বিশেষ বাৰ্তা, ১৫ জুনঃ আন্ত:ৰাজ্যিক গো-ধন পৰিবহণৰ ক্ষেত্ৰত স্বচ্ছতা নিশ্চিত কৰাৰ লগতে গো-ধনৰ সুৰক্ষাৰ বাবে গো-ধন পৰিবহণ বিষয়ক এটা ৱেবপ’ৰ্টেল আজি মুকলি কৰে ৰাজ্যৰ পশুপালন আৰু পশু চিকিৎসা বিভাগৰ মন্ত্ৰী অতুল বৰাই। অসম সচিবালয়ত থকা পশুপালন আৰু পশু চিকিৎসা মন্ত্ৰীৰ কাৰ্যালয়ৰ সভাকক্ষত পশুপালন বিভাগে প্ৰস্তুত কৰি উলিওৱা ahvd- cattletrans.assam.gov.in শীৰ্ষক ৱেবপ’র্টেলটো মুকলি কৰি মন্ত্ৰী বৰাই কয় যে এই ৱেবপ’ৰ্টেলটোৱে কৃষি আৰু পশুপালনৰ সৈতে জড়িত বিষয়ৰ বাবে গো-ধন সৰবৰাহৰ ক্ষেত্ৰত প্ৰয়োজনীয় অনুজ্ঞা প্ৰদানৰ কাম কৰিব। অসম গো-সুৰক্ষা আইন, ২০২১ৰ অধীনত এই ৱেবপ’র্টেলৰ কাম কৰা হোৱা বুলি উল্লেখ কৰি মন্ত্ৰী বৰাই লগতে কয় যে বহি:ৰাজ্যৰ পৰা অসমলৈ অধিক গাখীৰৰ উৎপাদন দিব পৰা উন্নত প্ৰজাতিৰ গো-ধন পৰিবহণৰ ক্ষেত্ৰত দেখা দিয়া কিছুমান সমস্যা এই প’ৰ্টেলটোৱে নাইকিয়া কৰাত সহায় কৰিব। তেনেদৰে কিছুমান দুষ্ট চক্ৰই অসমৰ পৰা বহি:ৰাজ্যলৈ বা সীমান্তৱৰ্তী জিলাসমূহৰ পৰা চুবুৰীয়া ৰাজ্যলৈ গো-ধন অবৈধভাৱে প্ৰেৰণ কৰাৰ ক্ষেত্ৰতো এই প’র্টেলটো বাধা হিচাপে থিয় দিব। ৰাজ্যখনত আন্ত:জিলা গো-ধন পৰিবহণৰ ক্ষেত্ৰত অনুজ্ঞা-পত্ৰৰ প্ৰয়োজন নাই বুলি উল্লেখ কৰি মন্ত্ৰী বৰাই লগতে কয় যে ৱেবপ’ৰ্টেলটোৰ জৰিয়তে গো-ধন পৰিবহণৰ ক্ষেত্ৰত প্ৰাপ্তবয়স্ক গৰুৰ ক্ষেত্ৰত ২০ টকা আৰু পোৱালিৰ ক্ষেত্ৰত ১০ টকা ধন অনুজ্ঞা মাচুল সংশ্লিষ্ট ব্যক্তিয়ে অনলাইনযোগে আদায় দিলেহে প্ৰয়োজনীয় অনুজ্ঞা-পত্ৰ লাভ কৰিব। গো-ধনৰ ব্যৱসায় কৰিবলৈ আগ্ৰহী সংস্থাই পশুপালন আৰু পশু চিকিৎসা বিভাগত নাম পঞ্জীয়ন কৰা আৰু প্ৰয়োজনীয় অনুজ্ঞা-পত্ৰৰ বাবে এই প’র্টেলটোৰ জৰিয়তে নিৰ্ধাৰিত মাচুল দি আবেদন কৰিব পাৰিব বুলিও মন্ত্ৰী বৰাই সাংবাদিকৰ আগত প্ৰকাশ কৰে। তেওঁ কয় যে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত ৰাজ্যখনত গাখীৰৰ উৎপাদন বৃদ্ধি কৰিবলৈ বিভিন্ন প্ৰচেষ্টা হাতত লোৱা হৈছে। এই প্ৰচেষ্টাসমূহৰ ভিতৰত গাইগৰুৰ সংখ্যা বৃদ্ধিৰ বাবে চেক্স চ’ৰ্টেড চিমেনৰ ব্যৱহাৰত গুৰুত্ব দিয়াৰ লগতে কৃত্ৰিম প্ৰজনন ব্যৱস্থা জনপ্ৰিয়কৰণত গুৰুত্ব দিয়া হৈছে বুলিও তেওঁ উল্লেখ কৰে। অনুষ্ঠানত পশুপালন আৰু পশু চিকিৎসা বিভাগৰ প্ৰধান সচিব মনীষ ঠাকুৰ প্ৰমুখ্যে বিভাগটোৰ বিভিন্ন উচ্চপদস্থ বিষয়াসকল উপস্থিত থাকে।