নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জোনালী হত্যাকাণ্ডৰ নতুন মোৰ : গ্ৰেপ্তাৰ আনগৰাকী হত্যাকাৰী আজিবৰ

বাৰ্তা ব্যুৰ, ১৭ জুনঃ বিজেপি নেত্ৰী জোনালী নাথ হত্যাকাণ্ডই প্ৰতিদিনে লৈছে নতুন মোৰ। হত্যাকাৰী হাছানুৰ ইছলামৰ বিস্ফোৰক স্বীকাৰোক্তিৰ ভিত্তিত আৰক্ষীয়ে আজি খেদি খেদি গ্ৰেপ্তাৰ কৰে আজিবৰ ৰহমান বুলি আন এজন হত্যাকাৰীক। প্ৰাপ্ত তথ্যমতে, হত্যাকাৰী হাছানুৰ ইছলামে প্ৰতিমুহূৰ্ততে আৰক্ষীৰ জেৰাত স্বীকাৰ কৰিছে বহু ন ন তথ্য। সমগ্ৰ হত্যাকাণ্ডৰ লগত আজিবৰ ৰহমান নামৰ যুৱক এজন থকাৰ কথা স্বীকাৰ কৰাৰ পাছত আজি আৰক্ষীয়ে খেদি খেদি গ্ৰেপ্তাৰ কৰে আজিবৰক। কালি দিনৰে পৰা আত্মগোপন কৰা আজিবৰ ৰহমানক গ্ৰেপ্তাৰ কৰাৰ বাবে ওৰে নিশা আৰক্ষীয়ে অভিযান চলাইছিল যদিও আজি দিনৰ ভাগত সিধাবাৰীৰ শিংৰামাৰীৰ পৰা গ্ৰেপ্তাৰ কৰা হয় আজিবৰ ৷ গোৱালপাৰাৰ উপ-আৰক্ষী অধীক্ষক অনুৰাগ শৰ্মাৰ নেতৃত্বত মাটিয়া থানাৰ ভাৰপ্ৰাপ্ত বিষয়া সমীৰ কোঁৱৰে অতি কৌশলগতভাৱে অভিযান চলাই দুৰ্গম এলেকাৰ পৰা গ্ৰেপ্তাৰ কৰে আজিবৰক।  আজিবৰ ৰহমানক গ্ৰেপ্তাৰ কৰি আগিয়া থানাত ৰাখি সোধাপোচা অব্যাহত ৰাখিছে।ইপিনে আৰক্ষীয়ে জোনালী হত্যাকাণ্ডৰ মূল অভিযুক্ত হাছানুৰক গোৱালপাৰা  জিলা আদালতত আজি পুনৰ হাজিৰ কৰে।যোৱা ১১ জুনত জোনালী হত্যাকাণ্ডৰ লগত জৰিত থকা হাছানুৰক গ্ৰেপ্তাৰ কৰি আদালতত হাজিৰ কৰাই ৫ দিনৰ আৰক্ষীৰ জিম্মাত লৈছিল। আৰক্ষীয়ে লোৱা জিম্মাৰ ম্যাদ উকলি যোৱাত আজি পুনৰ হাছানুৰক গোৱালপাৰা জিলা আদালতত হাজিৰ কৰায়।যিহেতু জোনালী হত্যাকাণ্ডৰ লগত জৰিত আন এগৰাকী লোক আজিবৰ ৰহমানক আজি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে  আৰু উক্ত হত্যাকাণ্ডৰ লগত আৰু লোক জড়িত থাকিব পাৰে বুলি  পুনৰ  ৯ দিনৰ বাবে আৰক্ষীয়ে জিম্মালৈ বিচাৰে যদিও আদালতে ৫ দিনৰ বাবে আৰক্ষী জিম্মালৈ দিয়ে ৷ হত্যাকাৰী হাছানুু ইছলামে সমগ্ৰ হত্যাকাণ্ডৰ লগত আজিবৰ ৰহমানক কেনেদৰে ব্যৱহাৰ কৰিছিল তাক লৈ বিভিন্ন প্ৰশ্নৰ উদয় হৈছে। জোনালীক হত্যা কৰাৰ বাবে বৃহৎ পৰিমানৰ ধন আজিবৰক দিয়াৰ তথ্য ইতিমধ্যে আৰক্ষীয়ে প্ৰাথমিক তথ্য লাভ কৰিছে।
কোন এই হত্যাকাৰী আজিবৰ ৰহমান : হত্যাকাৰী হাছানুৰ ইছলামৰ গাঁও দলগোমাৰ বৰবালুপাৰাৰ বাসিন্দা আজিবৰ ৰহমান হৈছে এজন দুধৰ্ষ অপৰাধী৷ ৩জনী পত্নীৰ স্বামী আজিবৰ ৰহমানৰ বিৰুদ্ধে গোৱালপাৰাৰ কেবাখনো থানাত বহু অপৰাধজনিত কাৰ্যৰ লগত জড়িত থকাৰ তথ্য আছে। বাইক চুৰি চক্ৰ, অপহৰণ তথা ধনদাবীৰ দৰে অপৰাধমুলক কাৰ্যৰ লগত  অভিযুক্ত আজিবৰ ৰহমান।
অতি শীতল মস্তিস্কৰে হত্যা কৰিছিল জোনালীক : অতি শীতল মস্তিস্কৰে জোনালী নাথক হত্যা কৰিছিল দুই হত্যাকাৰীয়ে ৷ এই সন্দৰ্ভত বহু ক্লু লাভ কৰিবলৈ সক্ষম হৈছে আৰক্ষীয়ে ৷ ১১ জুনৰ সন্ধিয়া জোনালী নাথক হত্যাকাৰী হাছানুৰ ইছলামে আজিবৰৰ সহযোগত নিজৰ বাহনত উঠাই অতি কৌশলগতভাবে লৈ গৈছিল মৰনৈ সৈনিক স্কুল দিশে। কোদালধোৱাৰ পৰা দহিকটা সংযোগী পথত দুই অপৰাধীয়ে মৰিয়াই মৰিয়াই হত্যা কৰাৰ পাছত মৃতদেহ গাড়ীৰ ছীটৰ তলত সোমোৱাই কৃষ্ণাই বজাৰৰ মাজেৰে গৈ শালপাৰাৰ ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত পেলাই থৈ গৈছিল। ইতিমধ্যে কৃষ্ণাইৰ ৰাকেশ কেবিন হোটেলখনৰ চিচিটিভি কেমেৰাত স্পষ্ট বাহনখনৰ ছবি ৷ ১১ জুনৰ সন্ধিয়া ৭ বাজি ৩২ মিনিটত বগা ৰঙৰ হোণ্ডাই ভেনু গাড়ীখন প্ৰৱেশ কৰছিল ৷ ইতিমধ্যে আৰক্ষীয়ে চিচিটিভিৰ ভিডিঅ সংগ্ৰহ কৰি তদন্ত অব্যাহত ৰাখিছে।
গোৱালপাৰা আৰক্ষীক ধন্যবাদ জোনালীৰ পৰিয়ালৰঃ হত্যাকাৰী হাছানুৰ ইছলামৰ বিস্ফোৰক স্বীকাৰোক্তিৰ ভিত্তিত আৰক্ষীয়ে আন এজন হত্যাকাৰী আজিবৰক গ্ৰেপ্তাৰ কৰাৰ পাছত আৰক্ষীক ধন্যবাদ দিছে জোনালী নাথৰ স্বামী আৰু জ্যেষ্ঠ কন্যাই। সংবাদমাধ্যমৰ আগত মন্তব্য কৰি স্বামী চন্দ্ৰকান্ত নাথে কয় যে গোৱালপাৰা আৰক্ষীক ধন্যবাদ দিছো ৷ কাৰন জোনালী নিখোজ হোৱাৰে পৰা বহু কষ্ট কৰি আৰক্ষীয়ে তদন্ত কৰি ইটোৰ পাছত আনটো সঁচা উদঘাটন কৰিবলৈ সক্ষম হৈছে। আমি কৈ থকা প্ৰতিটো দিশ সত্য হৈ আছে। হত্যাকাৰী যাতে আইনৰ সুৰুঙাৰে সাৰি যাব নোৱাৰে তাৰ ব্যৱস্থা কৰি দুই হত্যাকাৰীক ফাঁচি দিয়াৰ দাবী উত্থাপন কৰে। ইফালে জোনালীৰ জ্যেষ্ঠ কন্যা ধৃতীময়ী নাথে গোৱালপাৰা আৰক্ষী আৰক্ষীক ধন্যবাদ দি কয় যে এই দুই পাষণ্ডৰ বাহিৰে যদি আন কোনো অপৰাধী থাকে তাক আৰক্ষীয়ে বিচাৰি উলিয়াই হত্যাকাৰী সকলক ফাঁচি দিয়াৰ বাবে আহ্বান জনায়।
জোনালীৰ বাসগৃহত বিজেপি নেত্ৰী আঙুৰলতা ডেকা : জোনালী নাথ হত্যাকাণ্ড সুক্ষ্ম দৃষ্টিৰে তদন্ত পৰি দোষীক উপযুক্ত শাস্তিৰ দাবীৰে আৰক্ষী অধীক্ষক ৰাকেশ ৰেড্ডীক ৰাজ্যিক মহিলা মৰ্চাৰ তৰফৰ পৰা এখন স্মাৰকপত্ৰ প্ৰদান কৰে আঙুৰলতা ডেকাই। তাৰ পাছত বিজেপিৰ ৰাজ্যিক মহিলা মৰ্চাৰ সভানেত্ৰী আঙুৰলতা ডেকাই  জোনালী নাথৰ মাটিয়াস্থিত বাসগৃহত উপস্থিত হৈ পৰিয়ালটোৰ অৱস্থাৰ বুজ লয়। জোনালী নাথৰ হত্যাকাণ্ডৰ লগত জড়িত প্ৰতিজন হত্যাকাৰীক অতি সোনকালে গ্ৰেপ্তাৰ কৰি কোঠৰ শাস্তি দিয়াৰ দাবী উত্থাপন কৰি দুৰ্ভগীয়া এই পৰিয়ালটোৰ কাষত মহিলা মৰ্চা সদায় থাকিব বুলি সংবাদ মাধ্যমৰ আগত মন্তব্য কৰে সভানেত্ৰী গৰাকীয়ে।
(ফটো আছে)
You might also like