৰ্দেশনাৰ ওপৰত অতিৰিক্ত ষ্ট্ৰীকাৰ লগাই নিগমৰ কৰ্মচাৰীক ঔষধ প্ৰদাণৰ ঘটনা ৷অএনজিচিত দীৰ্ঘ সময়ধৰি সেৱা আগবঢ়াই অহা নিগমৰ এগৰাকী জেষ্ঠ অৱসৰী ৰাসায়নবিদে তথ্য প্ৰমাণ সহ এই গুৰুত্বৰ অভিযোগ উত্থাপন কৰিছে ৷প্ৰাপ্ত বাতৰি মতে বিগত বহুদিন ধৰি বহুমুত্ৰ, হৃদ ৰোগত আক্ৰান্ত হৈ চিকিৎসা গ্ৰহণ কৰি থকা বিষয়া গৰাকীয়ে শেহতীয়াকৈ প্ৰসাৱজনিত সমষ্যাৰ বাবে গুৱাহাটীস্থিত নেফ্ৰলজিষ্ট ডাঃ মিতুল বৰাৰ পৰামৰ্শ গ্ৰহণ কৰিছিল ৷চিকিৎসক গৰাকীয়ে সকলো পৰীক্ষা নিৰীক্ষাৰ অন্তত অৱসৰী বিষয়া গৰাকীৰ তেজত হিমগ্লবিনৰ তাৰাতম্য দেখা পায় ৷যাৰ বাবে চিকিৎসক গৰাকীয়ে অস্কিমিয়া (৫০) নামৰ ঔষধ বিদ প্ৰদাণ কৰে ৷নিগমৰ বিষয়া হিচাবে পাব লগা চিকিৎসাৰ সুবিধা অনুযায়ী অৱসৰী বিষয়া গৰাকীয়ে যোৱা ২ জুন তাৰিখে শিৱসাগৰ অএনজিচি কলনি চিকিৎসালয়ৰ চৌহদত থকা এপল ফাৰ্মেচীৰ পৰা নিগমৰ অনুমোদিত পত্ৰৰ ২৯১৬৪৪১ ৰ ভিত্তিত মুঠ ১০ টা টেবলেট সংগ্ৰহ কৰে ৷প্ৰতিটো টেবলেটৰ মূল্য ১০০ টকা লিপিবদ্ধ থকা মুঠ ১০ টা টেবলেট নিগমৰ এগৰাকী চিকিৎসকৰ প্ৰত্যায়িত নথিৰ ভিত্তিত দুই জুনৰ দিনা প্ৰদাণ কৰা হৈছিল ৷এদিনৰ বিৰতিত দিনে দুটাকৈ সেৱন কৰিব লগীয়া অস্কিমিয়া ( ৫০) ঔষধ বিধ সেই দিনাৰ পৰা নিয়মিত বিধান পত্ৰ অনুসৰি সেৱন কৰি অহা অৱসৰী বিষয়া গৰাকীয়ে আজি উক্ত ঔষধ সেৱন কৰাৰ সময়ত ঔষধৰ পেকেটোৰ মূল্য আৰু এস্কপায়েৰী তাৰিখ উল্লেখ থকা স্থানটোত টেম্পাৰিং প্ৰতক্ষ্য কৰি সচকিত হৈ পৰে ৷লগে লগেই বিষয়া গৰাকীয়ে সন্দেহ বশত উক্ত অতিৰিক্ত ষ্ট্ৰীকাৰৰ টুকুৰাতো আতঁৰাই দিয়াৰ পিছতেই অস্পষ্ট ৰূপত দেখা পাই পুৰ্বৰ সতৰ্কীকৰণ, মূল্য, এস্কপায়েৰী তাৰিখ ইত্যাদি টোকা ৷বিপৰীতে টেম্পাৰিং প্ৰক্ৰিয়াৰে অস্কিমিয়া ( ৫০) নামৰ টেবলেটৰ পেকেতটোৰ ওপৰত উল্লেখ থকা ষ্ট্ৰীকাৰটোত কিন্তু উক্ত ঔষধৰ ম্যাদ ২০২৪ চনৰ ফেব্ৰুৱাৰী মাহ বুলি উল্লেখ আছে ৷একেটা পেকেটত ভিন্ন প্ৰকাৰে পুৰ্বৰ অংশ ঢ়াকি টেম্পাৰিং প্ৰক্ৰিয়াৰে লগোৱা নতুন ষ্ট্ৰীকাৰ প্ৰতক্ষ্য কৰি আতংকৃত হৈ পৰে ৰোগী গৰাকী বিৰত থাকে ঔষধ সেৱনৰ পৰা ৷বিশেষকৈ তিনিটাকৈ গুৰুত্বৰ ৰোগত আক্ৰান্ত তথা বাইপাছ চাৰ্জাৰী কৰা ৰোগী গৰাকীয়ে এনে জালিয়াতি প্ৰতক্ষ্য কৰে বিগত সপ্তাহদিন উক্ত ঔষধ সেৱন কৰি এক প্ৰকাৰৰ চৰম দূঃচিন্তাত সোমাই পৰে ৷ইফালে অৱসৰী বিষয়া তথা ৰোগী গৰাকীৰ এই অভিযোগৰ ভিত্তিত বহু কেইগৰাকী প্ৰতিস্থিত ঔষধ বিক্ৰেতাৰ লগতে একাংশ জেষ্ঠ চিকিৎসকৰ সৈতে যোগাযোগ কৰাত তেখেত লোকে একে মুখে ৰোগীৰ ঔষধৰ ক্ষেত্ৰত কোনো ধৰণৰ টেম্পাৰিং অথবা অতিৰিক্ত ষ্ট্ৰীকাৰ সংযোজন কৰাতো চিকিৎসা বিজ্ঞানৰ নীতি নিৰ্দেশনা অনুসৰি অৱৈধ, বিপদজনক, আইন বিৰুধ বুলি স্পষ্ট কৰি দিছে ৷যিহেতু পুৰ্বৰ এস্কপায়েৰী তাৰিখ উল্লেখ অংশটো সম্পুৰ্ণৰূপে এপল কৰ্তৃপক্ষই ক’ লা ৰং লগাই উহ্য কৰাৰ ফলত দূৰ্ভাগ্যঃবশত ৰোগীয়ে অতিৰিক্ত টেম্পাৰিং ষ্ট্ৰীকাৰ লগোৱা ঔষধ সেৱন কৰিলে বিপদ হোৱাতু অনিবাৰ্য্য ৷অন্যহাতেদি শিৱসাগৰত বিয়াগোম এটা ঔষধ পৰিদৰ্শকৰ কাৰ্য্যালয় থকাৰ পিছতো কি দৰে নাকৰ তলতে অএনজিচিৰ ঠিকাভিত্তিক এপলৱে এনে বিসংগতিপুৰ্ণ- টেম্পাৰিং কৰা, সন্দেহজনক ঔষধ বিক্ৰিৰ সাহস কৰিলে তাক লৈ প্ৰশ্নৰ সৃষ্টি হৈছে ৷একমাত্ৰ অসম বিদ্ধেষী চক্ৰৰ অধিক মুনাফা লাভৰ উদেশ্যে থলুৱা ব্যৱসায়ীক উৎখাত কৰি পূজিপতি এপল গোষ্ঠীয়ে ম্যাদ ওকলা, সন্দেহজনক ঔষধৰে ৰমৰমীয়া কোটি টকীয়া বজাৰ চলাই কাৰ্য্যৰ বিৰুদ্ধে আগন্তক দিনত জিলা প্ৰশাসন- ৰাজ্যৰ স্বাস্থ্য বিভাগে কি ব্যৱস্থা গ্ৰহণ কৰে সেইয়া হব লক্ষণীয়৷

প্ৰেৰক আশ্ৰফুৰ ৰহমান

You might also like