বেংগালুৰু এফচিৰে চুক্তিবদ্ধ অসম সন্তান হলিচৰণ নার্জাৰী
বিশেষ বাৰ্তা, ১৪ জুনঃ আগন্তুক তিনি বছৰৰ বাবে বেংগালুৰু এফচিৰে চুক্তিৱদ্ধ ফুটবলাৰ হলিচৰণ নার্জাৰী৷ ইণ্ডিয়ান ছুপাৰ লীগৰ প্রস্তুতিৰ বাবে বেংগালুৰুৱে মিডিফিল্ডাৰ হলিচৰণ নার্জাৰীৰ সৈতে তিনি বছৰৰ বাবে চুক্তিৱদ্ধ হোৱাৰ কথা ঘোষণা কৰে৷ ২০২০ চনত হায়দৰাবাদ এফচিৰ হৈ খেলা অসম সন্তান হলিচৰণে এফচি গোৱা, নর্থ–ইষ্ট ইউনাইটেড এফচি, কেৰালা ব্লাষ্টার্ছ এফচি আৰু চেন্নাইন এফচিকে ধৰি বিভিন্ন আইএছএল দলৰ হৈ খেলিছিল৷ আইএছএলৰ ৯টা ছিজনত ১০৩ খন মেচত অংশগ্রহণ কৰা হলিচৰণ নার্জাৰীয়ে ২০২১–২২ চনৰ হায়দৰাবাদ এফচিৰ খিতাপ জয়ৰ অভিযানত অংশ হিচাপে থকাৰ বিপৰীতে ২০১৯ চনৰ চেন্নাইন এফচিৰ সৈতে ছুপাৰ কাপত ৰানার্ছআপ হোৱাৰ সোৱাদ লাভ কৰিছিল৷ উল্লেখ্য যে অসম সন্তানগৰাকীয়ে ২০১০ চনত কিশোৰ অৱস্থাতে পাইলান এৰ’ছ (বর্তমান ইণ্ডিয়ান এৰ’ছ)ত নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল৷ আই লীগ ক্লাব ডিএছকে শিৱাজীয়ানাছ এফচি আৰু ডেম্প’ এছচিৰ হৈয়ো খেলা হলিচৰণে ১৯ আৰু ২৩ বছৰ অনূর্ধ্ব পর্যায়ত ভাৰতক প্রতিনিধিত্ব কৰি ছিনিয়ৰ দলৰ হৈ ২৭ খন খেল ভাগ লৈছে৷