🔴 পশ্চিম নলবাৰীৰ বান পৰিস্থিতি অপৰিৱর্তিত
নিয়মীয়া বাৰ্তা, ২৩ জুনঃ নেৰানেপেৰা বৰষুণৰ বলত নলবাৰী জিলাৰ সকলোবোৰ নৈ পাগলাদিয়া,কানাইখুণ্ডা, বুঢ়াদিয়া আদিৰ পানী ফেনে ফোটোকাৰে বাঢ়ি অহাৰ লগতে প্রতিদিনে নতুন নতুন ঠাইত মথাউৰি ছিঙি ৰাইজৰ বৃহত ক্ষতিসাধন কৰিছে ৷ কালি পুর্ণিত বুঢ়াদিয়া নৈৰ মথাউৰি ছিঙি সমগ্র পূর্ণি অঞ্চল বুৰাই পেলোৱাৰ পিছত আজি আকৌ বুঢ়াদিয়া নৈৰ খাটনিয়াপাৰাত থকা স্বাস্থ্য বিভাগত ছাব চেন্টাৰৰ সন্মুখত বুঢ়াদিয়া নৈৰ মথাউৰি ছিঙি নদলা, বৰপিত আদি অঞ্চলৰ ঘৰ-দুৱাৰকে ধৰি খেতি-বাতি আদিৰ ক্ষতি কৰে ৷ ইফালে, আমনি ৰাজহুৱা শংকৰ আশ্রমজ্ঞ (বাবাৰ থান)ৰ সন্মুখৰ মথাউৰিৰ ওপৰেৰে পানী বাগৰি অহাত আমনিৰ ৰাইজে দিনে-নিশাই ৰখি থাকি নিজে শ্রম কৰি মথাউৰিটো ছিঙাৰ পৰা ৰক্ষা কৰিছে যদিও আশ্রমৰ সন্মুখত বুঢ়াদিয়া নৈৰ গাতে অৱস্থিত শনি মন্দিৰ, জলসিঞ্চন বিভাগৰ কার্যালয় আদি পানীয়ে বুৰাই পেলায় ৷
প্রেৰক তপন কুমাৰ শর্মা