নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নিমাতীঘাটত বিপদ সীমাৰ ওপৰেৰে বৈছে ব্ৰহ্মপুত্ৰৰ জলৰাশি

নিয়মীয়া বাৰ্তা, ১৭ জুনঃ সমগ্ৰ অসমৰ লগতে উজনি অসমৰ আৰু অৰুনাচলৰ পাহাৰীয়া ঠাইত অত্যাধিক বৰষুন হোৱাৰ ফলত ফেনেফুটুকাৰে ওফন্দি পৰিছে ব্ৰহ্মপুত্ৰৰ জলৰাশিৰ৷ কালি বিয়লী বিপদসীমাৰ যথেষ্ট ওপৰত আছিল যদিও আজি দুপৰীয়া কমি আহিছে৷ পুৱা ন বজাত বিপদসীমাৰ ওপৰত ৮৫’৭৭ আছিল যদিও দুপৰীয়া ভাগলৈ কমি গৈ ৮৫’৭৪ ছেঃ মিটাৰ হয়৷ কিন্তু আজি একে সময়তে ডিব্ৰুগড়ত জলৰাশিৰ যথেষ্ট বৃদ্ধি হৈ আছে৷ কেন্দ্ৰীয় জল আয়োগৰ যোৰহাট জিলাৰ কাৰ্যলয় পৰা বাতৰি লিখা সময়লৈকে জানিব পৰা মতে আজি ৰাতিলৈ ব্ৰহ্মপুত্ৰত জলৰাশিৰ বৃদ্ধি পোৱা সম্ভাৱনা আছে৷
প্ৰেৰক জিতু কলিতা
You might also like