নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দেশৰ ২৮ মহানগৰৰ ভিতৰত গুৱাহাটীতে সামগ্ৰীৰ মূল্য বহুত কম : পাঠশালাত ৰঞ্জিত দাস

নিয়মীয়া বাৰ্তা, ১৩ জুনঃ আগন্তুক লোকসভা নিৰ্বাচনক লৈ সমগ্ৰ ৰাজ্যতে বিজেপিয়ে জন সম্পৰ্ক অভিযান চলাই আহিছে। ইয়াৰ লগত সংগতি ৰাখি আজি বিজেপিৰ বজালী জিলা সমিতিৰ উদ্যোগত পাঠশালাৰ হৰিমন্দিৰ প্ৰাংগনত প্ৰচণ্ড গৰমক নেওচি বিজেপিৰ বজালী জিলা সমিতিয়ে অনুষ্ঠিত কৰে হিতাধিকাৰী সন্মিলন৷ বিজেপিৰ বজালী জিলা সমিটিৰ সভাপতি নগেন চৌধুৰীৰ সভাপতিত্ব অনুষ্ঠিত এই সন্মিলনত কেবাশ হিতাধিকাৰী মহিলাকে ধৰি যুৱ পৰিষদ, মহিলা পৰিষদ, তথা মণ্ডল সমিতি সমূহৰ কাৰ্যকৰ্তা উপস্থিত থাকে৷ উল্লেখ্য যে ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ উদ্দেশ্যে আৰম্ভ কৰা মহা জন সম্পৰ্ক অভিযানৰ অংশস্বৰূপে আয়োজন কৰা এই হিতাধিকাৰী সন্মলনত অংশগ্ৰহণ কৰি মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে হিতাধিকাৰীক উদ্দেশ্য কয় যে ৰাজ্য চৰকাৰে অসমৰ হিতাধিকাৰী সকলক যথেষ্ট পৰিমাণে সহায় সহযোগিতা আগবঢ়াই আহিছে৷ সমগ্ৰ অসমৰ লগতে বৰ্তমান পাটাছাৰকুছি সমষ্টিত ৩১ হেজাৰতকৈও অধিক কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ হিতাধিকাৰী আছে৷ এই ৩১ হাজাৰগৰাকী হিতাধিকাৰীয়ে ভাৰত চৰকাৰ তথা ৰাজ্য চৰকাৰৰ পৰা নিয়মিতভাৱে ধনৰাশি লাভ কৰি আহিছে৷ ইয়াৰ লগতে আগন্তুক দিনত পাটাছাৰকুছি সমষ্টিৰ প্ৰায় ২০ হাজাৰ নতুন হিতাধিকাৰীক ৰেচন কাৰ্ড আৰু আয়ুষ্মান অসমৰ কাৰ্ড দিয়াৰ বাবেও প্ৰচেষ্টা অব্যাহত আছে বুলি মন্ত্ৰীগৰাকীয়ে কয়৷ উল্লেখযোগ্য যে, প্ৰধানমন্ত্ৰী আৱাস যোজনা, অৰুণোদয়, বৃদ্ধ পেঞ্চন, বিধৱা পেঞ্চন আদিৰ জৰিয়তে পাটাছাৰকুছি সমষ্টিৰ প্ৰায় ৩১ হাজাৰ গৰাকী হিতাধিকাৰীয়ে ভাৰত চৰকাৰ তথা ৰাজ্য চৰকাৰৰ পৰা ধনৰাশি লাভ কৰি আহিছে৷ আনহাতে হিতাধিকাৰী সন্মিলন চলি থকাৰ সময়তে বিদ্যুত মাচুল বৃদ্ধিৰ প্ৰতিবাদী কাৰ্যসূচীৰে ৰাজপথ কঁপাই গৈছিল বজালী ব্লক কংগ্ৰেছ কমিটিয়ে৷ হেন সময়তে স্মাৰ্ট মিটাৰৰ বিসংগতি তথা মূল্যবৃদ্ধি সন্দৰ্ভত সাংবাদিকে মন্ত্ৰীগৰাকীৰ প্ৰতিক্ৰিয়া জানিব বিচৰাত মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস কয় যে স্মাৰ্ট মিটাৰৰ বিষয়টো চৰকাৰে পৰীক্ষা নিৰীক্ষা চলাই আছে৷ এই ক্ষেত্ৰত মুখ্যমন্ত্ৰীয়ে নিজে দায়িত্ব লৈছে৷ মূল্যবৃদ্ধি সম্পৰ্কতো মন্তব্য কৰি মন্ত্ৰীগৰাকীয়ে কয় যে ভাৰতবৰ্ষৰ ২৮ খন মহানগৰৰ ভিতৰত গুৱাহাটীতে সামগ্ৰীৰ মূল্য বহু কম৷ ইপিনে আজি আগন্তুক লোকসভা নিৰ্বাচনত যাতে হিতাধিকাৰীসকলৰ পৰা বিজেপিয়ে পূৰ্ণ সহযোগ লাভ কৰিবলৈ সক্ষম হয় সেই উদ্দেশ্য হিতাধিকাৰী সন্মিলন অনুষ্ঠিত কৰাৰ মাজতে এগৰাকী মহিলাই কান্দি কান্দি তেওক থাকিবলৈ এটা ঘৰ দিব লাগে মূখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা আৰু মন্ত্রী ৰঞ্জিত কুমাৰ দাসক অনুৰোধ জনায়। হিতাধিকাৰী সন্মিলনৰ মাজতে এনেধৰণে দুখীয়া মহিলাগৰাকীয়ে বিলাপ কৰাত এক অনুহুত পৰিৱেশৰ সৃষ্টি হোৱাত বিজেপিৰ একাংশই মহিলাগৰাকীক সান্তনা দিয়া পৰিলক্ষিত হয়।

প্ৰেৰক কল্যাণ কলিতা

You might also like