‘ৰ’ৰ মুৰব্বী পদত আইপিএছ বিষয়া ৰবি সিন্হা
বিশেষ বাৰ্তা, ২০ জুনঃ ৰিছার্চ এণ্ড এনালাইছিছ উইং, চমুকৈ ‘ৰ’ৰ নতুন মুৰব্বী আইপিএছ বিষয়া ৰবি সিন্হা৷ দেশৰ বাহ্যিক চোৰাংচোৱা সংস্থা ‘ৰ’ৰ নতুন মুৰব্বী হিচাপে ১৯৮৮ বেটছৰ আইপিএছৰ ছত্তিশগড় কেদাৰ ৰবি সিন্হাক আজি কেন্দ্রীয় চৰকাৰে নিযুক্তি দিয়ে৷ নতুন মুৰব্বী ৰবি সিন্হাই দুবছৰৰ বাবে ‘ৰ’ৰ মুৰব্বীৰ দায়িত্বত থাকিব৷ আইপিএছ বিষয়া ৰবি সিন্হা বর্তমান কেবিনেট ছেক্রেটেৰিয়েটৰ বিশেষ সচিব হিচাপে কর্মৰত হৈ আছে৷ অভিযান আৰু চোৰাংচোৱাৰ দক্ষ বিষয়া হিচাপে পৰিচিত আইপিএছ বিষয়া ৰবি সিন্হাৰ নিযুক্তিত কেবিনেট কমিটীয়ে অনুমোদন জনোৱাৰ পাছতে আজি চৰকাৰে ‘ৰ’ৰ মুৰব্বী হিচাপে নিযুক্তি দিয়ে৷