নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধুবুৰীৰ প্ৰমথেশ বৰুৱা মঞ্চৰ দুৰৱস্থা

🔴 নাটকৰ ঠাইত অনুষ্ঠিত হৈ আহিছে বিয়া-সবাহ, মাংগলিক অনুষ্ঠান

🔴 মঞ্চৰ সন্মুখত নিৰ্মাণ কৰা হৈছে ধুবুৰী পৌৰসভাৰ গেৰেজ

নিয়মীয়া বাৰ্তা, ২৪ জুনঃ ভাৰতীয় বোলছবি জগতৰ প্ৰখ্যাত অভিনেতা, চলচ্চিত্ৰ পৰিচালক আৰু চিত্ৰনাট্য লেখক তথা অসমৰ ধুবুৰী জিলাৰ গৌৰীপুৰৰ ৰাজপৰিয়ালৰ সন্তান প্ৰমথেশ বৰুৱাৰ নামেৰে নামাংকিত ধুবুৰী চহৰস্থিত “প্ৰমথেশ বৰুৱা মঞ্চ”ৰ দুৰৱস্থাক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ধুবুৰীৰ সচেতন মহলত। উল্লেখ্য যে চহৰখনৰ ২নং ৱাৰ্ডত অ’পেন এয়াৰ থিয়েটাৰ” কৰ্তৃপক্ষৰ এটি ভৱন আছে। স্থানীয় ৰাইজৰ মাজত “চিলড্ৰেন পাৰ্ক” বুলি পৰিচিত সেই উদ্যানত থকা তিনিমহলীয়া সেই ভৱনটোৰ তলৰ মহলাৰ মাজৰ অংশত আছে এখন স্থায়ী মঞ্চ। উল্লেখ্য যে “অ’পেন এয়াৰ থিয়েটাৰ কৰ্তৃপক্ষ”ৰ সেই মঞ্চখন ভাৰতীয় চলচিত্ৰ জগতৰ ভোটাতৰাস্বৰূপ প্ৰমথেশ বৰুৱাৰ নামেৰে “প্ৰমথেশ বৰুৱা মঞ্চ” নামাংকিত কৰা হৈছিল। মূলতঃ ধুবুৰীত নাট্য সংস্কৃতি গঢ়ি তোলাৰ লক্ষ্যৰে নিৰ্মাণ কৰা হৈছিল সেই মঞ্চখন। পিছে দীৰ্ঘদিনৰ পৰাই সেই মঞ্চখনত বিয়া-সবাহ অথবা অইন কোনো মাংগলিক অনুষ্ঠান অনুষ্ঠিত হোৱাহে প্ৰত্যক্ষ হৈছে। ইপিনে, শেহতীয়াভাৱে মঞ্চখনৰ সন্মুখৰ এটা অংশত পকী বেৰ নিৰ্মাণ কৰি ধুবুৰী পৌৰসভাৰ বিভিন্ন বাহন, জাবৰ-জোঁথৰ পেলাবলৈ ব্যৱহাৰ কৰা বাহনকে ধৰি পাইখানাৰ টেংকি পৰিষ্কাৰ কৰিবলৈ ব্যৱহাৰ কৰা বাহনৰো গেৰেজৰূপে ব্যৱহাৰ কৰিবলৈ লৈছে। ফলত “প্ৰমথেশ বৰুৱা মঞ্চ”খনৰ সন্মুখৰ সামগ্ৰিক পৰিৱেশ অতিকৈ দৃষ্টিকটু হৈ পৰা দেখা গৈছে। পৰিতাপৰ বিষয় এয়াও যে প্ৰথমবাৰৰ বাবে ভাৰতীয় বোলছবি জগতত কৃত্ৰিম পোহৰেৰে নিৰ্মাণ কৰা অপৰাধ, দেৱদাস আদি বিভিন্ন কালজয়ী চলচ্চিত্ৰৰ জনক প্ৰমথেশ বৰুৱাৰ নামেৰে নামাংকিত মঞ্চ এখনত এইদৰে দীৰ্ঘদিনৰ পৰাই বিয়া-সবাহ অথবা বিভিন্ন মাংগলিক অনুষ্ঠান অনুষ্ঠিত হৈ অহাৰ বিষয়টোক লৈ আজিলৈ মাত মতা দেখা যোৱা নাই স্থানীয় কোনো ৰাজনৈতিক-অৰাজনৈতিক দল-সংগঠন অথবা জনপ্ৰতিনিধিয়ে। তদ্ৰূপ ধুবুৰী পৌৰসভা কৰ্তৃপক্ষই মঞ্চখনৰ সন্মুখত পকী বেৰ দিয়াৰ ঘটনাক লৈও মৌন হৈ থকা দেখা গৈছে সেইসকলে। ইয়াৰ মাজতে কিন্তু অ’পেন এয়াৰ থিয়েটাৰ আৰু ধুবুৰী পৌৰসভা কৰ্তৃপক্ষৰ এনে অবিবেচক কৰ্মকাণ্ডত ভিতৰি ভিতৰি ধুবুৰীৰ সচেতন মহলত তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হোৱা দেখা গৈছে।

প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী

You might also like