নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কাছাৰৰ বেঠুকান্দিত নিৰ্মীয়মাণ মথাউৰি পৰিদৰ্শন মন্ত্ৰী পীয়ূষ হাজৰিকাৰ

বিশেষ বাৰ্তা, ১৩ জুন: মন্ত্ৰী পীয়ূষ হাজৰিকাই কাছাৰ জিলাৰ বেঠুকান্দিত উপস্থিত হৈ বৰাক নদীৰ পাৰত নিৰ্মীয়মাণ মথাউৰি আৰু এখন শ্লুইচ গেট পৰিদৰ্শন কৰে। শেহতীয়াকৈ বেঠুকান্দিত জলসিঞ্চন বিভাগৰ অধীনত থকা এখন শ্লুইচ গেট জলসম্পদ বিভাগে সম্পূৰ্ণ কৰি কাৰ্যক্ষম কৰি তুলিছিল। অৱশ্য শ্লুইচ গেটখনৰ পৰা তলৰ ফালে কিছু কাৰিকৰী বিসংগতি ধৰা পৰাত জলসম্পদ বিভাগে সমাধানৰ বাবে তৎপৰতাৰে কাম কৰি আছে। মন্ত্ৰীগৰাকী আজি উক্ত স্থানত উপস্থিত হৈ শ্লুইচ গেটখনৰ সামগ্ৰিক পৰিস্থিতিৰ বুজ লয়। পৰিদৰ্শন কালত মন্ত্ৰী হাজৰিকাই পানীৰ চাপৰ প্ৰতি লক্ষ্য কৰি বেঠুকান্দিত এখন ডাঙৰ শ্লুইচ গেটৰ প্ৰয়োজনীয়তা উপলব্ধি কৰা বুলি ব্যক্ত কৰে আৰু অহা অক্টোবৰ মাহৰ পৰা ডাঙৰ শ্লুইচ গেট নিৰ্মাণৰ কাম আৰম্ভ কৰা হ’ব বুলি স্থানীয় ৰাইজক আশ্বাস দিয়ে। আনহাতে, বিগত বৰ্ষত ছিগা অংশ মেৰামতি কৰি বৰাকৰ পাৰত নিৰ্মাণৰত নতুন মথাউৰিটো পুৰণা মথাউৰিতকৈ প্ৰায় দুগুণ ডাঙৰ বুলি উল্লেখ কৰি মন্ত্ৰী হাজৰিকাই কয় যে এই মথাউৰিৰ কামো প্ৰায় ৮০ শতাংশ সম্পূৰ্ণ কৰা হৈছে আৰু এইবাৰ মথাউৰি ছিগাৰ আশংকা যথেষ্ট পৰিমাণে হ্ৰাস হৈছে। চৰকাৰে সম্ভাব্য বানপানীৰ সৈতে মোকাবিলা কৰিবলৈ সংশ্লিষ্ট সকলো পক্ষকে সাজু কৰি তোলা বুলি উল্লেখ কৰি মন্ত্ৰী হাজৰিকাই কয় যে জলসম্পদ বিভাগেও ক্ৰয় কৰি ৰখা প্ৰায় ১০ লাখ জিঅ’ বেগ আৰু ৯৫ হাজাৰ পৰ্কিউপাইন ছেটৰ ৭৫ শতাংশই জিলাসমূহলৈ ইতিমধ্যে প্ৰেৰণ কৰিছে।

You might also like