নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চৰকাৰৰ পদক্ষেপৰ শলাগ : ভূৰাগাঁৱত খহনীয়াগ্ৰস্ত অঞ্চল পৰিদৰ্শন কংগ্ৰেছ নেতৃত্বৰ

নিয়মীয়া বাৰ্তা, ২০ জুন : মৰিগাঁৱৰ ভূৰাগাঁৱৰ খহনীয়াগ্ৰস্ত অঞ্চল পৰিদৰ্শন বিৰোধী দলপতি দেৱব্ৰত শইকীয়া আৰু উপ দলপতি ৰকিবুল হুছেইনসহ কংগ্ৰেছ নেতৃত্বৰ। আজি দুয়োগৰাকী নেতাসহ কংগ্ৰেছৰ নেতৃত্বই ভূৰাগাঁৱৰ কুপতিমাৰী আৰু বালিডোংগাত অব্যাহত থকা ব্ৰহ্মপুত্ৰৰ খহনীয়াৰ বুজ লয়। ইতিমধ্যে চৰকাৰে চলাই থকা খহনীয়া প্ৰতিৰোধী কামৰ শলাগ লয় দুয়োগৰাকী বিৰোধী নেতাই। আনহাতে ক্ষিপ্ৰ গতিত কাম কৰি মথাউৰি ৰক্ষা কৰিবলৈ চৰকাৰক অনুৰোধ জনায় উপ দলপতি ৰকিবুল হুছেইনে। আজি কোনোধৰণৰ সমালোচনা নহয় মানুহক ৰক্ষা কৰক এইদৰে চৰকাৰক আনুৰোধ জনায় বিৰোধী উপ দলপতি ৰকিবুল হুছেইনে। খহনীয়াৰ পৰা মথাউৰি ৰক্ষা নকৰিলে বানত মৰিগাঁও জিলাৰ বিস্তৰ ক্ষতি হব বুলি আশংকা প্ৰকাশ কৰি বিধায়ক ৰকিবুল হুছেইনে যিকোনো প্ৰকাৰে মথাউৰি খহনীয়াৰ পৰা ৰক্ষা কৰিবলৈ চৰকাৰক অনুৰোধ জনায়। ইফালে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই চৰকাৰক বাৰিষাৰ সময়ত উচ্ছেদ নচলাবলৈ অনুৰোধ কৰে। ইতিমধ্যে আৱন্টিত এ ডি বিৰ প্ৰজেক্টৰ জৰিয়তে জিলাখনৰ খহনীয়াৰ স্থায়ী প্ৰতিৰোধ হব বুলি আশা প্ৰকাশ কৰে কংগ্ৰেছ নেতৃত্বই। আজি এই দুয়োগৰাকী নেতাক সংগ দিয়ে লাহৰীঘাটৰ বিধায়ক ডাঃ আছিফ মহম্মদ নাজাৰে।উল্লেখ্য যে গৰাখহনীয়াৰ প্ৰতিৰোধৰ লগতে মথাউৰি ৰক্ষাৰ বাবে জিলা জলসম্পদ বিভাগে যুদ্ধকালীন তৎপৰতাৰে কাম অব্যাহত ৰাখিছে। ইফালে কালি জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকাৰ নিৰ্দেশত জিলা জলসম্পদ বিভাগে আজি পুৰণা মথাউৰিৰ লগতে নতুনকৈ মথাউৰি নিৰ্মাণৰ কাম আৰম্ভ কৰিছে।

প্ৰেৰক আবুল কালাম

You might also like