নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভৱানীপুৰত বন্যাৰ্তৰ কাষত মন্ত্ৰী যোগেন মহন-নন্দিতা গাৰ্লোছা-ৰঞ্জিত দাস

নিয়মীয়া বাৰ্তা, ২৩ জুনঃ ভৱানীপুৰ বিধানসভা সমষ্টিত ভুটানৰ বৃহৎ নদীবান্ধৰ পানীয়ে পহুমৰা, পল্লা আৰু ৰূপহী নদীৰ জৰিয়তে আজি এসপ্তাহ ধৰি ভিন্ন প্ৰান্তত চলাইছে ভয়াৱহ বানৰ তাণ্ডৱ। বৃহত্তৰ ভৱানীপুৰ বিধানসভা সমষ্টিৰ শতাধিক গাঁৱত সৃষ্টি হৈছে ভয়াৱহ প্লাৱন। বাতৰি লিখা পৰলৈকে অপৰিৱৰ্তিত হৈ আছে সমষ্টিটোৰ জটিল বান পৰিস্থিতিৰ। ইতিমধ্যে নকুছি পাথাৰ আৰু ২ নং মেধিকুছি-কটহবাৰীত পহুমৰা নদীৰ মথাউৰি ছিঙি গৈছে। পহুমৰা নদীৰ মথাউৰি ছিঙি ২নং মেধিকুছি-কটহবাৰী গাঁৱৰ মথাউৰিৰ নিকটৱৰ্তী স্থানত বাস কৰা প্ৰায় ১১টা পৰিয়ালৰ বাসগৃহ  ধ্বংস হোৱা বুলি জানিব পৰা গৈছে। শতাধিক গাঁৱৰ ৰাস্তা-ঘাট, ঘৰ-দুৱাৰ সম্প্ৰতি পানীৰ তলতেই আছে। প্ৰলয়ংকৰী বানত দিশহাৰা হৈ কেইবাখনো গাঁৱৰ ৰাইজে ঘৰ এৰি পলাইছে। প্ৰশাসনৰ তৰফৰ পৰা স্থাপন কৰা আশ্ৰয় শিবিৰৰ উপৰি ওখ ওখ ঠাইত আশ্ৰয় লৈছে বানাক্ৰান্তই। উল্লেখ্য যে আজি ভৱানীপুৰ বিধানসভা সমষ্টিৰ জটিল বান পৰিস্থিতি পৰিদৰ্শন কৰে অসম চৰকাৰৰ তিনিগৰাকী কেবিনেট মন্ত্ৰী ক্ৰমে যোগেন মহন, নন্দিতা গাৰ্লোছা আৰু ৰঞ্জিত কুমাৰ দাসে।তিনিওগৰাকী মন্ত্ৰীৰ লগতে সমষ্টিটোৰ বিধায়ক ফণীধৰ তালুকদাৰে সমষ্টিৰ বহুতো বানাক্ৰান্ত অঞ্চল পৰিদৰ্শন কৰি দুৰ্গত ৰাইজৰ ক্ষয়-ক্ষতিৰ বুজ লয়। উল্লেখ্য যে মন্ত্ৰী যোগেন মহনে আজি ২নং মেধিকুছি-কটহবাৰীত পহুমৰা নদীৰ মথাউৰিৰ ছিঙা স্থান পৰিদৰ্শন কৰাৰ লগতে বানত বিধ্বস্ত পৰিয়ালক সাক্ষাৎ কৰি ক্ষয়-ক্ষতিৰ বুজ লয়। মন্ত্ৰী যোগেন মহনে সংবাদ মাধ্যমৰ আগত কয় যে বানত যিসকল পৰিয়ালৰ ঘৰ বিধ্বস্ত হৈছে, তেওঁলোকক এক লাখ বিশ হাজাৰ টকাকৈ চৰকাৰে সাহায্য প্ৰদান কৰিব। বানত ধ্বংস হোৱা জুপুৰি ঘৰ, পশু আদিৰ বাবেও সাহায্য প্ৰদান কৰিব। সোনকালেই বানত ক্ষতিগ্ৰস্তক সাহায্য দিয়া হ’ব। ৰেচন,আশ্ৰয় শিবিৰৰ ব্যৱস্থা কৰা হৈছে’। উল্লেখ্য যে মন্ত্ৰী যোগেন মহন, নন্দিতা গাৰ্লোছা আৰু ৰঞ্জিত কুমাৰ দাসে ভৱানীপুৰ বিধানসভা সমষ্টিৰ বান পৰিস্থিতি পৰিদৰ্শন কৰি বানাক্ৰান্তক উদ্ধাৰ আৰু পৰ্যাপ্ত পৰিমাণে সাহায্য প্ৰদানৰ বাবে প্ৰশাসনক নিৰ্দেশ দিয়ে।

 প্ৰেৰক ভূষণ তালুকদাৰ

You might also like