নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বকো আৰক্ষীৰ জালত দালাল ফাৰুক

🔴 গুৱাহাটীৰ পানীখাইতীৰ পৰা গ্ৰেপ্তাৰ ভণ্ড ফাৰুকক

নিয়মীয়া বাৰ্তা, ২৩ জুনঃ কামৰূপৰ ছমৰীয়া গাঁও পঞ্চায়ত সমবায় সমিতিৰ সচিবক ধনদাবী কৰি আৰক্ষীৰ জালত পৰিল এজন সয়ম্ভু এডিটৰ ইন চীফ। ছয়গাঁৱৰ গৰৈমাৰীৰ প্ৰৱঞ্চক ডা০ ফাৰুক আহমেদ ভূঞা নামৰ ভুৱা সাংবাদিকগৰাকী বহুৰূপী। ভণ্ড ফাৰুকে দীৰ্ঘদিনে চলাই আহিছে সাংবাদিকৰ নামত বেপাৰ। আৰক্ষীৰ জালত সয়ম্ভু এডিটৰ ইন চীফ। গাওঁ পঞ্চায়ত সমবায় সমিতিৰ সচিবক ধনদাবী কৰি ৰঙাঘৰৰ আলহী হ’ল ডা০ ফাৰুক আহমেদ ভূঞা।প্ৰকৃততে ফাৰুক এটা হোম পৰ্টেলৰ মালিক। ধৃত ফাৰুক মালিকেই নহয়, লাইভ টিভি অসম নামৰ পৰ্টেলটোৰ সয়ম্ভু এডিটৰ ইন চীফ। ঘৰ ছয়গাওঁ সমষ্টিৰ গৰৈমাৰীত। খবৰ অনুসৰি কিছুদিন পুৰ্বে সাংবাদিকৰূপী দালাল ফাৰুক আহমেদ ভূঞাই লাইভ টিভি অসম নামৰ এটা ফেচবুক পেজ খুলি নিজকে পৰ্টেল চেনেলৰ মুখ্য সম্পাদক বুলি চিনাকি দি বকোৰ ছমৰীয়া গাওঁ পঞ্চায়ত সমবায় সমিতি লিমিটেডৰ সচিব নিতাই মণ্ডলৰ বিৰুদ্ধে বিভিন্ন দুৰ্নীতিৰ অভিযোগ আনি বাতৰি সম্প্ৰচাৰ নকৰাৰ নামত ৫০ হাজাৰ টকা ফোনযোগে দাবী কৰিছিল। ইতিমধ্যে ধনদাবীৰ ফোন ৰেকৰ্ডিং সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছিল। ইয়াৰ পিছতে ছমৰীয়া সমবায় সমিতিৰ সচিব নিতাই মণ্ডলে দালালৰূপী ফাৰুক আহমেদৰ বিৰূদ্ধে ধনদাবী কৰা সন্দৰ্ভত এখন এজাহাৰ দাখিল কৰে। ইয়াৰ পিছতে ছমৰীয়া পহৰা চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া জুলি দাসে এজাহাৰৰ ভিত্তিত ফাৰুক আহমেদৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ ৩৮৯ ধাৰাৰ অধীনত ২৫৩/২৩ত গোচৰ ৰুজু কৰি বহুদিন ধৰি ফাৰুকক বিচাৰি ফুৰিছিল যদিও ফাৰুক আহমেদ পলাতক অৱস্থাত আছিল। ফাৰুক আহমেদ ভূঞাৰ বিৰুদ্ধে আছে বহু অভিযোগ। সামাজিক মাধ্যমত ডা০ ডিগ্ৰীধাৰী ফাৰুকৰ শিক্ষাগত অৰ্হতাক লৈও বিতৰ্কৰ সৃষ্টি হৈছে। অভিযোগ অনুসৰি সময়ে সময়ে প্ৰৱঞ্চনাৰ জাল পাতে ফাৰুকে। গাঁওসভাৰ সদস্যৰ পৰা লোকসভাৰ নিৰ্বাচনতো প্ৰতিদ্বন্দ্বিতা কৰাৰ নজিৰ আছে বিতৰ্কিত ফাৰুকৰ বিৰুদ্ধে। ৰাইজৰ দলৰ পৰা ছয়গাওঁ সমষ্টিত মনোনয়ন দাখিল কৰিছিল এইজন সয়ম্ভু এডিটৰ ইন চীফে। কিন্তু মোটা অংকৰ বিনিময়ত মনোনয়ন প্ৰত্যাহাৰৰ অভিযোগ উথ্বাপিত হৈছে এইজন ভণ্ড সাংবাদিকৰ বিৰূদ্ধে। অৱশেষত সাংবাদিকৰ নামত ধনদাবী কৰি ৰঙাঘৰৰ আলহী হ’ল ফাৰুক আহমেদ। দীৰ্ঘদিন ধৰি আৰক্ষীৰ চকূত ধূলি দি পলাই থকা দালালৰূপী ভণ্ড সাংবাদিক ফাৰুক আহমেদ ভূঞাক বৃহস্পতিবাৰে পুৱতি নিশা গুৱাহাটীৰ পানীখাইতীৰ এটি ঘৰত আত্মগোপন কৰি থকা অৱস্থাত বকো আৰক্ষী থানাৰ ছমৰীয়া আৰক্ষী পহৰা চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া জুলি দাসৰ নেতৃত্বত বকো আৰক্ষীৰ এটি দলে গ্ৰেপ্তাৰ কৰে। ইতিমধ্যে পুৱতি নিশাই বকো আৰক্ষীৰ দলটোৱে দালাল ফাৰুক আহমেদ ভূঞাক বকো আৰক্ষী থানালৈ লৈ আহে। শুকুৰবাৰে বকো আৰক্ষীয়ে ধৃত ফাৰুক আহমেদ ভূঞাক স্বাস্থ্য পৰীক্ষা কৰাই আদালতত হাজিৰ কৰাই সোধা-পোছাৰ কাৰণে তিনি দিনৰ বাবে নিজৰ জিম্মাত লয়।

প্ৰেৰক প্ৰীতম বায়ন

You might also like