বিশেষ বাৰ্তা, ১৩ জুনঃ ডিব্ৰুগড়ত জাহ গল, ব্ৰহ্মপুত্ৰৰ মথাউৰি ২০ মিটাৰ ভূমি! আতংকিত জনগণ। ডিব্ৰুগড়ত পুনৰ কালৰূপ ধাৰণ কৰিছে মহাবাহু বহ্মপুত্ৰই।চহৰৰ গাতে লাগি থকা মথাউৰিৰ পাৰত পুনৰ হোৱা গড়াখহনীয়াই আতংকিত কৰি তুলিছে ডিব্ৰুগড়বাসীক।এইবাৰ চহৰৰ মাৰোৱাৰীপট্টীৰ পূজাঘাটত যোৱা নিশাৰে পৰা হৈছে ভয়ংকৰ খহনীয়া।ডিব্ৰুগড় চহৰৰ ব্যৱসায়ীক প্ৰাণকেন্দ্ৰ মাৰোৱাৰীপট্টীত নিশাৰ পৰা সৃষ্টি হোৱা খহনীয়াই ইতিমধ্যেই খহাই নিলে প্ৰায় ২০ মিটাৰ মথাউৰি পাৰৰ ভূমি।নিশাৰ ভাগত স্থানীয় লোকৰ দৃষ্টিগোচৰ হোৱাত জলসম্পদ বিভাগক খবৰ দিয়া হয় আৰু বিভাগে প্ৰতিৰোধৰ চেষ্টা অব্যাহত ৰাখিছে।ডিব্ৰুগড়ৰ বিধায়ক প্ৰশান্ত ফুকন ঘটনাস্থলীত উপস্থিত হৈ সমগ্ৰ খহনীয়া তদাৰক কৰাৰ লগতে উপায়ুক্ত বিশ্বজিৎ পেগুৱে নিজে উপস্থিত থাকি পৰিস্থিতি পৰিৰ্দশন কৰি কয় যে আপষ্ট্ৰীমত কিছু খহনীয়া আছিল যদিও প্ৰতিহত কৰা হয় আৰু তাত বাধা পাই পুনৰ ডাউন ষ্ট্ৰীমত পানীয়ে খুন্দা মাৰি খহনীয়াৰ স্বৃষ্টি কৰে।নিশাৰে পৰা জলসম্পদ বিভাগে অহৰহ কাম কৰি আছে আৰু ডিব্ৰুগড়বাসীয়ে ভয় কৰাৰ কোনো কাৰণ নাই—উপায়ুক্ত পেগুৱে উল্লেখ কৰে।উল্লেখ্য যে ইয়াৰ পূৰ্বে চলিত বৰ্ষৰ মাৰ্চ মাহতো এই অঞ্চলৰ পৰা প্ৰায় ২০০ মিটাৰ নিলগৰ কাছাৰী ঘাটত অনুৰূপ ধৰণে সংঘটিত হৈছিল ভয়ংকৰ খহনীয়া।তেতিয়াই সুৰক্ষা বান্ধৰ নিচেই কাষত অৱস্থান কৰিছিল মহাবাহু ব্ৰহ্মপুত্ৰ।পুনৰ যোৱা নিশাৰ পৰা চহৰখনৰ পুজা ঘাটত সংঘটিত হৈছে এনে ভয়ংকৰ খহনীয়া।খহনীয়া ৰোধৰ বাবে জিলা প্ৰশাসনে, জলসম্পদ বিভাগৰ উদ্যোগত জীঅ’বেগ, পাৰ্কুপাইন ইত্যাদিৰে প্ৰতিৰোধৰ কাম অব্যাহত আছে যদিও সংশ্লিষ্ট বিভাগৰ এনে জোৰা টাপলি মৰা কামত কিদৰে মহাবাহুৰ প্ৰবল খহনীয়াক প্ৰতিৰোধ কৰিবলৈ সক্ষম হব সেয়া বিচাৰ্যৰ বিষয়।আনহাতেদি বিধায়ক প্ৰশান্ত ফুকনে সমগ্ৰ ৰাইজক আস্বস্ত কৰি কয় যে বিয়লিলৈ খহনীয়া প্ৰতিৰোধ হৈ উঠিব।পাকুপাইন,জিঅ’বেগ দিয়া হৈছে।সকলোৱে তৎপৰতাৰে কাম কৰিছে।সেয়ে বিশেষ চিন্তাৰ কাৰণ নাই।ব্ৰহ্মপুত্ৰৰ জলৰাশি দক্ষিণ পাৰলৈ হঠাৎ আহি পৰাত এনে এক অৱস্থাৰ স্বৃষ্টি হোৱা বুলিও বিধায়ক ফুকনে মন্তব্য কৰে।সেয়া যিয়েই নহওক কিয়,প্ৰতিটো বাৰিষাতেই ডিব্ৰুগড় চহৰলৈ ব্ৰহ্মপুত্ৰৰ প্ৰবল খহনীয়াই এক ভাবুকিৰ কাৰক হৈ আহিছে যদিও আজি পৰ্যন্ত কোনো এখন চৰকাৰে বিশেষ পদক্ষেপ গ্ৰহণ কৰা পৰিলক্ষিত নোহোৱাত ৰাইজৰ মাজত সৰব চৰ্চা চলিছে।বিশেষকৈ ১৯৫৫ চনতে তদানিন্তন প্ৰধান মন্ত্ৰী জৱাহৰলাল নেহৰু নিজেই আহি খহনীয়া প্ৰত্যক্ষ কৰি ডিব্ৰুগড় মাইজানৰ পৰা মোহনাঘাট লৈকে ১১ কিলোমিটাৰ ডিব্ৰুগড় সুৰক্ষা বান্ধটো নিৰ্মাণ কৰিছিল।ডিব্ৰুগড় চহৰতকৈ বহু উপৰৰে বৈ যোৱা ব্ৰহ্মপুত্ৰ নদীয়ে বছৰ বছৰ ধৰি চহৰৰ কাষতেই খহনীয়া সৃষ্টি কৰি চহৰ বাসীক আতংকিত কৰি আহিছে যদিও কেতিয়ালৈ ইয়াৰ এক স্থায়ী সমাধান হ’ব সেইয়াও এই সময়ত এক লাখটকীয়া প্ৰশ্ন।
প্ৰেৰক বিভাস দুৱৰা