নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চিআইডিক ভুল তথ্য হাছানুৰৰ : গোৱালপাৰাৰ জোনালী নাথৰ মৃত্যুৰ নতুন মোৰ

🔴কাঠৰ টুকুৰাৰে হাছানুৰে মৰিয়াই মৰিয়াই হত্যা কৰিছিল জোনালীক
🔴হত্যাকাৰী হাছানুৰ ইছলামৰ বাসগৃহত উদ্ধাৰ তেজৰ চেকুৰা থকা কাঠৰ টুকুৰা-জোনালীৰ ডায়েৰী
🔴চিআইডিক হাছানুৰে দিয়া তথ্য ভুল প্ৰমানিত। 
বাৰ্তা ব্যুৰ, ১৫ জুনঃ গোৱালপাৰাৰ বিজেপি নেত্ৰী জোনালী নাথ হত্যাকাণ্ডক লৈ আৰক্ষীয়ে ন ন তথ্য উদঘাটন কৰিবলৈ সক্ষম হৈছে ৷ আজি গোৱালপাৰাৰ উপ-আৰক্ষী অধীক্ষক অনুৰাগ শৰ্মা আৰু মৰনৈ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সমীৰ কোঁৱৰৰ নেতৃত্বত আৰক্ষীৰ দল এটাই হত্যাকাৰী হাছানুৰ ইছলামৰ বাসগৃহৰ পৰা তেজ লগা কাঠৰ টুকুৰা আৰু জোনালী নাথৰ ৬ খনকৈ ডায়েৰী উদ্ধাৰ কৰিবলৈ সক্ষম হয়। এই উদ্ধাৰ কাৰ্যই ব্যাপক চাঞ্চল্য বিৰাজ কৰাৰ লগতে জোনালী নাথ হত্যাকাণ্ডই নতুন মোৰ লোৱা পৰিলক্ষিত হৈছে। প্ৰাপ্ত তথ্যমতে, ৫ দিনৰ জিম্মাত থকা হত্যাকাৰী হাছানুৰ ইছলামক লগত লৈ আৰক্ষীয়ে বিভিন্ন প্ৰান্তত অভিযান চলোৱাৰ সময়তে আজি দুপৰীয়া ভাগত হত্যাকাৰী হাছানুৰ ইছলামৰ দলগোমাৰ বৰবালুপাৰাস্থিত বাসগৃহত আৰক্ষীয়ে অভিযান চলায় ৷ এই অভিযানকালত হাছনুৰ ইছলামে জোনালী নাথক মৰিয়াই মৰিয়াই হত্যা কৰা ২ ফুট দৈৰ্ঘৰ কাঠ এটুকুৰা উদ্ধাৰ কৰাৰ লগতে জোনালী নাথৰ ৬ খনকৈ ডায়েৰী উদ্ধাৰ কৰিবলৈ সক্ষম হৈছ। ইফালে উদ্ধাৰ কৰা কাঠৰ টুকুৰাত তেজৰ চেকুৰা আজিও লাগি আছে। নুতুনকৈ নিৰ্মাণ কৰি থকা কোঠা এটাৰ ভিতৰত কাঠৰ টুকৰা ডাল আৰু বেগ এখনত ভৰাই থোৱা ডায়েৰী সমুহ আৰক্ষীক দেখাই দি কাঠডালেৰে মৰিয়াই মৰিয়াই জোনালী নাথক হত্যা কৰাৰ অকপট স্বীকাৰ কৰে। হত্যাকাৰী হাছানুৰ্ ইছলামৰ বাসগৃহৰ পৰা উদ্ধাৰ কৰা কাঠৰ টুকুৰাই প্ৰমান কৰে যে চিআইডিক সম্পূৰ্ণ বিপথে পৰিচালিত কৰি ভুল তথ্য দিছিল হত্যাকাৰী জনে। জোনালী নাথৰ স্বামী চন্দ্ৰকান্ত নাথে কালি চিআইডিৰ মহাপৰিদৰ্শক দেৱৰাজ উপাধ্যায়ৰ বিৰুদ্ধে মাটিয়া থানাত এখন এজাহাৰ দাখিল কৰি চলন্ত বাহনত খালী হাতেৰে জোনালী নাথক কেনেদৰে হত্যা কৰিব পাৰে বুলি প্ৰশ্ন উত্থাপন কৰিছিল। জোনালী হত্যাকাণ্ডৰ এটাৰ পিছত আন এটা তথ্য পোহৰলৈ অহাত সমগ্ৰ হত্যাকাণ্ডৰ লগত জড়িত থকা বহু উৎস ইতিমধ্যে পোহৰলৈ আহিছে। চিআইডিক দিয়া স্বীকাৰোক্তিৰ ভিত্তিত জোনালী নাথক অকলে হাছানুুৰে হত্যা কৰিছিল নে আন কোনো সহযোগী হত্যাকাৰী জড়িত আছিল তাক লৈ বহু প্ৰশ্নৰ উদয় হৈছে। অৱশ্যে এই সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। হত্যাকাৰী হাছানুৰ ইছলামে জোনালী নাথক বাহনত উঠাই দলগোমাৰ বৰবালুপাৰাৰ বাসগৃহলৈ লৈ গৈছিল নেকি তাক লৈয়ো সন্দেহ কৰিছে বিভিন্নজনে। আৰক্ষীয়ে এই সন্দৰ্ভতো জেৰা অব্যাহত ৰাখিছে। উল্লেখ্য যে ৫ দিনৰ আৰক্ষীৰ জিম্মাত থকা হত্যাকাৰী হাছানুৰ ইছলামক লগত লৈ আৰক্ষীয়ে দিনে নিশাই অধিক তথ্যৰ বাবে চলাই গৈছে অভিযান।  ইফালে অসম আৰক্ষী সঞ্চালক প্ৰধান জি পি সিংয়ে কালি জোনালী নাথৰ বাসগৃহত উপস্থিত হোৱাত যথেষ্ট সন্তুষ্টি প্ৰকাশ কৰিছে ৷ সংবাদমাধ্যমৰ আগত মন্তব্য কৰি স্বামী চন্দ্ৰকান্ত নাথে কয় যে চিআইডিৰ মহাপৰিদৰ্শক দেৱৰাজ উপাধ্যায়ে সংবাদমেলযোগে আমাৰ পৰিয়ালটোক দিয়া অপবাদ ডিজিপি গৰাকীয়ে মষিমূৰ কৰি আমাক জীয়াই থকাৰ সাহস দিছে। তাৰ বাবে মুখ্যমন্ত্ৰী আৰু ডিজিপি গৰাকীক ধন্যবাদ দিছো বুলি মন্তব্য কৰে।

 

প্ৰেৰক উদিত নাৰায়ণ কলিতা

You might also like