নিয়মীয়া বাৰ্তা, ১৭ জুনঃ সদ্য মুক্তিপ্ৰাপ্ত অসমীয়া বোলছবি ‘শ্ৰীৰঘুপতি’য়ে যি সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছে, তালৈ চাই “অসমীয়া চলচ্চিত্ৰ সমাজ এতিয়া চলচ্চিত্ৰ উদ্যোগ হোৱাৰ দিশে আগবাঢ়িছে” বুলি সোণাৰিত সংবাদ মাধ্যমৰ আগত মত আগবঢ়ায় অভিনেতা ৰবি শৰ্মাই। সোণাৰিৰ কল্পনা চিনেৱৰ্ল্ড ছবিগৃহৰ প্ৰথম বৰ্ষপূৰ্তি উপলক্ষে, লগতে বোলছবি গৃহটোত ‘শ্ৰীৰঘুপতি’ সগৌৰৱে তিনিটাকৈ দৰ্শনীত প্ৰদৰ্শিত হৈ থকাৰ সময়তে বিয়লি আহি উপস্থিত হোৱা অভিনেতাগৰাকীয়ে উচ্চ মানৰ চিনেমা নিৰ্মাণ কৰিলে দৰ্শকে সঁহাৰি আগবঢ়াবই বুলি কৈ কয় যে শ্ৰীৰঘুপতিয়ে অসমীয়া চিনেমাৰ ধাৰা সলনি কৰিব বুলি দৰ্শকে আগবঢ়োৱা মন্তব্যত তেওঁ আৰু টীম ৰঘুপতি যথেষ্ট উৎফুল্লিত। অসমবাসীৰ অভূতপূৰ্ব সঁহাৰিত আনন্দিত হৈ পৰা শিল্পীগৰাকীয়ে শ্ৰীৰঘুপতিক প্ৰত্যাহ্বান জনাব পৰাকৈ তেওঁ দ্বিতীয়খন ছবিৰ স্ক্ৰিপ্ট অতি কম সময়ৰ ভিতৰত লিখি উলিয়াব বুলি জানিবলৈ দি কয় যে এই বছৰ তেওঁ ভ্ৰাম্যমাণত থকা সময়তে এইখন চিনেমাৰ স্ক্ৰিপ্ট লিখি উলিয়াব। অহা বছৰৰ ছেপ্টেম্বৰত এইখন ছবিৰ শ্বুটিং আৰম্ভ কৰি ২০২৫ চনৰ শেষৰফালে ছবিখন মুক্তি দিয়াৰ তেওঁ পৰিকল্পনা কৰিছে বুলি মন্তব্য আগবঢ়ায় । অসমীয়া চিনেমা উদ্যোগটোক জীয়াই ৰাখিবলৈ হলে ভাল চিনেমা নিৰ্মাণ কৰিব লাগিব বুলি কৈ বিগত এঘাৰটা দিনত শ্ৰীৰঘুপতিয়ে প্ৰায় ছয় কোটি টকা উপাৰ্জন কৰিবলৈ সক্ষম হোৱা বুলি তেওঁ সদৰী কৰে। ইফালে, অসমৰ দৰ্শকে শ্ৰীৰঘুপতিৰ প্ৰতি দেখুওৱা উৎসাহৰ বাবে বিগ বাজেটৰ চিনেমা ‘আদিপুৰুষ’ অসমৰ চিনেমাগৃহত এটা দৰ্শনীত প্ৰদৰ্শিত হোৱা বিষয়টো বিশেষভাৱে মন কৰিবলগীয়া বুলি শৰ্মাই উল্লেখ কৰে।
প্ৰেৰক দুষ্যন্ত নাথ