মহানগৰ বাৰ্তা, ১৫ জুনঃ ভয়ংকৰ দুৰ্ঘটনাপ্ৰৱণ পথলৈ ৰূপান্তৰ হৈছে নাৰেংগী-চন্দ্ৰপুৰ পথ তথা হোমেন বৰগোহাঞি পথ। গেইল কৰ্তৃপক্ষৰ চূডা়ন্ত হেমাহিৰ পৰিণতিত শেষতীয়াকৈ পথটোৱে এনে ভয়ংকৰ ৰূপ লোৱাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে। উল্লেখ্য যে গেইল নামৰ প্ৰতিষ্ঠানটোৱে বিগত ভালেমান দিনৰ পৰা গেছৰ পাইপ পোতাৰ নামত নাৰেংগী-চন্দ্ৰপুৰ পথটো একপ্ৰকাৰ বিধ্বস্ত কৰিছে। কোনো বিশেষ পৰিকল্পনাবিহীনভাৱে নাৰেংগীৰ পৰা চন্দ্ৰপুৰলৈ পথৰ দাঁতি খান্দি এফালৰ পৰা স্থাপন কৰি গৈছে বৃহৎ বৃহৎ পাইপ। সেইখিনিলৈ আপত্তিবিহীনভাৱে চলিছিল যদিও পাইপ পোতাৰ পিছৰ অৱস্থাই জলাকলা খুৱাইছে অঞ্চলবাসীক। পথৰ দাঁতিৰ পেভাৰ ব্লক উঠাই গাঁত খান্দি পাইপসমূহ পোতাৰ পিছত সংশ্লিষ্ট কৰ্তৃপক্ষই খন্দা স্থানত কেৱল মাটি দিয়ে দায়িত্ব সামৰা পৰিলক্ষিত হৈছে। সাধাৰণভাৱে মাটি জাপি থোৱাৰ ফলত শেষতীয়াকৈ ধাৰাসাৰ বৰষুণ দিয়াৰ পিছতে পাইপ পোতা স্থানৰ মাটিসমূহ বহি গৈ একো একোটা বৃহৎ বৃহৎ দ নলাৰ সৃষ্টি হৈছে। ঠাইবিশেষে মূল পথতকৈ দুই ফুট পৰ্যন্ত দ নলাসদৃশ হোৱাত অতি বিপজ্জনক হৈ পৰিছে পথটোৰ একাধিক স্থান। ইয়াৰ বাবে পথচাৰীসকল সমস্যাৰ সম্মুখীন হোৱাই নহয়, দুখন বাহন একেলগে মুখামুখিকৈ চলাচল কৰাত বিপজ্জনক হৈ পৰিছে পথটো। ইতিমধ্যে একাধিক দুৰ্ঘটনা সংঘটিত হৈছে। শেহতীয়াকৈ আমগাঁও, পানীখাইতী, খাংকৰ পৰ্যন্ত বহু স্থানত এনে বিপজ্জনক অৱস্থা হোৱা দেখা গৈছে। উল্লেখ্য যে মহানগৰীৰ মাজমজিয়াত পথৰ কাষৰ মৰণফান্দসদৃশ গাঁতৰ বাবে এগৰাকী ছাত্ৰীৰ মৃত্যুৰ পিছত স্বয়ং মুখ্যমন্ত্ৰীয়ে মহানগৰীৰ তেনে সকলো গাঁত বন্ধ কৰাৰ নিৰ্দেশ দিয়াৰ পিছতে গেইল কৰ্তৃপক্ষই কিছুসংখ্যক গাঁত ততাতৈয়াকৈ পুতি দিছিল। কিন্তু বৰষুণৰ পিছত বৰ্তমান অতি বিপজ্জনক হোৱা পৰিলক্ষিত হৈছে। এই ক্ষেত্ৰত প্ৰশাসনৰ কঠোৰ পদক্ষেপ দাবী কৰিছে ৰাইজে।
প্ৰেৰক বিভাষ দাস