নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক্ষেত্ৰী-সোণাপুৰত পি এম কিষাণৰ পৰিপূৰ্ণতা অভিযানত কৃষকৰ ভিৰ

নিয়মীয়া বাৰ্তা, ১৫ জুনঃ কৃষকক আৰ্থিক সাহায্য প্ৰদানৰ উদ্দেশ্যে ২০১৮-১৯ বৰ্ষত কেন্দ্ৰীয় চৰকাৰে ৰূপায়ণ কৰা কৃষক সন্মান নিধি আঁচনিয়ে বৰ্তমানলৈ দেশৰ প্ৰায় ১১ কোটি কৃষকক সামৰি লৈছে। কিন্তু অসমৰ বহুসংখ্যক হিতাধিকাৰী এতিয়াও এই আঁচনিত অন্তৰ্ভুক্ত হোৱাৰ পৰা বঞ্চিত হৈ আছে। তাৰ বাবে চৰকাৰে বিভিন্ন সময়ত প্ৰচেষ্টা চলাই আহিছে। বঞ্চিত কৃষকসকলক আঁচনিত অন্তৰ্ভুক্ত কৰিবলৈ এইবাৰ চৰকাৰে গ্ৰহণ কৰিছে কৃষক সন্মান নিধি পৰিপূৰ্ণতা অভিযান। ১২ জুনৰ পৰা আৰম্ভ হোৱা এই অভিযান কামৰূপ মেট্ৰ’ কৃষি বিভাগৰ ‌অন্তৰ্গত ক্ষেত্ৰী আৰু সোণাপুৰ কৃষি উন্নয়ন চক্ৰত ১৬ জুনলৈ চলিব। ক্ষেত্ৰী আৰু সোণাপুৰৰ স্থানীয় কৃষি উন্নয়ন বিষয়া ক্ৰমে জ্যোতি কোঁৱৰ আৰু নিৰোদ নাথৰ বিশেষ তৎপৰতাত শিবিৰসমূহত কৃষক হিতাধিকাৰীৰ লক্ষণীয় ভিৰ দেখা গৈছে। ক্ষেত্ৰীৰ ধোপগুৰি, মালয়বাৰী আৰু সোণাপুৰৰ ডিগাৰু, হহঁৰাত চলি থকা শিবিৰত প্ৰতিকূল বতৰকো নেওচি শাৰী পাতিছে কৃষকে। শিবিৰ আৰম্ভ হোৱাৰ দিনাৰে পৰা কামৰূপ মেট্ৰ জিলা প্ৰশাসনৰ উচ্চপদস্থ বিষয়ববীয়া, জিলা কৃষি বিষয়া বিমলা প্ৰসাদ দেউৰী, পি এম কিষাণৰ ন’ডেল বিষয়া মুকুল বৰ্মনকে ধৰি অন্যান্য বিভাগীয় বিষয়াসকলে প্ৰতিদিনে শিবিৰসমূহ পৰিদৰ্শন কৰি তথা উপস্থিত হৈ কাম-কাজ সুচাৰুৰূপে চলাই নিয়াত গুৰুত্ব আৰোপ কৰিছে। অভিযানত কৃষি বিভাগৰ ফচল বীমা গোটৰ উপৰি ইণ্ডিয়ান পোষ্টেল বেংক, বিভিন্ন ৰাজহুৱা খণ্ডৰ বেংক, সামূহিক সেৱা কেন্দ্ৰ, আধাৰ সেৱা কেন্দ্ৰ আদিয়ে অংশগ্ৰহণ কৰিছে। ধন লাভৰ পৰা বঞ্চিত হিতাধিকাৰীসকলৰ ই কে ৱাই চিৰ কাম, সঞ্চয় বেংক একাউণ্টৰ লগতে আধাৰ সংযোজন তথা নতুন বেংক একাউণ্ট খোলাৰ কাম কৰি থকা হৈছে।

You might also like