নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শুৱালকুছি গান্ধী মণ্ডপত কাইলৈ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস

বিশেষ বাৰ্তা, ২০ জুনঃ শুৱালকুছিৰ গান্ধী মণ্ডপ খেল পথাৰ (ভূপেন হাজৰিকা মঞ্চৰ সন্মুখত) কাইলৈ পুৱা ৬ বজাৰ পৰা অনুষ্ঠিত হবলগীয়া নৱম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ বাবে প্ৰস্তুতি ইতিমধ্যে সম্পূৰ্ণ হৈ উঠিছে। ৰাষ্ট্ৰীয় আয়ুস অভিযান অসমৰ উদ্যোগত তথা কামৰূপ জিলা প্ৰশাসনৰ সহযোগত অনুস্থিত হবলগীয়া যোগ দিৱসৰ কাৰ্যসূচীৰ বাবে জিলাৰ অভিভাৱক মন্ত্ৰী তথা ৰাজ্য চৰকাৰৰ পৰিৱেশ আৰু বন ইত্যাদি বিভাগৰ মন্ত্ৰী, সাংসদ ক্ৰমে কুইন ওজা আৰু দিলীপ শইকীয়া, জিলাখনৰ বিধায়ক সকল, ৰাষ্ট্ৰীয় আইন বিশ্ববিদ্যালয়ৰ উপাচাৰ্য, ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান, গুৱাহাটীৰ সঞ্চালক, সৰ্বভাৰতীয় আয়ুৰ বিজ্ঞান প্ৰতিষ্ঠান গুৱাহাটীৰ, কাৰ্যবাহী সঞ্চালক, জিলাৰ বিভিন্ন বিভাগৰ মূৰব্বী বিষয়া, বিভিন্ন শিক্ষা প্ৰতিষ্ঠানৰ অধ্যক্ষ, স্বেচ্ছাসেৱী সংগঠনক প্ৰশাসনৰ তৰফৰ পৰা ইতিমধ্যে আমন্ত্ৰণ জনোৱা হৈছে। ইয়াৰ উপৰি যোগ দিৱস উপলক্ষে ২১ জুনত শুৱালকুছিৰ গান্ধী মণ্ডপত ৰাতিপুৱা ৮.৩০ বজাৰ পৰা জিলা ভিত্তিক যোগাসন প্ৰতিযোগিতা অনুস্থিত হ’ব ৷ চাৰিটা শাখাত অনুস্থিত হবলগীয়া প্ৰতিযোগিতাৰ শাখা চাৰিটা ক্ৰমে ক-শাখা- ০ পৰা ১০ বছৰ, খ-শাখা-১০ পৰা ১৮ বছৰ, গ-শাখা- ১৮ ৰ পৰা ৩৫ বছৰ আৰু ঘ-শাখা- ৩৫ বছৰৰ উৰ্দ্ধত। এই প্ৰতিযোগিতাৰ প্ৰতিটো শাখাৰ বিজয়ী সকলে আয়ুষ, অসমৰ উদ্যোগত অনুষ্ঠিত হবলগীয়া যোগ প্ৰতিযোগিতাত অংশগ্ৰহণৰ যোগ্যতা অৰ্জন কৰিব। প্ৰতিযোগী সকলে বয়সৰ বাবে জন্মৰ প্ৰমাণ পত্ৰ, যোগ-মেট আৰু কামৰূপৰ বাসিন্দাৰ ঘৰৰ ঠিকনাৰ পৰচয় পত্ৰ আনিব লাগিব। কামৰূপ জিলা প্ৰশাসনে জিলা ভিত্তিত আয়োজিত এই যোগ দিৱসৰ কাৰ্যসূচীত যোগ দান কৰাৰ বাবে সকলো জনসাধাৰণকে আহ্বান জনাইছে।

প্ৰেৰক দিলীপ মেধি

You might also like