নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজিৰ দিনটোৰ ৰাশিফল

আজি ২৫ জুন, আহাৰ মাহৰ ৯ তাৰিখ
দেওবাৰঃ তিথি–শুক্লা সপ্তমী, নক্ষত্রঃ পূর্বফাল্গুনী, যাত্রাঃ ব্যাতীপাত

মেষঃ সাংসাৰিক দিশত শান্তি বজাই থাকিব ৷ সামাজিক সেৱাই মনত শান্তি দিব ৷ সন্তানৰ দিশত চিন্তা বৃদ্ধি ৷ শিক্ষার্থীসকলৰ বাবে আজি দিনটো শুভ ৷ প্রেমত বাধা দেখা যায় ৷ শুভ ৰং ৰঙা, শুভ সংখ্যা ৭ ৷
বৃষঃ কর্মক্ষেত্রত সহকর্মীৰ লগত বিবাদ হ’ব পাৰে ৷ নিজৰ ভুলৰ বাবে কিছু মূল্যৱান বস্তু হেৰুৱাব পাৰে ৷ যিসকল ব্যক্তিয়ে যান–বাহন চলায়, আজি দিনটো সাৱধানে থাকক ৷ শুভ ৰং হালধীয়া, শুভ সংখ্যা ২ ৷
মিথুনঃ বন্ধুৰ কথা শুনি বিপদত পৰিব পাৰে ৷ আন্ত্রিক জাতীয় ৰাগত ভুগিব পাৰে ৷ ব্যৱসায় ক্ষেত্রত উন্নতিৰ যোগ ৷ কাম বৃদ্ধি হোৱাৰ বাবে মানসিকভাৱে যন্ত্রণা হ’ব পাৰে ৷ শুভ ৰং গুলপীয়া, শুভ সংখ্যা ৬ ৷
কর্কটঃ ঘৰুৱা ক্ষেত্রত অশান্তি হ’ব পাৰে ৷ শত্রুৰ পৰা সাৱধানে থাকক ৷ স্ত্রীৰ বুদ্ধিয়ে আপোনাক লাভৱান কৰিব ৷ প্রেমৰ দিশত কাৰোবাৰ বাবে অশান্তি হ’ব পাৰে ৷ শুভ ৰং সেউজীয়া, শুভ সংখ্যা ৩ ৷
সিংহঃ অতিৰিক্ত ব্যয়ে আপোনাক চিন্তাত পেলাব পাৰে ৷ বিদ্যার্থীসকলৰ বাবে নতুন সুযোগ দেখা যায় ৷ আগৰ ব্যৱসায় নতুনকৈ আৰম্ভ কৰিব পাৰে ৷ শুভ ৰং নীলা, শুভ সংখ্যা ১ ৷
কন্যাঃ দীর্ঘ প্রতীক্ষাৰ পাছত পদোন্নতিৰ খবৰ আহিব পাৰে ৷ ভ্রমণৰ দিশত বাধা দেখা যায় ৷ গোটেই দিনটো ব্যস্ততাৰ মাজেৰে পাৰ হৈ যাব ৷ প্রেমত শুভ ফল ৷ শুভ ৰং মাখন, শুভ সংখ্যা ৫ ৷
তুলাঃ বন্ধুৰ প্রচুৰ অর্থ অপচয় হ’ব পাৰে ৷ ৰাস্তা–ঘাটত দুর্ঘটনা হ’ব পাৰে ৷ সন্তানৰ কাৰণে ব্যৱসায়ত লোকচান হ’ব ৷ সামাজিক কামত নগ’লে ভাল হ’ব ৷ বিপদ হ’ব পাৰে ৷ শুভ ৰং ক’লা, শুভ সংখ্যা ৮ ৷
বৃশ্চিকঃ অতিৰিক্ত ভাবাৱেগে আপোনাক বিপদত পেলাব পাৰে ৷ ৰৈ থকা কাম আৰম্ভ হ’ব ৷ পৰাপক্ষত স্বাস্থ্যৰ প্রতি গুৰুত্ব দিয়ক ৷ উচ্চ শিক্ষাৰ শুভ ফল ৷ শুভ ৰং মটীয়া, শুভ সংখ্যা ২ ৷
ধনুঃ আপোনাৰ ভাল ব্যৱহাৰে আজি আপোনাক অশান্তি দিব পাৰে ৷ সন্তানৰ ভৱিষ্যতৰ বাবে চিন্তা বৃদ্ধি ৷ শুভ ৰং সেউজীয়া, শুভ সংখ্যা ৯ ৷
মকৰঃ বিদ্যার্থীসকলৰ বাবে বিদেশ যাত্রা হ’ব পাৰে ৷ কর্মক্ষেত্রত সন্মানিত হ’ব পাৰে ৷ নতুন গৃহ নির্মাণত বাধা আহিব ৷ সংগীতৰ লগত জড়িত লোকসকলৰ বাবে বিশেষ সুযোগ আহিব পাৰে ৷ শুভ ৰং কমলা ৷ শুভ সংখ্যা ৮ ৷
কুম্ভঃ উচ্চ শিক্ষাৰ ক্ষেত্রত ভাল যোগ দেখা যায় ৷ সন্তানৰ বাবে খৰচ বৃদ্ধি ৷ স্ত্রীৰ কাৰণে মনত কষ্ট বাঢ়িব পাৰে ৷ জটিল সমস্যাৰ সন্মুখীন হ’ব পাৰে ৷ প্রেমত বাধা ৷ শুভ ৰং সোণালী, শুভ সংখ্যা ৫ ৷
মীনঃ নতুন ব্যৱসায় আৰম্ভ হ’ব পাৰে ৷ বায়ুপথত ভ্রমণৰ কিছু সুযোগ আহিব পাৰে ৷ শিক্ষাত শুভ ফল ৷ স্বাস্থ্যৰ প্রতি গুৰুত্ব দিয়ক, অশান্তি হ’ব ৷ শুভ পৰিৱর্তন আপোনাৰ জীৱনত আহিব পাৰে ৷ শুভ ৰং ক’লা, শুভ সংখ্যা ৪ ৷

You might also like