ওড়িশাত টাটা ষ্টীল প্লাণ্টত দুৰ্ঘটনা, ১৯ জন লোক আহত
বিশেষ বাৰ্তা, ১৩ জুনঃ ওড়িশাৰ ধেংকনাল জিলাৰ মেৰামাণ্ডলীৰ টাটা ষ্টীল প্লাণ্টত সংঘটিত এটা দুৰ্ঘটনাত কমেও ১৯জন লোক আহত হয়। খবৰ অনুসৰি, ভাপ পাইপ ফাটি যোৱাৰ ফলত দুৰ্ঘটনাটো সংঘটিত হয়। সূত্ৰ অনুসৰি, এই দুৰ্ঘটনাৰ ফলত ব্লাষ্ট ফাৰ্নেচ পৰ্যবেক্ষণ কৰি থকা একাংশ অভিযন্তা আৰু শ্ৰমিক আহত হয়। খবৰ অনুসৰি, উতলি থকা পানী পৰি লোককেইজন আহত হয়। আহতসকলক কটকৰ এখন ব্যক্তিগত চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়।