📌 উপায়ুক্ত স্বপ্নীল পালে উন্নয়নমূলক আঁচনিৰ অগ্ৰগতিৰ বুজ লয়
বিশেষ বাৰ্তা, ২৩ জুনঃ তিনিচুকীয়া জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত আজি জিলা উন্নয়ন সমিতিৰ চলিত মাহৰ বৈঠক অনুষ্ঠিত হয় । উপায়ুক্ত স্বপ্নীল পালৰ সভাপতিত্বত অনুষ্ঠিত বৈঠকত স্বাস্থ্য, জনস্বাস্থ্য- কাৰিকৰী, কৃষি, বিদ্যুৎ, ৰেচম, হস্ততাঁত- বস্ত্ৰশিল্প, জিলা উদ্যোগ আৰু বাণিজ্য কেন্দ্ৰ, পৰিবহণ, ভূমি-সংৰক্ষণ, বন, মীন, পশু চিকিৎসা, নগৰ আৰু গাঁও পৰিকল্পনা, জলসম্পদ, শিক্ষা, শ্ৰমিক কল্যাণ আদি বিভাগৰ কাম-কাজৰ বিতংভাৱে পৰ্যালোচনা কৰা হয়। উপায়ুক্তগৰাকীয়ে বিভিন্ন উন্নয়নী বিভাগৰ অধীনত জিলাখনত ৰূপায়ণ হৈ থকা কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ ধ্বজাবাহী আচঁনিসমূহৰ অগ্ৰগতিৰো সবিশেষ খতিয়ান লয়। উপায়ুক্তগৰাকীয়ে পৌৰ প্ৰশাসন, নগৰীয়া পানী আৰু পয়ঃ প্ৰণালী বৰ্ডৰ অধীনৰ চলি থকা কাম-কাজ আৰু বিভিন্ন আঁচনিৰ ৰূপায়ণ সন্দৰ্ভতো আলোচনা কৰে। তেওঁ প্ৰতিটো বিভাগৰ উপস্থিত বিষয়াসকলক নিৰ্ধাৰিত সময়ৰ ভিতৰত আঁচনি ৰূপায়ণ কৰিবলৈ নিৰ্দেশ দিয়ে, যাতে জনসাধাৰণে আচঁনিসমূহৰ সুফল লাভ কৰিব পাৰে। উপায়ুক্ত স্বপ্নীল পালে আৱকাৰী বিভাগক অৰুণাচলী সুৰাৰ বিৰুদ্ধে কঠোৰ অভিযান চলাবলৈও নিৰ্দেশ দিয়ে। বৈঠকত উপায়ুক্তগৰাকীয়ে লোকনিৰ্মাণ (পথ) লোকনিৰ্মাণ (গৃহ), ৰাষ্ট্ৰীয় ঘাইপথ আৰু আন্তঃগাঁথনি উন্নয়ন নিগম, অসম শক্তি বিতৰণ কোম্পানী আৰু জলসিঞ্চন বিভাগৰ কাম-কাজৰো সবিশেষ বুজ লয়। আজিৰ বৈঠকত জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া গুৰনেইল সিং, জিলা উন্নয়ন আয়ুক্ত সুশান্ত দত্ত, অতিৰিক্ত উপায়ুক্ত লীনা কুমাৰী পাৱে, অতিৰিক্ত উপায়ুক্ত চিন্ময় পাঠক, মাৰ্ঘেৰিটা মহকুমাৰ মহকুমাধিপতি প্ৰীতি কুমাৰী, শদিয়া মহকুমাৰ মহকুমাধিপতি মানসজ্যোতি নাথ প্ৰমুখ্যে তিনিচুকীয়া জিলাৰ আটাইকেইটা ৰাজহ চক্ৰৰ চক্ৰ বিষয়াসকল আৰু জিলা প্ৰশাসনৰ বিভিন্ন বিভাগৰ মুৰব্বী বিষয়াসকল উপস্থিত থাকে।
প্ৰেৰক বিবেক বড়া