নিয়মীয়া বাৰ্তা, ২৪ জুনঃ কামৰূপ জিলাৰ জ্ঞানৰ পোহৰ বিলোৱা উচ্চ শিক্ষাৰ অনুষ্ঠান জৱাহৰলাল নেহৰু মহাবিদ্যালয়, বকোত শনিবাৰে অনুষ্ঠিত হয় অসম কলেজ অধ্যক্ষ পৰিষদৰ বাৰ্ষিক সাধাৰণ সভা। বাৰ্ষিক সাধাৰণ সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে শিক্ষামন্ত্ৰী ৰণোজ পেগু, অসম চৰকাৰৰ শিক্ষা বিভাগৰ উপদেষ্টা ননীগোপাল মহন্ত, বকো জৱাহৰলাল নেহৰু মহাবিদ্যালয়ৰ অধ্যক্ষ তপন দত্ত, জৱাহৰলাল নেহৰু মহাবিদ্যালয়ৰ স্থায়ী কমিটীৰ সভাপতি লক্ষীকান্ত শৰ্মা, অসম কলজ অধ্যক্ষ পৰিষদৰ সভাপতি ড° সৌমাৰজ্যোতি মহন্ত, সম্পাদক ড° ৰঞ্জন কলিতাৰ লগতে অসম কলেজ অধ্যক্ষ পৰিষদৰ অন্তৰ্গত বিভিন্ন মহাবিদ্যালয়ৰ অধ্যক্ষসকল। এই সভাত শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে ভাষণ প্ৰসংগত মহাবিদ্যালয়ৰ শিক্ষাৰ মান উন্নত কৰাৰ লগতে ছাত্ৰ-ছাত্ৰীক ভৱিষ্যতৰ বাট-পথ দেখুৱাবলৈ আহ্বান জনায়। লগতে উপস্থিত থকা আটাইকেইজন অতিথিয়ে শিক্ষাৰ মান উন্নত কৰাৰ ক্ষেত্ৰত সকলোকে গুৰুত্ব দিবলৈ আহ্বান জনায়।
প্ৰেৰক প্ৰীতম বায়ন