নিয়মীয়া বাৰ্তা, ১৪ জুনঃ বিলাসীপাৰা থানাৰ অ’চি জ্যোতিৰ্ময় গায়নকে ধৰি উপ পৰিদৰ্শক (SI) ,কনিষ্টবল, হোমগাৰ্ড সহ প্ৰায় অৰ্ধ শতাধিক আৰক্ষীক শাস্তিমূলক বদলি। যোৱা ২৫ মেৰ পুৱতি নিশা বিলাসীপাৰা চহৰৰ ৮নং ৱাৰ্ডত এক লোমহৰ্ষক হত্যাকাণ্ড সংঘটিত হৈছিল। বাছেৰ আলী নামৰ এজন প্ৰতিষ্ঠিত যুৱ ব্যৱসায়ীক বিছানতে শূন্য দুৰত্বৰ পৰা গোলিয়াথ হত্যা কৰিছিল। এই হত্যাকাণ্ডই সমগ্ৰ ৰাজ্যতে জোকাৰণিৰ সৃষ্টি কৰিছিল। ঘটনা সন্দৰ্ভত ধুবুৰী জিলা আৰক্ষী অধীক্ষকৰ নেতৃত্বত তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছিল। পিছে হত্যাকাৰীক আটক কৰিবলৈ গৈ বিলাসীপাৰা আৰক্ষীয়ে শিশু সহ মহিলাক গ্ৰেপ্তাৰ নকৰাকৈ ৬ দিন থানাত ৰখাৰ অভিযোগ উত্থাপন হয়। বিষয়টো গুৱাহাটীৰ উচ্চ ন্যায়ালয়ৰ মজিয়া পায়। আৰক্ষীৰ এনে নাভূত-নাশ্ৰুত ঘটনাকলৈ ক্ষুব্ধ হৈ পৰে গুৱাহাটী উচ্চ ন্যায়ালয়। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ তীব্ৰ ককৰ্থনা আৰু জবাবদিহিৰ পিছতেই শাস্তিমূলক বদলি হৈছিল ধুবুৰীৰ আৰক্ষী অধীক্ষক অপৰ্ণা নটৰাজন। তাৰোপৰি বাছেৰ আলী হত্যা কাণ্ডৰ চি আই ডি তদন্ত চলি থকাৰ মাজতেই বিলাসীপাৰা থানাৰ সকলো আৰক্ষী শাস্তিমূলক বদলি কৰা হৈছে।
প্ৰেৰক সমৰেশ শীল শৰ্মা