নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নগৰবেৰাত চোৰাং গৰুৰ ছিণ্ডিকেট, তিনিজনক ন্যায়িক জিম্মালৈ

📌 মন্দিৰাত আৰক্ষীৰ জালত ৭টাকৈ চোৰাং গৰু

নিয়মীয়া বাৰ্তা,  ১৩ জুনঃ কামৰূপৰ বকো সমষ্টিৰ অন্তৰ্গত বৃহত্তৰ নগৰবেৰা অঞ্চলত শেহতীয়াকৈ চোৰাং গৰুৰ বৃহৎ ছিণ্ডিকেট চলি থকাৰ সময়তে মন্দিৰা আৰক্ষীৰ বৃহৎ দল এটাই মন্দিৰা আৰক্ষী চকীৰ এলেকাধীন হেক্ৰাৰ ৰাজপথত এক অভিযান চলাই সাতটাকৈ গৰুসহ তিনি সৰবৰাহকাৰীক নাটকীয়ভাৱে আটক কৰিবলৈ সক্ষম হয় ৷ প্ৰাপ্ত তথ্য মতে, নগৰবেৰা আৰক্ষী থানাৰ এলেকাধীন বিভিন্ন প্ৰান্তত আজিও অব্যাহত আছে চোৰাং গৰুৰ বৃহৎ ছিণ্ডিকেট ৷ দীৰ্ঘদিনৰ পৰা এটা চক্ৰৰ নেতৃত্বত নগৰবেৰাৰ বিভিন্ন প্ৰান্তত চলি আছে এনেধৰণৰ চোৰাং গৰুৰ সৰবৰাহ ৷ প্ৰতিবেশী গোৱালপাৰাৰ ধূপধৰা পশুহাটৰ পৰা ক্ৰয় কৰি গোধন‌ ধুপধৰা-নগৰবেৰা পথেৰে টুপামাৰী, পলাহৰটাৰী, আলোপতি-মাজৰচৰ, কাছুমাৰা, সোণতলীৰ লগতে পদূপাৰা ,বালিঝাৰ, বৰুৱাপথাৰ, শিমলীতোলা, সুতাৰপাৰা, গাৰোমাৰী, মাটিয়ালৈ সৰবৰাহ হয় যদিও বিভিন্ন সময়ত আৰক্ষীয়ে সকলো তথ্য পোৱা স্বত্বেও নীৰৱ ভূমিকা পালন কৰা দেখা যায় ৷ উল্লেখিত অঞ্চলৰ সংশ্লিষ্ট আৰক্ষীৰ ৰহস্যজনক স্থিতিৰ বাবেই আজিকোপতি বন্ধ নহল চোৰাং গৰুৰ সৰবৰাহকাৰীৰ বৃহৎ নেটৱৰ্ক ৷ আজি মন্দিৰা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া এছ কে বসুমতাৰীৰ নেতৃত্বত বৃহৎ আৰক্ষীৰ দল এটাই নগৰবেৰা আৰক্ষী আৰু মন্দিৰা আৰক্ষীৰ চকীৰ সীমামূৰীয়া অঞ্চলত চোৰাং গৰুৰ বিৰুদ্ধে আকস্মিক এক অভিযান চলাই ধূপধৰাৰ পৰা টুপামাৰী অভিমুখে নিয়াৰ পথত সাতটাকৈ গৰুসহ তিনি সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয় ৷ আৰক্ষীৰ জালত পৰা ধৃত সৰবৰাহকাৰীকেইজন ক্ৰমে আজিম উদ্দিন, মুজাহাৰুল ইছলাম আৰু আজিত আলী | তিনিও নগৰবেৰাৰ টুপামাৰী অঞ্চলৰ ৷ আৰক্ষীয়ে ধৃত তিনিওজন চোৰাং গৰু সৰবৰাহকাৰী চক্ৰৰ লগত জড়িত থকাৰ সন্দেহত আটক কৰি আজি দুপৰীয়াৰ ভাগত জেল-হাজোতলৈ প্ৰেৰণ কৰে ৷ উল্লেখ্য যে প্ৰায়ে নগৰবেৰা-ধুপধৰা, শিমলীতোলা-মাটিয়া, শিমলীতোলা-সুতাৰপাৰা, গাৰোমাৰী পথেৰে একাংশই অবাধে সৰবৰাহ কৰে শ শ পশু আৰু সেইসমূহৰ অধিকাংশৰে নাথাকে বৈধ নথি-পত্ৰ ৷ উল্লেখিত অঞ্চলতসমূহত চোৰাং গৰু সৰবৰাহকাৰীৰ নেটৱৰ্কৰ বিৰুদ্ধে আগলৈ সংশ্লিষ্ট আৰক্ষী প্ৰশাসনে কেনে স্থিতি লয়, সেয়াহে লক্ষণীয় |

প্ৰেৰক সঞ্জীৱ কুমাৰ দাস

You might also like