নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বৰ্তমানৰ শিক্ষা ব্যৱস্থা বিষয়কেন্দ্ৰিক, বিদ্যাৰ্থীকেন্দ্ৰিক নহয়- দিগন্ত বিশ্ব শৰ্মা

🔷 বকোত অসম কলেজ অধ্যক্ষ পৰিষদৰ অধিৱেশনত চিন্তাবিদ দিগন্ত বিশ্ব শৰ্মা

🔷 বৰ্তমানৰ শিক্ষা ব্যৱস্থাত জন্ম নহয় ভীষ্ম-অৰ্জুন-কৰ্ণ-বিদুৰ-অশ্বত্থামাৰ দৰে প্ৰতিভাসম্পন্ন ব্যক্তিৰ 

নিয়মীয়া বাৰ্তা, ২৪ জুনঃ কামৰূপ জিলাৰ বকো বিধানসভা সমষ্টিৰ জ্ঞানৰ পোহৰ বিলোৱা উচ্চ শিক্ষাৰ অনুষ্ঠান জৱাহৰলাল নেহৰু মহাবিদ্যালয়ত শনিবাৰে অনুষ্ঠিত হয় অসম কলেজ অধ্যক্ষ পৰিষদৰ বাৰ্ষিক সাধাৰণ অধিৱেশন। বাৰ্ষিক সাধাৰণ অধিৱেশনৰ লগত সংগতি ৰাখি আবেলিৰ ভাগত “ভাৰতৰ বিবেকানন্দ-শ্ৰীঅৰবিন্দৰ আলোকত ভাৰতৰ শিক্ষাদৃষ্টিত এভুমুকি” শীৰ্ষক এখন আলোচনা-চক্ৰ অনুষ্ঠিত হয়। এই আলোচনা-চক্ৰত মুখ্য বক্তা হিচাপে উপস্থিত থাকে বিশিষ্ট চিন্তাবিদ-লেখক দিগন্ত বিশ্ব শৰ্মা, বকো জৱাহৰলাল নেহৰু মহাবিদ্যালয়ৰ অধ্যক্ষ তপন দত্ত, অসম কলেজ অধ্যক্ষ পৰিষদৰ সভাপতি ড° সৌমাৰজ্যোতি মহন্ত, সম্পাদক ড° ৰঞ্জন কলিতাৰ লগতে অসম কলেজ অধ্যক্ষ পৰিষদৰ বিভিন্ন মহাবিদ্যালয়ৰ অধ্যক্ষসকল। দিগন্ত বিশ্ব শৰ্মাক অসম কলেজ অধ্যক্ষ পৰিষদৰ ফালৰ পৰা এখন ফুলাম গামোচা আৰু এখন শৰাইৰে সম্ভাষণ জনায়। অসম কলেজ অধ্যক্ষ পৰিষদৰ অন্তৰ্গত অসমৰ বিভিন্ন মহাবিদ্যালয়ৰ পৰা অহা অধ্যক্ষসকলক বৰ্তমানৰ শিক্ষা নীতিৰ সৈতে বৰ্তমানৰ শিক্ষা ব্যৱস্থাৰ উত্তৰণৰ বিষয়ে আলোকপাত কৰি দিগন্ত বিশ্ব শৰ্মাই কয় যে আমাৰ শিক্ষা ব্যৱস্থা বিষয়কেন্দ্ৰিক, বিদ্যাৰ্থীকেন্দ্ৰিক নহয়। সেয়ে এনে শিক্ষা ব্যৱস্থাৰ জৰিয়তে ভীষ্ম-অৰ্জুন-কৰ্ণ-বিদুৰ-অশ্বত্থামাৰ দৰে প্ৰতিভাসম্পন্ন ব্যক্তিৰ জন্ম দিব পৰা নাই।

তেওঁ প্ৰয়াত প্ৰশাসনিক বিষয়া কীৰিত যোশীৰ এক লেখাৰ পৰা অধ্যক্ষসকলক উদ্দেশ্যি কয় যে শিক্ষাই কি বস্তু প্ৰতিফলন কৰে, কি বস্তু পোষণ কৰে, মানুহৰ পৃথিৱীৰ সৈতে সম্বন্ধ কি; শিক্ষাই আৰু এটা দায়িত্ব পালন কৰে এটা যুগত যে মই তাৰ উত্তৰ সঞ্চয় কৰিলোঁ।সেই যুগক মই এটা যুগৰ পৰা আন এটা যুগলৈ কঢ়িয়াই লৈ যাব লাগিব।’ লগতে বৰ্তমানৰ প্ৰতিযোগিতাৰ যুগত আমি বৰ্তমানৰ শিক্ষা ব্যৱস্থাক কেনেদৰে ক্ষিপ্ৰগতিত আগুৱাই নিব পৰা যায়, তাৰ বিষয়েও কিছু সম্যক জ্ঞান দিয়ে। শিক্ষাবিদগৰাকীয়ে বিবেকানন্দ, প্ৰয়াত প্ৰশাসনিক বিষয়া তথা ঋষিতুল্য ব্যক্তি কীৰিত যোশী আৰু শ্ৰীঅৰবিন্দৰ কথাৰে অধ্যক্ষসকলক বিভিন্ন ধৰণৰ বৰ্তমানৰ শিক্ষা ব্যৱস্থা আৰু ভাৰতৰ শিক্ষাদৃষ্টিৰ বিষয়ে চমু আভাসেৰে বৰ্ণনা দিয়ে। বৰ্তমানৰ শিক্ষা ব্যৱস্থাক শ্ৰীঅৰবিন্দৰ শিষ্য নলিনী কুমাৰ গুপ্তাৰ মতে বৰ্তমানৰ শিক্ষা ব্যৱস্থা বুলি কলে তিনিটা বস্তুই বুজি পাওঁ। তিনিটা বস্তু হল- বিষয় ব্যুৎপত্তি, বস্তুৰ পৰিচয় আৰু বৃত্তিৰ উৎকৰ্ষ।ভাৰতীয় শিক্ষা দৃষ্টি আৰু আধুনিক শিক্ষা ব্যৱস্থাৰ অংগ তিনিটাই। বৃত্তিৰ উৎকৰ্ষই হল আটাইতকৈ আধুনিক শিক্ষা ব্যৱস্থাৰ উপযুক্ত অংগ। বৃত্তিৰ উৎকৰ্ষক শিক্ষা জগতে দ্বিতীয় বিশ্বযুদ্ধৰ পিছৰে পৰা গ্ৰহণ কৰিছে বুলি শিক্ষাবিদগৰাকীয়ে বৰ্ণনা কৰে।

প্ৰেৰক প্ৰীতম বায়ন

You might also like