বিশেষ বাৰ্তা, ১৫ জুনঃ শুৱালকুছিৰ বালিচৰত আজি দীৰ্ঘদিন ধৰি বিনাদ্বিধাই চলি আছে অবৈধ সুৰাৰ ৰমৰমীয়া ব্যৱসায়৷ আৰক্ষী-প্ৰশাসনৰ নিৰৱ আৰু নিৰ্বিকাৰ ভূমিকাই মদ ব্যৱসায়ী সকলক অধিক উৎসাহিত কৰি তুলিছে৷ উল্লেখ্য যে শুৱালকুছি অশোকাষ্টমী ক্ষেত্ৰৰ পৰা ভাটিপাৰা এই বৃহৎ অঞ্চলটোত সন্ধিয়া হলেই এক অন্য পৰিৱেশ বিৰাজ কৰে ৷ স্থানীয় নৱ কলিতা নামৰ এগৰাকী মদ ব্যৱসায়ী দেশীয় সুৰা (চুলাই মদ) প্ৰতিদিনে বিক্ৰী কৰি সমগ্ৰ পৰিৱেশটো বিনষ্ট কৰি তুলিছে ৷ যুৱকৰ পৰা বয়োজ্যেষ্ঠসকলে সন্ধিয়া হলেই নামি পৰে ব্ৰহ্মপুত্ৰৰ পাৰ ৷ নিশাটো হৈ পৰে মদ ভাংৰ আদ্দাস্থলী ৷ সেই সময়ছোৱাত কোনোবা লোকে ব্ৰহ্মপুত্ৰৰ পাৰলৈকে ফুৰিবলৈ গলে অপদস্থ হব লাগে মদ্যপান কৰা লোকৰ দ্বাৰা৷ অভদ্ৰ আচৰণ আৰু অবাইচ গালি গালাজে সভ্যতাৰ সকলো সীমা চেৰাই পেলায়৷ তাৰ পিছতো শুৱালকুছিৰ আৰক্ষীৰ নিৰৱতাই সকলো সচেতন লোককে আচৰিত কৰি তুলিছে ৷ আৰক্ষী – প্ৰশাসন অথবা আৱকাৰী বিভাগৰ যেন এই ক্ষেত্ৰত কোনো দ্বায়িত্বই নাই তাক স্থানীয় ৰাইজে ভাবিবলৈ বাধ্য হৈছে ৷ অৱশেষত মাটিপৰ্বত অঞ্চলৰ সচেতন ৰাইজে কালি বাধ্য হৈ ওলাই আহি ৩০০ লিটাৰ চুলাই মদ সহ হাতেলোটে ধৰিলে মদ ব্যৱসায়ী নৱ কলিতাক ৷ ৰাইজে উদ্ধাৰ কৰা মদখিনি নস্ট কৰি পেলোৱাৰ লগতে আগত দিনত এনে কাৰ্যৰ পৰা মদ ব্যৱসায়ী গৰাকীক আতৰি থাকিবলৈ সকিয়নি দিয়ে ৷ ৰাইজে আৰক্ষীৰ বিৰুদ্ধে ক্ষোভ উজাৰি কয় যে এই সন্দৰ্ভত শুৱালকুছিৰ আৰক্ষীক খৱৰ দিয়াৰ পিছতো তেওঁলোকৰ গা নৰলিল৷ আৰক্ষী আৰু মদ ব্যৱসায়ীৰ গোপন বুজাবুজি থকাৰ কথা উল্লেখ কৰি নতুন প্ৰজন্মৰ ধ্বংসৰ কাৰক অবৈধ সুৰাৰ মুকলি বেহা শুৱালকুছি বন্ধ কৰিবলৈ কামৰূপৰ উপায়ুক্তগৰাকীক ৰাইজে দাবী জনাইছে ৷
প্ৰেৰক দিলীপ মেধি