📌 অভিভাৱকহীন হ’ল নগাঁৱৰ নাট্য সমাজ
নিয়মীয়া বাৰ্তা, ১৫ জুনঃ নগাঁও জিলাৰ বেবেজীয়াৰ দাঁতিকাষৰীয়া ব্ৰাহ্মণগাঁও নিৱাসী তথা বৃহৎ অঞ্চলটোৰ মুখ্যতঃ নাট্য আন্দোলনৰ লগতে বিদ্যায়তনিক জগতৰ প্ৰভাৱশালী ব্যক্তিত্বৰে মহিমামণ্ডিত নেত্ৰকমল বৰঠাকুৰৰ আজি নিজ বাসগৃহত পুৱা প্ৰায় ৯ বজাত হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ মৃত্যু হোৱাৰ দুঃসংবাদে সকলোকে শোকাভিভূত কৰি তোলে ৷ প্ৰজ্ঞাৱান পুৰুষগৰাকীৰ বিয়োগে বৃহৎ ক্ষতি কৰিলে অসমৰ নাট্য আন্দোলনৰ । এগৰাকী সফল নাট্যকাৰ, পৰিচালক, অভিনেতা আৰু শিক্ষাবিদ বৰঠাকুৰে “গাদী নাট্য গোষ্ঠী” গঠন কৰি ৰাজ্যখনৰ চুকে-কোণে সফলতাৰে নাট্য অভিনয় কৰি অসমৰ নাট্য আন্দোলনক এক অনন্য মাত্ৰা প্ৰদান কৰিছিল । নগাঁৱৰ চকলাঘাটৰ ব্ৰাহ্মণ গাঁৱত বসবাস কৰা সৰবৰহী লোকজনৰ শিক্ষাদানৰ পদ্ধতি আছিল অভূতপূৰ্ব । এগৰাকী সফল শিক্ষক হিচাপে তেওঁৰ খ্যাতি অপৰিসীম । তেওঁৰ বিয়োগত বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানে দুখ প্ৰকাশ কৰাৰ উপৰি বৰঠাকুৰৰ পবিত্ৰ সোঁৱৰণত গভীৰ শ্ৰদ্ধা নিবেদন কৰে ।
প্ৰেৰক প্ৰাঞ্জল বৰদলৈ