পাটনাত বিজেপিবিৰোধী দলৰ বৈঠক, অধ্যাদেশক লৈ কংগ্ৰেছক ককৰ্থনা আপৰ
বিশেষ বাৰ্তা, ২৩ জুনঃ পাটনাত আৰম্ভ হৈছে নীতিশ কুমাৰে আহ্বান কৰা বিজেপিবিৰোধী দলৰ বৈঠক। তাৰ আগতে অৰবিন্দ কেজৰিৱালৰ আম আদমী পাৰ্টীয়ে দিল্লীৰ আমোলাতন্ত্ৰক নিয়ন্ত্ৰণ কৰিবলৈ কেন্দ্ৰৰ অধ্যাদেশক লৈ কংগ্ৰেছক লক্ষ্য কৰি লয়। আপৰ মুখপাত্ৰ প্ৰিয়ংকা কক্কাৰে কয় যে আমি জানিব পাৰিছোঁ যে সেই অধ্যাদেশ সন্দৰ্ভত মোদী চৰকাৰৰ সৈতে কংগ্ৰেছৰ গোপন চুক্তি হৈছে। গতিকে কংগ্ৰেছে অধ্যাদেশৰ বিৰোধিতাত যোগদান নকৰে। সূত্ৰ অনুসৰি, দিল্লীৰ মুখ্যমন্ত্ৰী কেজৰিৱালে অধ্যাদেশৰ বিৰোধিতা কৰি কংগ্ৰেছৰ সমৰ্থন নাপালে পাটনা বৈঠক বৰ্জন কৰাৰ হুংকাৰ দিছিল। অৱশেষত নীতিশৰ অনুৰোধত বৃহস্পতিবাৰে নিশা পঞ্জাবৰ মুখ্যমন্ত্ৰী তথা আপ নেতা ভগৱন্ত মানৰ সৈতে পাটনাত উপস্থিত হয়। আপৰ এই অভিযোগৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি দিল্লী কংগ্ৰেছৰ নেতা সন্দীপ দীক্ষিতে কয় যে কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বই বিজেপিৰ বিৰুদ্ধে ঐক্যবদ্ধ যুঁজত যোগদান কৰাৰ বাৰ্তা প্ৰেৰণ কৰিবলৈ পাটনালৈ গৈছে।