নিয়মীয়া বাৰ্তা, ১৪ জুন : অসম আৰক্ষীৰ ফোঁপোলা স্বৰূপ উদঙাই ১৩ জুনৰ বিয়লি ঘিলামৰা আৰক্ষীৰ গাড়ীৰ পৰাই এজন ড্ৰাগছ সেৱণকাৰী পলাবলৈ সক্ষম হোৱা ঘটনাই সৃষ্টি কৰা মিশ্ৰিত প্ৰতিক্ৰিয়াৰ ১৬ ঘণ্টা পাৰ নৌহওঁতেই আজি পুৱাই সোণাৰি চাপৰি আৰক্ষীয়ে গেপ্তাৰ কৰিবলৈ সক্ষম হয় পলাতক আচামী প্ৰদীপ চুতীয়াক ৷ সোণাৰি চাপৰি আৰক্ষী চকীৰ অন্তগত সৰু পতীয়া গাঁৱৰ ড্ৰাগছ আসক্ত প্ৰদীপ চুতীয়াক সোৱণশিৰি বেবেজিয়া অঞ্চলৰ ফুচকৰামুখ গাঁৱৰ ৰাইজে আটক কৰি ঘিলামৰা আৰক্ষীক চমজাই দিছিল আৰু উক্ত ড্ৰাগছ আসক্ত আটকাধীন যুৱকজনক অন্য এজন আচামীসহ ঘিলামৰা থানাত এন ডি পি এছ আইনৰ আধাৰত গোচৰ পঞ্জীয়ন কৰাৰ পিছত গ্ৰেপ্তাৰ কৰি ১৩ জুনৰ বিয়লি ঢকুৱাখনা মহকুমা ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰিবলৈ ঘিলামৰা থানাৰ আৰক্ষী বিষয়া নাচিৰ খানৰ নেতৃত্বত আৰক্ষীৰ দলে বিভাগীয় গাড়ীত লৈ গৈ থকাৰ সময়তে ঢকুৱাখনা – ঘিলামৰা ৰাজ্যিক ঘাইপথৰ জামুগুৰি অংশত আচামী প্ৰদীপ চুতীয়াই গাড়ীৰ পৰা জঁপিয়াই নামি দৌৰি পলাই যায়। আৰক্ষীৰ বেষ্টনীৰ মাজৰ পৰাই দিন দুপৰতে আচামী দৌৰি পলোৱাৰ পাছত স্তম্ভিত আৰক্ষীৰ দলটোৱে খেদি যায় যদিও ধৰিবলৈ সক্ষম ন’হল । ঘিলামৰা আৰক্ষী থানাত পঞ্জীভূত গোচৰ ৩৮/২০২৩ ৰ অভিযুক্ত পলাতক আচামী চুতীয়াই আৰক্ষীৰ বেষ্টনী ফালি পলাই গৈ এখন গাড়ীয়ে আহি সন্ধিয়া সোণাৰি চাপৰিত উপস্থিতহৈ নিজা ঘৰ অভিমুখে ৰাওনা হোৱাৰ খবৰ লাভ কৰি সোণাৰি চাপৰি আৰক্ষীয়ে গোপনে অনুসন্ধান কৰি উৰে নিশা চুতীয়াৰ বাসগ্হৰ আশেপাশে আত্মগোপন কৰি থাকি পুৱতিনিশালৈকে কোনো সন্ধান লাভ কৰিব নোৱাৰি বিফল হয় যদিও অশেষ ধৰ্যৰে অপেক্ষা কৰাৰ অন্তত সফলতা লাভ কৰিবলৈ সক্ষম হয় ৷ আজি পুৱা ৫ বজাত চুতীয়াই কোনো এক অজ্ঞাত স্বানৰ পৰা অতি সন্তৰ্পণে নিজা ঘৰত প্ৰবেশ কৰি বিচনাত আশ্ৰয় লোৱাৰ মুহুততে সোণাৰি চাপৰি আৰক্ষী চকীৰ মেজৰ ছামচুদ্দিন আহমেদৰ নেতৃত্বত উৰে নিশা উজাগৰে আত্মগোপন কৰি থকা সোণাৰি চাপৰি আৰক্ষীয়ে চুতীয়াক গেপ্তাৰ কৰি ঘিলামৰা আৰক্ষীক খবৰ দিয়ে ৷ জানিব পৰা মতে ড্ৰাগছ সেৱণকাৰী চুতীয়াৰ বিৰুদ্ধে ঢকুৱাখনা সদৰ থানাতো ৩৫৩/২২৪ ধাৰাত ৮২/২০২৩ নম্বৰত আন এক গোচৰ পঞ্জীয়ন হৈছে ৷
প্ৰেৰক ৰাজেশ বুঢ়াগোহাঞি