আগন্তুক বর্ষৰ ১৪ জানুৱাৰীত মুকলি অযোধ্যাৰ ৰাম মন্দিৰ
🔹নির্মাণ কমিটীয়ে উদ্বোধনী অনুষ্ঠানলৈ আমন্ত্রণ জনাব প্রধানমন্ত্রী মোদীক
বিশেষ বাৰ্তা, ২১ জুনঃ পূর্বেই ঘোষণা কৰা হৈছিল, ২০২৪ৰ লোকসভা নির্বাচনৰ আগে আগে মুকলি কৰা হ’ব বহু প্রতীক্ষিত অযোধ্যাৰ ৰাম মন্দিৰ৷ তিনি মহলীয়া মন্দিৰৰ প্রথম মহলাৰ সকলো কাম সম্পূর্ণ হ’ব অক্টোবৰ মাহত, দেৱালীৰ পূর্বেই৷ এইবাৰ উদ্বোধনৰ দিনো থিৰাং কৰা হ’ল ৰাম মন্দিৰৰ৷ আগন্তুক ১৪ জানুৱাৰী, মকৰ সংক্রান্তিৰ দিনা উদ্বোধন কৰা হ’ব বিশ্বৰ বৃহত্তম ৰাম মন্দিৰ৷ অনুষ্ঠানলৈ আমন্ত্রণ জনোৱা হ’ব প্রধানমন্ত্রী নৰেন্দ্র মোদীক৷ এই কথা ঘোষণা কৰিছে ৰাম মন্দিৰ নির্মাণ কমিটীয়ে৷ মন্দিৰ নির্মাণ কমিটীৰ অধ্যক্ষ নৃপেন্দ্র মিশ্রই সংবাদ মাধ্যমক জনায় যে আগন্তুক ১৪ জানুৱাৰীত পৰিছে মকৰ সংক্রান্তি৷ এই মকৰ সংক্রান্তিতেই অযোধ্যাৰ ৰাম মন্দিৰ উদ্বোধন কৰা হ’ব৷ প্রধানমন্ত্রী মোদীক উদ্বোধনী অনুষ্ঠানলৈ আমন্ত্রণ জনোৱা হ’ব বুলিও মিশ্রই উল্লেখ কৰিছে৷ উল্লেখনীয় যে এই ৰাম মন্দিৰৰ উদ্বোধন পর্ব চলিব ১০দিন ধৰি৷ উদ্বোধনী অনুষ্ঠান দেশজুৰি লাইভ টেলিকাষ্ট কৰাৰো ব্যৱস্থা কৰা হ’ব৷ উল্লেখনীয় যে অযোধ্যাত নির্মীয়মাণ ৰাম মন্দিৰৰ দৈর্ঘ্য হৈছে ৩৮০ ফুট আৰু প্রস্থ ২৫০ ফুট৷ এই মন্দিৰটোৰ উচ্চতা ১৬১ ফুট৷ ৩৯২টা স্তম্ভই ধৰি ৰাখিব বিশাল এই মন্দিৰটোক৷