নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নগৰবেৰাত পানীত ডুবি শিশুৰ কৰুণ মৃত্যু

নিয়মীয়া বাৰ্তা, ২০ জুনঃ নগৰবেৰাৰ মন্দিৰা আৰক্ষী চকীৰ অন্তৰ্গত মালিবাৰী সত্ৰ বৰবাহা গাঁৱত অঘটন। বিদ্যালয় অভিমুখী পথত বানত ডুবি সলিল সমাধি চাৰি বছৰীয়া শিশুৰ। জানিব পৰা মতে প্ৰতিকূল বতৰৰ মাজতেই নাৱত উঠি আজি পুৱা বিদ্যালয় অভিমুখে যাব খোজোতেই কেনেবাকৈ পিছলি পানীত পৰি শিশুটি সন্ধানহীন হয়। আৰক্ষী আৰু স্থানীয় ৰাইজে বহুপৰ বিচাৰ-খোঁচাৰৰ অন্তত অৱশেষত জালত উঠে শিশুটিৰ মৃতদেহ। মৃতদেহ আৰক্ষীয়ে মন্দিৰা আৰক্ষী চকী আৰু পাছলৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে জিএমচিএইচলৈ প্ৰেৰণ কৰে। মৃত শিশুটি মালিবাৰী সত্ৰ বৰবাহা গাঁৱৰ শুকুৰ আলীৰ। শিশুটিৰ বয়স চাৰি বছৰ। নাম আনিচুৰ আলী। শিশুটি অংকুৰ শ্ৰেণীৰ ছাত্ৰ। পানীত ডুবি শিশুৰ মৃত্যুৰ বাতৰিয়ে শোক আৰু চাঞ্চল্য বিয়পায় অঞ্চলজুৰি।

প্ৰেৰক সঞ্জীৱ কুমাৰ দাস

You might also like